অসমীয়া নাট্যকাৰ
৫৯ প্ৰবন্ধ
-
মহানন্দ শৰ্মা
মহানন্দ শৰ্মা (জন্ম: ১২ নৱেম্বৰ ১৯৩৫, মৃত্যু: ২০ জুন ২০১৫) অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল। ৭০-৮০ দশকত ভ্ৰাম্যমান থিয়েটাৰত সৰ্বাধিক পাৰিশ্ৰমিক পোৱা এই শিল্পীগৰাকীয়ে ২০০৪ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰে।
-
মহেন্দ্ৰ বৰঠাকুৰ
মহেন্দ্ৰ বৰঠাকুৰ (Mahendra Borthakur) একাধাৰে এজন অসমীয়া শিক্ষক, নাট্যকাৰ, নাট্য-প্ৰযোজক, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সহকাৰী সঞ্চালক আছিল। তেখেত সমাদৃত এগৰাকী জনপ্ৰিয় নাট্যকাৰ হিচাপে।
-
অমূল্য কাকতি
অমূল্য কাকতি (Amulya Kakati; ১১ জুন ১৯৫০-২৫ জানুৱাৰী ২০০২) এগৰাকী নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক। তেওঁ ব'হাগৰ দুপৰীয়া, হালধীয়া চৰায়ে বাওধান খায় আদি ছবিত অভিনয় কৰিছে। তেওঁ মুনীন বৰুৱাৰ সৈতে পিতা-পুত্ৰ আৰু প্ৰভাতী পখীৰ গানৰ যুটীয়া ভাবে চিত্ৰনাট্য ৰচনা কৰিছে।
-
নুৰুল হক
নুৰুল হক (Nurul Haque, ১৯৩৮-২০১৬) আছিল একাধাৰে প্ৰযোজক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ আৰু পৰিচালক। ১৯৩৮ চনৰ ১ এপ্ৰিলত যোৰহাটৰ মহবন্ধা গাঁৱত তেওঁ জন্মগ্ৰহণ কৰে। তেওঁৰ দ্বাৰা ৰচিত কেইটামান জনপ্ৰিয় গীত- অসমীৰে চোতালতে ৰ’দালিয়ে চেনেহতে, মোৰ দৃষ্টিত তুমি ধৰা পৰিলা, মধুমিতা অ’ মধুমিতা ইত্যাদি।
-
ৰাজদ্বীপ
ৰাজদ্বীপ অসমৰ এজন সাংবাদিক। অসমীয়া দৈনিক বাতৰি কাকত অসমীয়া খবৰত কৰ্মৰত ৰাজদ্বীপ সাংবাদিকতাৰ উপৰিও নাটক, চিত্ৰনাট্য ৰচনা আৰু সংগীত ৰচনাৰ লগত জড়িত।
-
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ
ইন্দ্ৰেশ্বৰ বৰঠাকুৰ (১৮৮৭-১৯৬১) অসমৰ এগৰাকী অভিনেতা, কবি, নাট্যকাৰ, চিত্ৰশিল্পী, ভাস্কৰ, সঙ্গীতজ্ঞ আৰু শিক্ষাবিদ। অসমৰ নাট্যজগতলৈ অৱদানৰ বাবে তেখেতক "নাট্যাচাৰ্য্য" বুলি অভিহিত কৰা হয়। শিৱসাগৰত জন্মলাভ কৰি তেখেতে সৰুতেই নানান বাদ্যৰ জ্ঞান লাভ কৰিছিল।
-
উপেন কাকতি
উপেন কাকতি (Upen Kakati) (১৯৪১ - ১৯৮০) এগৰাকী সংগীত শিল্পী, নাট্যকাৰ আৰু ঔপন্যাসিক। এইগৰাকী শিল্পীয়ে চাৰিখন অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল। দেৰগাঁও অঞ্চলত 'ফাচু' নামেৰ জনপ্ৰিয় এইগৰাকী শিল্পী পেছাত চিকিৎসক আছিল। সংগীতৰ কামৰ মাজতে তেখেতে পূৰ্ণাংগ আৰু একাংকিকা নাটক আৰু উপন্যাস ৰচনা কৰিছিল।
-
নকুলচন্দ্ৰ ভূঞা
নকুলচন্দ্ৰ ভূঞা (Nakul Chandra Bhuyan) (১৮৯৫-১৯৬৮) এজন অসমীয়া বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্পকাৰ। চাহ বাগিছাৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈয়ে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ বিহুগীতৰ সংগ্ৰহ 'বহাগী' লোক-সাহিত্যৰ ভঁৰাললৈ এক অমূল্য অৱদান।
-
সেৱাব্ৰত বৰুৱা
সেৱাব্ৰত বৰুৱা ( Sewabrat Baruah; ১৯৪৮–২০২১) অসমৰ এগৰাকী জনপ্ৰিয় আৰু প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক আৰু অভিনেতা আছিল। অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু উপদেষ্টাৰ দায়িত্ব বহন কৰা বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা, অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা (২০১৯), অসম সাংস্কৃতিক…
-
সৰ্বেশ্বৰ চক্ৰৱৰ্তী
সৰ্বেশ্বৰ চক্ৰৱৰ্তী (জন্ম: জুন ১৯১৭ – মৃত্যু: ১২ এপ্ৰিল ১৯৭২) এগৰাকী খ্যাতনামা অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক। তেওঁ কৈশোৰ কালৰে পৰা কামৰূপ নাট্য সমিতিৰ সৈতে জড়িত আছিল আৰু মঞ্চ, অনাঁতাৰ আৰু চলচ্চিত্ৰ – এই তিনিওটা মাধ্যমতে নাট্য চৰ্চা কৰিছিল।
-
হিতেশ ডেকা
হিতেশ ডেকা (Hitesh Deka) (১৮ ফেব্ৰুৱাৰী, ১৯২৪ - ৩০ আগষ্ট, ২০০০) অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক৷ অসমীয়া ভাষা-সাহিত্যৰ উপন্যাস, নাটক, প্ৰৱন্ধ আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷
-
হেমেন দাস
হেমেন দাস (Hemen Das) অসমৰ এজন শীৰ্ষস্থানীয় মঞ্চ আৰু চলচ্চিত্ৰ পৰিচালক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু লেখক। তেওঁ অসম সচিবালয়ত কাৰ্যনিৰ্বাহ কৰিছিল, য’ৰ পৰা তেওঁ ২০০৪ চনত অৱসৰ গ্ৰহণ কৰে।
-
চন্দ্ৰ চৌধুৰী
চন্দ্ৰ চৌধুৰী (ইংৰাজী: Chandra Choudhury) অসমৰ এগৰাকী প্ৰসিদ্ধ অভিনেতা আৰু নাট পৰিচালক। ইয়াৰোপৰি কবি, গীতিকাৰ, নাট্যকাৰ আৰু সংগীত শিল্পী ৰূপেও তেখেতে খ্যাতি লাভ কৰিছিল। ব্ৰজনাথ শৰ্মা আৰু ফণী শৰ্মাৰ সতীৰ্থ চন্দ্ৰ চৌধুৰী অসমৰ নাট্যমঞ্চত সহ অভিনয়ৰ অন্যতম বাটকটীয়া।
-
জ্ঞান পূজাৰী
জ্ঞান পূজাৰী এজন অসমীয়া কবি তথা নাট্যকাৰ। ১৯৪৮ চনত তেওঁৰ জন্ম হৈছিল। ২০০২ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণকমল লাভ কৰা চলচ্চিত্ৰ বিষয়ক গ্ৰন্থ "চলচ্চিত্ৰৰ ছাঁ-পোহৰ" তেওঁ প্ৰকাশ কৰিছিল। ২০১৬ চনত তেওঁ "মেঘমালাৰ ভ্ৰমণ" নামৰ কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
-
বসন্ত দাস
বসন্ত দাস (১৯ অক্টোবৰ ১৯৪০ – ৭ মাৰ্চ ২০১২) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু ৰহস্য সাহিত্যিক। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰ-ধাৰাবাহিকৰ কাহিনী লেখক আছিল। তেওঁৰ জন্ম হয় ১৯৪০ চনৰ ১৯ অক্টোবৰ তাৰিখে কাৰ্বি আংলং জিলাৰ ডিফুৰ শিৱবাৰী ৰোডত।
-
হেমেন্দ্ৰ কুমাৰ গগৈ
হেমেন্দ্ৰ কুমাৰ গগৈ (১৯৪০-২০২০) একাধাৰে অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ। তেওঁ নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষৰূপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। নৰ্থ লখিমপুৰ কলেজৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক হিচাপেও তেওঁৰ সুকীয়া পৰিচয় আছে।
-
আলি হাইদৰ
আলি হাইদৰ (Ali Haidar) এজন অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। আলি হাইদৰে ১৯৫১ চনত লখিমপুৰত জন্ম লাভ কৰে। ১৯৬৩ চনত ১৩ বছৰ বয়সত তেখেতে উপলদ্ধি নামৰে এখন একাঙ্কিকা নাট ৰচনা কৰি নাট্য জগতত প্ৰৱেশ কৰে। তাৰ পৰৱৰ্তী চাৰিটা দশকত প্ৰায় ষাঠিখন নাটক ৰচনা কৰে।
-
চন্দ্ৰধৰ চমুৱা
ড॰ চন্দ্ৰধৰ চমুৱা(ইংৰাজী: Dr. Chandradhar Chamuah) (ছেপ্টেম্বৰ ১৯৪১ - ১৩ নৱেম্বৰ ২০০৭) এগৰাকী অসমীয়া সাহিত্যিক আছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বান্তৌ গাঁৱৰ এটা দুখীয়া পৰিয়ালত চন্দ্ৰধৰ চমুৱাৰ জন্ম হয় ১৯৪১ চনৰ ছেপ্টেম্বৰ (আহিন) মাহৰ কোনো এটা শনিবাৰে। পিতৃৰ নাম চক্ৰনাথ চমুৱা।
-
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা (Durga Prasad Majinder Baruah) হৈছে অসমৰ এগৰাকী কবি আৰু নাট্যকাৰ। আধুনিক অসমীয়া নাটৰ বুৰঞ্জী গঢ়োতা সকলৰ ভিতৰত এজন। বিংশ শতিকাৰ শেষ দশকত যি সকলে অসমীয়া নাট ৰচনা কৰিবলৈ সংকল্প গ্ৰহণ কৰে তেওঁ তাৰে ভিতৰত অন্যতম।
-
দেবানন্দ ভৰালি
দেবানন্দ ভৰালি (Devananda Bharali; (১৮৮৩ - ১৯৭২) কুৰি শতিকাৰ প্ৰথমাংশৰ এগৰাকী অসমীয়া ভাষাবিদ আৰু সাহিত্যিক। অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে প্ৰথমে মৌলিক গৱেষণালব্ধ কিতাপ প্ৰণয়ন কৰিছিল।
-
মুনীন ভূঞা
মুনীন ভূঞা (১৯৪৭-২০০৪) অসমীয়া নাট্য জগতৰ এগৰাকী নাট্যকাৰ আৰু পৰিচালক। ১৯৭৬ চনত আকাশবাণী ডিব্ৰগড় কেন্দ্ৰত তেখেতে পাণ্ডুলিপি লেখক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পৰৱৰ্তী সময়ত সহকাৰী উপ-সঞ্চালক পদলৈকে পদোন্নতি লাভ কৰিছিল। তেখেতৰ উল্লেখযোগ্য নাটককেইখন হৈছে - জৰৌৰৌৱা পৰজা, হাতী আৰু ফান্দী আৰু সন্ধিক্ষণ।
-
ৰমাকান্ত চৌধুৰী
ৰমাকান্ত চৌধুৰী (১৮৪৬-১৮৮৯) অৰুণোদয় যুগৰ এগৰাকী অসমীয়া কবি আৰু নাট্যকাৰ। তেখেত আধুনিক অসমীয়া কাব্যজগতৰ প্ৰথম বৰ্ণনাত্মক কাব্যৰ ৰচক। তেখেতক অসমীয়া পৌৰাণিক নাটকৰ জনক বুলিও অভিহিত কৰা হয়। ৰমাকান্ত চৌধুৰী দেউতাক লক্ষ্মীকান্ত চৌধুৰী।
-
গিৰিশ চৌধুৰী
গিৰিশ চৌধুৰী (১৯২১–২০০৪) অসমৰ এগৰাকী বিশিষ্ট নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক আছিল। মঞ্চ আৰু চলচ্চিত্ৰ দুয়ো মাধ্যমতে তেওঁৰ অভিনয় দক্ষতা পৰিচিত। ১৯৪৯ চনত গুৱাহাটী শিল্পী সংঘৰ উদ্যোগত অনুষ্ঠিত ছাহজাহান নাটখনত সহ-অভিনয়ৰ জৰিয়তে তেওঁ থিয়েটাৰত অৱতীৰ্ণ হয়।
-
গুণাকৰ দেৱ গোস্বামী
গুণাকৰ দেৱ গোস্বামী (Gunakar Dev Goswami, ১৯৬৯-) এগৰাকী অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। তেখেতে এইচ. কানাইলাল, এইচ. সাবিত্ৰী দেৱী, ললিত চন্দ্ৰ নাথ ওজা আদিৰ পৰা নাটকৰ শিক্ষা লাভ কৰিছে। সত্ৰীয়া নৃত্য, অঙ্কীয়া ভাওনা আৰু ওজাপালি-দেওধনী আদি বিষয়তো শিক্ষা লাভ কৰিছে।
-
চক্ৰধৰ ডেকা
চক্ৰধৰ ডেকা (৩ ছেপ্টেম্বৰ ১৯৬৩ – ৩০ ডিচেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, লেখক, উদ্যোগী আৰু অসমৰ এগৰাকী সমাজ কৰ্মী। তেওঁ আছিল ৰাজকুমাৰ ফিল্ম প্ৰডাকচন আৰু ৰাজশ্ৰী থিয়েটাৰৰ প্ৰতিষ্ঠাপক। তেওঁ ৰাজনীতিবিদ নাৰায়ণ ডেকাৰ জ্যেষ্ঠ ভাতৃ৷
-
জীৱন বৰা
জীৱন বৰা (Jiban Bora) এগৰাকী চলচ্চিত্ৰ নিৰ্মাতা, পৰিচালক, নাট্যকাৰ আৰু লেখক। ১৯৩১ চনৰ ১৪ নৱেম্বৰ তাৰিখে লখিমপুৰ জিলাত তেওঁৰ জন্ম হয়। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী ওপজা মাটিৰ সোণ তেওঁ প্ৰযোজনা কৰিছিল। পলাশৰ ৰং তেওঁ পৰিচালনা কৰা একমাত্ৰ ছবি। তেওঁ বহুকেইখন নাটক আৰু অন্যান্য গ্ৰন্থ লিখিছে।
-
যোগেন চেতিয়া
যোগেন চেতিয়া অসমৰ এগৰাকী নাট্যকাৰ, মঞ্চ আৰু অনাতাঁৰ নাট্যশিল্পী, নাট পৰিচালক, নাট্য সমালোচক আৰু প্ৰাবন্ধিক আছিল। তেওঁ শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে অৱসৰ গ্ৰহণ কৰিছিল৷
-
সাৰদাকান্ত বৰদলৈ
সাৰদাকান্ত বৰদলৈ (জন্ম: ২২ আগষ্ট ১৯০২ – মৃত্যু: ৫ চেপ্তেম্বৰ ১৯৮৫) এগৰাকী সুদক্ষ অসমীয়া নাট্যকাৰ, অভিনেতা আৰু পৰিচালক আছিল। কৃষ্ণকান্ত ভট্টাচাৰ্যৰ সৈতে যৌথভাৱে লিখা নাটক মগৰীবৰ আজান (১৯৪৮) অসমীয়া সামাজিক নাটকৰ ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত।
-
ৰুদ্ৰৰাম বড়দলৈ
ৰুদ্ৰৰাম বড়দলৈ (১৮৩৬-১৮৯৯) নগাঁৱৰ এগৰাকী অসমীয়া লেখক। ১৮৭১ চনত তেখেতে "বঙাল-বঙালনী" নামৰ এখন নাটক প্ৰকাশ কৰে। এইখনক আধুনিক অসমীয়া নাটকৰ ভিতৰত তৃতীয় বুলি গণ্য কৰা হয়। অসমলৈ অহা বহিৰাগত মানুহক বঙাল নাম দিয়া হৈছিল।