অসমৰ গাঁও
৭৮ প্ৰবন্ধ
-
মিকিৰ বৰা চুক
১৯০৩ চনত প্ৰতিষ্ঠা হোৱা মিকিৰ বৰা চুক গাঁওখন বিশ্বনাথ জিলাৰ পূব প্ৰান্তত অৱস্থিত। তথ্যমতে গাঁৱৰ প্ৰথম পুৰুষ মিকিৰৰ চাংঘৰত জন্ম হোৱা বাবে তেওঁৰ নাম মিকিৰ বৰা ৰাখে আৰু তাৰপৰাই গাঁওখনৰ নাম মিকিৰ বৰা চুক হয়। এই গাঁৱৰ পূৰ্বপুৰুষসকল বৰ্তমান মাজুলী জিলাৰ নাচনীপাৰত বসতি কৰিছিল।
-
মিছা (গাঁও)
মিছা (Missa), (मिसा) অসমৰ নগাঁও জিলাৰ চামগুৰি ৰাজহ চক্ৰৰ এখন গাঁও। গাঁওখন আমলখি গাঁও পঞ্চায়তৰ দ্বাৰা পৰিচালিত আৰু বাজিয়াগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত। গাঁওখনৰ মুঠ ভৌগোলিক আয়তন ২৯২.০৮ হেক্টৰ আৰু জনসংখ্যা ৩,৮৮৭ জন।
-
মূৰ্কংচেলেক
মূৰ্কংচেলেক (ইংৰাজী: Murkongselek) অসমৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত এখন গাঁও। ই অসমৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত আৰু অৰুণাচল প্ৰদেশৰ পূব ছিয়াং জিলাৰ সদৰ পাছিঘাটৰ ওচৰত অৱস্থিত। মূৰ্কংচেলেক অঞ্চলটো অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ।
-
মোৱামাৰী
মোৱামাৰী (Muwamari) নগাঁও জিলাৰ ধিংৰ উত্তৰে ব্ৰহ্মপুত্ৰ নদীৰ কাষত থকা এখন সৰু গাঁও। ইয়াত মুঠ ১৫৬টা পৰিয়ালৰ লোকে বাস কৰে। ২০১১ চনৰ লোকপিয়ল অনুসৰি মোৱামাৰী গাঁৱৰ জনসংখ্যা ৮২৬জন, ইয়াৰ ভিতৰত ৪২৮জন পুৰুষ আৰু ৩৯৮জন মহিলা। মোৱামাৰী গাঁৱৰ ০-৬ বছৰ বয়সৰ শিশু ১৮০জন, মুঠ জনসংখ্যাৰ ২১.৭৯%।
-
যমুনামুখ
যমুনামুখ ( হৈছে অসমৰ হোজাই জিলাৰ এখন গাঁও। যমুনা নদীৰ পাৰত অৱস্থিত কাৰণে গাঁওখনৰ নাম যমুনামুখ হৈছে। জনসংখ্যা প্ৰধানকৈ মুছলমান যদিও ইয়াত উল্লেখযোগ্য হিন্দু সম্প্ৰদায়ো আছে। যমুনামুখত মছজিদ, মন্দিৰ, আদিকে ধৰি কেইবাটাও পূজাস্থলী আছে।
-
যোগীজান
যোগীজান হৈছে অসমৰ হোজাই জিলাৰ অন্তৰ্গত এখন গাঁও। এই গাঁওখন কপিলী নদীৰ পাৰত অৱস্থিত। শিলালিপি তাম্ৰলিপিসমূহত ভূমিদান প্ৰসংগত সিদ্ধযোগীসকলৰ প্ৰসংগৰ অৱতাৰণা কৰিছে। এসময়ত কপিল মুনিয়ে মধ্যঅসমত আশ্ৰম প্ৰতিষ্ঠা কৰিছিল বুলি প্ৰবাদ প্ৰচলিত আছে।
-
লায়েট ন-চুঙী গাঁও
লায়েট ন-চুঙী যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ এখন গাঁও। এই গাঁওখন বিৰিণশায়েক গাঁও পঞ্চায়ত আৰু আমগুৰি খৰিকটীয়া মৌজাৰ অন্তৰ্গত॥গাঁওখনৰ দাঁতি-কাষৰীয়া গাঁওকেইখন হ’ল- ফালেঙীচুক, বেপাৰীচুক, হাঁহখোৱা চুক,হাতীপৰা, মৰাণি চুক চেলাউৰীয়া, চেঙেলীচুক, দিহিঙ্গীয়া, অগ্নিগাঁও আৰু বিৰিণাশায়েক গাঁও।
-
শঁলাল গাঁও
শঁলাল গাওঁ অসমৰ লখিমপুৰ জিলাৰ অন্তৰ্গত এখন গাঁও। উত্তৰ লখিমপুৰ, বিহপুৰীয়া, ঢকুৱাখনা, নাওবৈচা, নাৰায়ণপুৰ আদি শলাল গাঁৱৰ নিকটবৰ্তী চহৰ।
-
শালকোচা
শালকোচা অসম ৰাজ্যৰ ধুবুৰী জিলাৰ চাপৰ চহৰৰ অন্তৰ্গত এখন গাঁও আৰু গাঁও পঞ্চায়ত। এই গাঁওখন বিলাসীপাৰা পূব বিধানসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।
-
শিকদামাখা
শিকদামাখা অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ উমছৱাই উপত্যকাত অৱস্থিত এখন পাহাৰীয়া গাঁও। গাঁওখন আমৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰু বৈঠালাংছ' বিধানসভা সমষ্টিৰ সৈতে জড়িত। শিকদামাখা ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, প্ৰাকৃতিক সৌন্দৰ্য আৰু তিৱা সাংস্কৃতিক পৰম্পৰাৰ বাবে পৰিচিত।
-
শিমলাবাৰী
শিমলাবাৰী (যাক শিমলুবাৰী বুলিও জনা যায়) ভাৰতৰ অসম ৰাজ্যৰ বাক্সা জিলাৰ অন্তৰ্গত এখন লোকপিয়ল গাঁও। ২০১১ চনৰ ভাৰতৰ লোকপিয়লৰ তথ্য অনুসৰি, শিমলাবাৰী গাঁৱৰ মুঠ জনসংখ্যা আছিল ৪,৩৫৭ জন; যাৰ ভিতৰত ২,২০৬ জন পুৰুষ আৰু ২,১৫১ গৰাকী মহিলা। গাঁওখনৰ সাক্ষৰতাৰ হাৰ ৫৪.৫৬%।
-
সাতপখলী
সাতপখলী (Satpakhali) অসমৰ কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত এখন আদৰ্শ গাঁও। ২০১৪ চনত গুৱাহাটী লোকসভা সমষ্টিৰ তেতিয়াৰ সাংসদ বিজয়া চক্ৰৱৰ্তীয়ে সাংসদ আদৰ্শ গ্ৰাম যোজনাৰ অধীনত সাতপখলীক এখন আদৰ্শ গাঁও হিচাপে নিৰ্বাচন কৰে। জনশ্ৰুতিমতে, গাঁওখনৰ দক্ষিণে বৰভিঠা নামেৰে ঠাইত সাতটা পখলী আছিল।
-
সৰলপাৰা
সৰলপাৰা এফ.ভি (Saralpara) অসমৰ কোকৰাঝাৰ জিলাত অৱস্থিত এখন গাঁও। এই গাঁওখন কোকৰাঝাৰ চহৰৰ পৰা ৫৬ কিলোমিটাৰ (৩৫ মাইল) দূৰৈত, ভাৰত-ভূটান সীমান্তৰ ওচৰত অৱস্থিত। সৰলপাৰা ইয়াৰ প্ৰাকৃতিক পৰিৱেশ আৰু সাংস্কৃতিক বৈচিত্ৰ্যৰ বাবে পৰিচিত।
-
হাৰিভাংগা
হাৰিভাংগা (Haribhanga) অসমৰ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত নামবৰভাগ মৌজাৰ পূব অংশত অৱস্থিত এখন বৃহৎ গাঁও। গাঁওখনত চুবুৰীৰ সংখ্যা ১৮ টা।
-
হৰিপুৰ গাঁও
হৰিপুৰ গাঁওখন শদিয়া মহকুমা তথা শদিয়া মৌজাৰ অন্তৰ্গত। শদিয়া মহকুমাৰ সদৰ ঠাই চপাখোৱৰ পশ্চিম দিশত হৰিপুৰ গাঁও অৱস্থিত। এই গাঁওখন চপাখোৱাৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। হৰিপুৰলৈ যাবলৈ ইচলামপুৰ তিনিআলিৰ পৰা ফালৰি কাতি যোৱা পথটোৰে যাব লাগে।
-
হৰিৰহাট
হৰিৰহাট ভাৰতৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ গোলকগঞ্জ মহকুমাত এখন সৰু গাঁও আৰু বজাৰ। ই প্ৰাচীন বসতিস্থল "পূৰ্ণি গাঁও" অঞ্চলৰ অংশ। পূৰ্ণি গাওঁত অৱস্থিত স্থানীয় পঞ্চায়ত কাৰ্যালয়ে হৰিৰহাট গাঁও পঞ্চায়তৰ পৰিচালনা কৰে।
-
ৰাজাবিল
ভাৰতৰ অসমৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত এখন ৰাজহ গাঁও ৰাজাবিল। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি ৰাজাবিল গাঁৱৰ মুঠ জনসংখ্যা ১৮৯১ জন, তাৰে পুৰুষ ৯৩৯ জন আৰু মহিলা ৯৫২জনী আছে।ৰাজাবিল গাঁৱত এখন চুইচ গেট আছে, যিখনে বাৰিষাৰ সময়ত পানীৰ স্তৰ নিয়ন্ত্ৰণ আৰু ক্ষন্তেকীয়া বানপানী প্ৰতিৰোধ কৰাত…
-
ৰূপহী, নগাঁও
ৰূপহী বা ৰূপহী গাঁও অসমৰ নগাঁও জিলাৰ নগাঁও মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখন নগাঁও চহৰৰপৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি ৰূপহী গাঁৱৰ মুঠ জনসংখ্যা ৫,১০০ জন। ইয়াৰে ২,৫৯৮ জন পুৰুষ আৰু ২,৫০২ গৰাকী মহিলা। গাঁওখনত মুঠ ৯৯১টা পৰিয়াল আছিল।