অসমৰ গাঁও
৭৮ প্ৰবন্ধ
-
হৰলটাৰী
হৰলটাৰী ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ সোণাময়ী গাওঁ পঞ্চায়তৰ অন্তৰ্গত এখন গাঁও। ই সাপটগ্ৰাম চহৰৰ পৰা ৬ কিল'মিটাৰ আৰু বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ১৫ কিল'মিটাৰ দূৰত অৱস্থিত। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি হৰলটাৰী গাঁৱৰ স্থান ক'ড ২৮১১৮৫। হৰলটাৰী গাঁৱত এটা ডাকঘৰ আছে। ইয়াৰ পিন ক'ড ৭৮৩৩৩৭।
-
ৰজাগাঁও
ৰজাগাঁও (Rajagaon) নগাঁও জিলাৰ দক্ষিণ প্ৰান্তৰ এখনি সৰু ঠাই যদিওবা ই শিক্ষা দীক্ষাত আগবঢ়া। ইয়াত এখন ছোৱালী হাইস্কুল, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন ডিগ্ৰী কলেজ (কাজিৰঙা মহাবিদ্যালয়, ) আছে। ৰজাগাঁও, শিঙিমাৰী পঞ্চায়তৰ অন্তৰ্গত।
-
ৰণথলী
ৰণথলী অসমৰ নগাঁও জিলাৰ এখন গাঁও। গাঁওখন নগাঁও চহৰৰ ওচৰত অৱস্থিত আৰু অসমীয়া গহনা নিৰ্মাণৰ বাবে বিশেষভাৱে পৰিচিত। ৰণথলী অসমৰ পৰম্পৰাগত সোণ আৰু ৰূপৰ গহনা নিৰ্মাণৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ। গাঁওখনৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সৈতে গহনা নিৰ্মাণৰ ঘনিষ্ঠ সম্পৰ্ক আছে।
-
আঠিয়াবাৰী
ভাৰতৰ অসম ৰাজ্যৰ অন্তৰ্গত বাক্সা জিলাৰ এখন লোকপিয়ল গাঁও আঠিয়াবাৰী। ২০১১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি আঠিয়াবাৰী গাঁৱৰ মুঠ জনসংখ্যা ৪,২৩৪ জন, তাৰে পুৰুষ ২,১৪১জন আৰু মহিলা ২,০৯৩জনী আছে।
-
উষাপুৰ
উষাপুৰ ডিব্ৰুগড় জিলাৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন গাঁও৷ উষাপুৰ গাঁৱৰ পূবে গৰীয়াবাম গাঁও, পশ্চিমে বুঢ়ীদিহিং নৈ, উত্তৰে পদুমনি,ৰূপহী গাঁও আৰু দক্ষিণে টিপাম গাঁও৷ যথেষ্ঠ সাৰুৱা এই অঞ্চলত অইলৰ কেইবাটাও তৈল খাদৰ ওপৰি এটা অ চি এছ আছে৷
-
কচুপথাৰ গাঁও
কচুপথাৰ গাঁও হৈছে অসমৰ চৰাইদেউ জিলাৰ অন্তৰ্গত মাহমৰা ৰাজহ চক্ৰৰ অধীনস্থ এখন ৰাজহ গাঁঁও। এইখন গাঁৱৰ পূবে জজলী হাবি গাঁও, পশ্চিমে খোকামৰা লাওজান গাঁও, উত্তৰে টিফুক নৈ আৰু দক্ষিণে মৰাণজান গাঁও অৱস্থিত। গাঁওখনত প্ৰায় ৮০০ জন লোক বসবাস কৰে।
-
কঠিয়াতলি
কঠীয়াতলি হৈছে নগাঁও জিলাৰ এখন গাঁও। গাঁওখনৰ মাজেদি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথখন পাৰ হৈছে। কঠীয়াতলি গাঁওখন নগাওঁ চহৰৰ পৰা ২০ কিঃমিঃ দক্ষিণত অৱস্থিত।
-
কড়াইগুড়ি
কড়াইগুড়ি এখন গাঁও আছিল৷ গাঁওখনত এডাল প্ৰকাণ্ড ডাঙৰ আৰু ওখ কৰাই গছ আছিল বাবে গাঁওখনৰ নাম কড়াইগুড়ি৷ বৰ্তমান গাঁওখন শালীধানৰ খেতি পথাৰ৷ কড়াইগুড়ি গাঁৱৰ বাসিন্দাসকলে সময়ত উঠা দি আহি আহি কিছোঁৰীডোবা আৰু কালাঝাৰ গাঁও পাতে৷ সেই কড়াইগুড়ি ঠাইত কেৱল “আই ঠাকুৰাণী” গোঁসানীৰ থানটোহে বিদ্যমান৷
-
কমাৰবন্ধা আলি
কমাৰবন্ধা আলি হৈছে গোলাঘাট জিলাৰ অন্তৰ্গত এক ঐতিহ্যমণ্ডিত অঞ্চল। ইতিহাস প্ৰসিদ্ধ ধোদৰ আলিক যোৰহাট নগৰৰে স্ংযোগ কৰা কমাৰবন্ধা আলিয়ে চুই যোৱা বৃহৎ অঞ্চলটিয়ে সামৰি লয়, প্ৰখ্যাত দক্ষিণহেঙেৰা বজাৰ, দোলাষৰীয়া বজাৰ, বৰজান চাহ বাগিচা, শালিকীহাট আৰু কমাৰবন্ধা তিনি আলি।
-
খাদৈচুক গাঁও
খাদৈচুক (Khadoi chuck) অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ এখন গাঁও। জামুগুৰিহাটৰ কেন্দ্ৰ অংশৰপৰা পশ্চিম দিশলৈ প্ৰায় ১.৫ কিলোমিটাৰ দূৰৈত এই গাঁওখন অৱস্থিত। বৃহত্তৰ ন-দুৱাৰ অঞ্চলৰ এই গাঁওখনৰ লোকসকল নাথ-যোগী সম্প্ৰদায়ৰ। মূলতঃ জামুগুৰি-চকিঘাট সংযোগী পথৰ দুয়োপাৰে এই গাঁৱৰ বসতি বিস্তাৰিত হৈছে।
-
খুদিমাৰী
খুদিমাৰী ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ ধুবুৰী জিলাৰ অন্তৰ্গত এখন সৰু গাঁও। এই গাঁওখন গৌৰীপুৰ চহৰৰ পৰা কিছু নিলগত অৱস্থিত। খুদিমাৰী নদীখন এই গাঁৱৰ মাজেৰেই বৈ গৈছে।
-
গাৰামদেউ
গৰামদেউ (Garamdeu) ভাৰতৰ অসম ৰাজ্যৰ বাক্সা জিলাৰ মুছলপুৰ চহৰৰ ওচৰৰ এখন গাঁও।
-
গোহাঁই টেকেলা গাঁও
গোহাঁই টেকেলা গাঁও যোৰহাট মহানগৰৰ পূৱত অবস্থিত এখন সৰু গাঁও। ইয়াৰ দক্ষিণ দিশৰপৰা পশ্চিমলৈ ভোগদৈ নদী বৈ গৈছে। উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁইপথ আৰু পূবে ২ নং বামুন গাঁও অৱস্থিত। গোহাঁই টেকেলা গাঁৱত প্ৰায় ৫৮৯ ঘৰত প্ৰায় ২৫৯৩ মানুহে বসবাস কৰে।
-
চোকাপাৰা
চোকাপাৰা অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা উপ-বিভাগৰ অন্তৰ্গত লক্ষীগঞ্জ গাঁও পঞ্চায়তৰ অধীনস্থ এখন গাঁও। এই গাঁওখন বিলাসীপাৰা চহৰৰ পৰা প্ৰায় ৭ কিলোমিটাৰ উত্তৰে অৱস্থিত। পূৰ্বৰ গোৱালপাৰা জিলাৰ অন্যতম পুৰণি ৰাজহ গাঁও হিচাপে চোকাপাৰাৰ ঐতিহাসিক গুৰুত্ব আছে।
-
জামবাৰী
জামবাৰী অসমৰ কামৰূপ জিলাৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত বনগাঁও মৌজাৰ এখন অন্যতম গাঁও৷ জামবাৰীত এছিয়াৰ প্ৰথমটো বাঁহ উদ্যোগ স্থাপন কৰা হৈছে৷ মামণি ৰয়ছম গোস্বামীৰ উপৰি পুৰুষে আমৰাঙাত বসতি স্থাপন কৰাৰ পূৰ্বে জামবাৰীত বসবাস কৰিছিল৷ জামবাৰীত তেওঁলোকৰ উপৰি পুৰুষৰ সত্ৰ জামবাৰী সত্ৰৰ নিশ্চিহ্ন ৰূপ বৰ্তমানেও…
-
টিহু-দেখাটা
টিহু-দেখাটা (Tihu-dekhata) হৈছে ইতিহাসৰ পাতত নাম নথকা ঐতিহ্যমণ্ডিত এখনি সৰু গাঁও। এই গাঁওখন বৰপেটা জিলাৰ বজালী মহকুমাৰ অন্তৰ্গত সৰিহ মৌজাৰ দক্ষিণ দিশত অৱস্থিত। গাঁওখনৰ আন এটা নাম হৈছে হেলনা, যিটো নামেৰে গাঁওখন জনাজাত; টিহু-দেখাটা গাঁওখনৰ বিভাগীয় নাম।
-
ডিমৌ, ধেমাজি
ডিমৌ (ইংৰাজী: Dimow), লোকপিয়লৰ তথ্যত ডিমৌ চাৰিআলি নামেৰে নথিভুক্ত, ভাৰতৰ অসম ৰাজ্যৰ ধেমাজি জিলাৰ চিচিবৰগাঁও মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখন ডিমৌ গাঁও পঞ্চায়তৰ অন্তৰ্গত। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি ডিমৌ চাৰিআলি গাঁৱৰ মুঠ জনসংখ্যা আছিল ৭৩১ জন আৰু মুঠ পৰিয়ালৰ সংখ্যা আছিল ১৪৬টা।
-
তেতেলিয়া
তেতেলিয়া হৈছে কামৰূপ (মহানগৰ) জিলাৰ সোণাপুৰ ব্লকৰ অন্তৰ্গত এখন গাঁও। অসমৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ উপকণ্ঠ অঞ্চলত এই গাঁওখন অৱস্থিত। তেতেলিয়া, ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে জনাজাত, আৰু ইয়াৰ চাৰিওফালে সেউজীয়া অৰণ্য, পাহাৰ আৰু নদী আছে।
-
দাওধৰা
দাওধৰা ভাৰতৰ অসম ৰাজ্যৰ বাক্সা জিলাৰ শালবাৰী মহকুমাৰ অন্তৰ্গত দাওধৰা এখন ৰাজহ গাঁও। এই গাঁওখন ৰাজধানী চহৰ গুৱাহাটীৰপৰা প্ৰায় ১২৯ কিলোমিটাৰ দূৰত আৰু জিলা সদৰ মুছলপুৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। ২০১১ চনৰ লোকপিয়ল অনুসৰি দাওধৰাৰ স্থান ক'ড বা গাঁৱৰ কোড ৩০৪২৭২।
-
দোতমা
দোতমা হৈছে উত্তৰ-পূবৰ ভাৰতৰ অসম ৰাজ্যৰ বিটিএডিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ এখন নগৰ। এই ঠাইখন জিলা আয়ক, বিকাশমূলক ব্লক আৰু চৰকাৰী দপ্তৰৰ বাবে মুখ্য কেন্দ্ৰ।
-
ধূপধৰা
ধূপধৰা নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে অৱস্থিত এখন গাঁও। ই মেঘালয়ৰ সীমান্তবৰ্তী এখন গাঁও। ইয়াতে ধূপধৰা ষ্টেচন বুলি এখন ৰে'লওয়ে ষ্টেচন আছে। কামাখ্যা জংচন- নিউ বঙাইগাঁও ৰে'ল (গোৱালপাৰায়েদি) লাইনটো ইয়াৰ ওপৰেদি পাৰ হৈছে।
-
নামফাকে
নামফাকে অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ওচৰত অৱস্থিত এখন গাঁও। গাঁওখন টাই ফাকে জনগোষ্ঠীৰ অন্যতম প্ৰধান বসতি আৰু অসমৰ টাই ফাকে সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ কেন্দ্ৰ। বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত এই গাঁওখন ইয়াৰ ভাষা, বৌদ্ধ ধৰ্ম, পৰম্পৰাগত জীৱনধাৰা, উৎসৱ আৰু স্থাপত্যৰ বাবে পৰিচিত।
-
পাটাবাৰী
পাটাবাৰী, যাক সাধাৰণতে পাটাবাৰী দ্বীপ বা পাটাবাৰী গাঁও বুলি জনা যায়, ভাৰতৰ অসম ৰাজ্যৰ চিৰাং জিলাৰ বেংতল মহকুমাৰ অন্তৰ্গত এখন গাঁও। পাটাবাৰীৰ জিলা আৰু মহকুমা সদৰ স্থানসমূহ ক্ৰমে কাজলগাঁও আৰু বেংতল। ইয়াৰ নিকটৱৰ্তী চহৰখন হৈছে বঙাইগাঁও, যি পাটাবাৰীৰপৰা প্ৰায় ৩৭ কিলোমিটাৰ নিলগত অৱস্থিত।
-
পাটেকীবড়ি
পাটেকীবড়ি বা পাতেকীবৰি ( Patekibori) অসমৰ মৰিগাঁও জিলাৰ এখন ঠাই য’ত শংকৰদেৱৰ জন্ম হৈছিল বুলি জনা যায়। মৰিগাঁও জিলাৰ সদৰ ঠাই লাহৰীঘাটৰ পৰা ১৮ কিলোমিটাৰ দূৰত পাটেকীবড়ি অৱস্থিত। মহাপুৰুষ শংকৰদেৱৰ এই পাটেকীবড়ি-আলিপুখুৰী নামৰ এখন গাঁৱত হৈছিল।
-
বকতা জাপিসজীয়া
বকতা জাপিসজীয়া গাঁও (Bokata Japihajia Village) হৈছে অসমৰ এখন গাঁও। গাঁওখন শিৱসাগৰ জিলাৰ বকতা মৌজাৰ পূৱ প্ৰান্তত অৱস্থিত এখন গাঁও। গাঁওখন শিৱসাগৰ মহকুমাৰ অন্তৰ্গত। গাঁওখন নেমুগুৰি থানা, ডাকঘৰ হলগুৰি (চেপন) অধীনত অৱস্থিত। গাঁওখনৰ সীমা দুটা জানেৰে নিৰূপিত কৰিছে বালিজান আৰু বিনুৱাজান।
-
বাঘজান
বাঘজান বা বাঘজান গাঁও অসমৰ তিনিচুকীয়া জিলাৰ ডুমডুমা মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখন তিনিচুকীয়া জিলাৰ উজনি অসমৰ তেল আৰু প্ৰাকৃতিক গেছ উৎপাদন অঞ্চলৰ এটা অংশ। ২০১১ চনৰ ভাৰতীয় লোকপিয়ল অনুসৰি বাঘজান গাঁৱৰ মুঠ জনসংখ্যা আছিল ৪,৪৮৮ জন। ইয়াৰে ২,২৪৪ জন পুৰুষ আৰু ২,২৪৪ গৰাকী মহিলা।
-
বাৰেকুৰি
বাৰেকুৰি অসমৰ তিনিচুকীয়া জিলাৰ এখন গাঁও। ই তিনিচুকীয়া চহৰৰপৰা প্ৰায় ১৯ কিলোমিটাৰ দূৰত অৱস্থিত। বাৰেকুৰি কেইবাখনো সৰু সৰু গাঁও একেলগ হৈ গঠিত এক বৃহৎ গ্ৰাম্য বসতি। বাৰেকুৰি বিশেষকৈ হলৌ বান্দৰৰ সৈতে স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া সহাৱস্থানৰ বাবে পৰিচিত।
-
বিৰিণাশায়েক গাঁও
বিৰিণাশায়েক (Birinasayek) যোৰহাট জিলাৰ তিতাবৰ মহকুমাত অৱস্থিত এখন গাঁও। গাঁওখনৰ মুঠ মাটিকালি ৩১৬.৮২ হেক্টৰ (৩.১৬৮২ বৰ্গ কি:মি:)। গাঁওখনৰ নিকটৱৰ্তী চহৰ তিতাবৰলৈ ইয়াৰ দূৰত্ব প্ৰায় ১০ কি:মি:। ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুযায়ী বিৰিণাশায়েকৰ মুঠ জনবসতি ১,৭৮০।
-
বৰুৱাচুক (কলিয়াবৰ)
বৰুৱাচুক (Baruahchook) অসমৰ নগাঁও জিলাৰ কলিয়াবৰ মহকুমাৰ এখন গাঁও। আহোম ৰজা জয়ধ্বজ সিংহৰ দিনতে সুদূৰ কনৌজৰ পৰা অহা ৰামলাল ভাগৱতী নামৰ এজন ব্যৱসায়ীয়ে বণিজৰ উদ্দেশ্যে আহি এই ঠাইতে থাকিবলৈ লয় আৰু তেওঁৰ সতি-সন্ততিৰ পৰাই এই গাঁওখন ঠন ধৰি উঠে।
-
ভজো
ভজো (ইংৰাজী: Bhojo) অসমৰ চৰাইদেউ জিলাৰ সোণাৰি মহকুমাৰ অন্তৰ্গত এখন গাঁও। গাঁওখনৰ নাম ২০১১ চনৰ লোকপিয়লৰ নথিত ভজো গাঁও হিচাপে উল্লেখ কৰা হৈছে। গাঁওখন সোণাৰি চহৰৰপৰা প্ৰায় ৫–৬ কিলোমিটাৰ দূৰত অৱস্থিত। ভজো অঞ্চলটো ইয়াত থকা ভজো ৰে’ল ষ্টেচনৰ বাবে বিশেষভাৱে পৰিচিত।