জাতিংগা (Jatinga) হৈছে অসমৰ ডিমা হাছাও জিলাৰ অন্তৰ্গত এখন গাঁও। গুৱাহাটীৰ পশ্চিমে প্ৰায় ৩৩০ কিঃমিঃ দূৰত জাতিংগা অৱস্থিত। এই ঠাই টুকুৰা পক্ষীৰ আত্মহত্যাৰ কেন্দ্ৰ ৰূপে জনাজাত।
প্ৰকৃততে ইয়াত পক্ষীসমূহে আত্মহত্যা নকৰে। পক্ষীসমূহক স্থানীয় লোকসকলেহে হত্যা কৰে।১ এই গাঁৱত প্ৰায় ২,৫০০ খাচী জনগোষ্ঠীৰ লোক আৰু কিছু সংখ্যক ডিমাছা লোকে বাস কৰে।
পক্ষীসমূহৰ ৰহস্যজনক মৃত্যু
মৌচুমী ঋতুৰ শেষভাগত, বিশেষকৈ অমাৱস্যা আৰু কুঁৱলীৰে ঢকা ৰাতি ৬বজাৰ পৰা ৯:৩০ বজাৰ ভিতৰত এই ঘটনা হয়। গাঁওবাসীসকলে পক্ষীসমূহক পথভ্ৰষ্ট কৰি পোহৰৰ উৎসলৈ আকৰ্ষিত কৰে। তেওঁলোকে বাঁহৰ খুঁটা ব্যৱহাৰ কৰি পক্ষীসমূহ হত্যা কৰে।২ এই প্ৰাকৃতিক ঘটনাটোৰ বিষয়ে স্থানীয় জনগোষ্ঠীৰ লোকসকলে ভাৱিছিল যে, আকাশৰ পৰা উৰি আহি আত্মাসমূহে তেওঁলোকৰ মাজত আতংক সৃষ্টি কৰিবৰ বাবে আহে। এই ঘটনাটোত Tiger Bittern, Black Bittern, Little Egret, Pond Heron, Indian Pitta আৰু Kingfisher প্ৰজাতিৰ পক্ষীৰ ক্ষতি হয়।৩
১৯৬০ দশকত প্ৰসিদ্ধ প্ৰকৃতিবিদ স্বৰ্গীয় E. P. Gee-এ এই ঘটনাটো সমগ্ৰ বিশ্বৰ আগত প্ৰকাশ কৰে। তেওঁ প্ৰসিদ্ধ ornithologist স্বৰ্গীয় ছলিম আলি ৰ লগত জাতিংগা ভ্ৰমণ কৰে।৪
বৰ্তমান
ৰাষ্ট্ৰনেতা (ইংৰাজী ভাষা:Statesman)ৰ মতে, আচলতে পক্ষীসমূহ পোহৰৰ উৎসলৈ আকৰ্ষিত হয় আৰু মাটিত নমাৰ সময়ত গাঁৱবাসীয়ে ইহঁতক হত্যা কৰে।৫ ভাৰতৰ বিভিন্ন বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত গোটসমূহে পক্ষীসমূহৰ হত্যা ৰোধ কৰিবৰ বাবে অশিক্ষিত গাঁৱবাসী সকলক সচেতন কৰিবৰ বাবে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। ইয়াৰ পিছত, জাতিংগাত পক্ষীসমূহৰ হত্যা প্ৰায় ৪০% হ্ৰাস পায়।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Choudhury, A. U. (1986). Bird killing at Jatinga. The Sentinel 7 September
- ↑ Jatinga Bird Mystery. District Government of Region of North Cachar Hills
- ↑ Assam Tourism: Jatinga. Assam Tourism Travel Guide
- ↑ Gee, E. P. (1964). The Wild Life of India. Collins, London
- ↑ The Statesman, Short Takes, Mar 15, 2003
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাতিংগা” প্ৰবন্ধৰ সংশোধন ৪২২৫০১ (৮ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।