গিৰিশ চৌধুৰী (১৯২১–২০০৪) অসমৰ এগৰাকী বিশিষ্ট নাট্যশিল্পী, অভিনেতা আৰু সাংস্কৃতিক সংগঠক আছিল। মঞ্চ আৰু চলচ্চিত্ৰ দুয়ো মাধ্যমতে তেওঁৰ অভিনয় দক্ষতা পৰিচিত। ১৯৪৯ চনত গুৱাহাটী শিল্পী সংঘৰ উদ্যোগত অনুষ্ঠিত ছাহজাহান নাটখনত সহ-অভিনয়ৰ জৰিয়তে তেওঁ থিয়েটাৰত অৱতীৰ্ণ হয়। ১৯৯৫ চনত তেওঁ অসম সাহিত্য সভাৰ ৫৯তম শিৱসাগৰ অধিৱেশনৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অতিথি আৰু উদ্বোধক আছিল।
প্ৰাৰম্ভিক জীৱন
গিৰিশ চৌধুৰীৰ জন্ম ১৯২১ চনৰ ৫ মাৰ্চত গুৱাহাটীৰ কুমাৰপাৰত হৈছিল। তেওঁ ১৯৪০ চনত ধুবুৰী হাইস্কুলৰ পৰা মেট্ৰিক উত্তীৰ্ণ হয় আৰু পাছলৈ কটন কলেজত উচ্চ শিক্ষা গ্ৰহণ কৰে। তেওঁ প্ৰথমে নাৰী চৰিত্ৰত অভিনয় আৰম্ভ কৰিছিল আৰু পাছলৈ বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰে। ভাতৃ অনিল চৌধুৰীৰ উৎসাহে তেওঁৰ শিল্পী জীৱন গঢ় লৈ উঠাত সহায় কৰে।
সাহিত্যকৃতি
মঞ্চ উপযোগী নাটক
- মিনা বজাৰ
- এক ছেপ্টেম্বৰ
- ফুটবলৰ শতশয্যা
অনাঁতাৰ নাটক
- লগন উকলি গ'ল
- ৰাজনীতি
প্ৰবন্ধ সংকলন
- সোৱঁৰণ মাথোঁ সোঁৱৰণ (২০০৪) – শিল্প-সংস্কৃতি বিষয়ক
নাট্য আৰু অভিনয় জীৱন
অভিনীত নাটকসমূহ
- মণিৰাম দেৱান
- ৰক্ষকুমাৰ
- ভোগজৰা
- মাণিক ৰাইটং
- নীলাম্বৰ
- শকুনিৰ প্ৰতিশোধ
অভিনীত চলচ্চিত্ৰসমূহ
- সতী বেউলা (১৯৫৪)
- সৰাপাত (১৯৫৬)
- মাটিৰ সৰ্গ (১৯৬৩)
- নিয়তি (১৯৭৮)
- মেঘমুক্তি (১৯৭৯)
- অকণ (১৯৮০)
- মানসী (১৯৮১)
- কাজিৰঙাৰ কাহিনী (১৯৮৩)
- প্ৰতিশোধ (১৯৮৭)
- আই মোৰ জনমে জনমে (১৯৮৮)
- ৰঙা নদী (১৯৯১)
- প্ৰিয়জন (১৯৯৩)
কৰ্মজীৱন
- ১৯৯৩-৯৬ চনৰ ভিতৰত তেওঁ জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ' ছচাইটীৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰে।
- তেওঁ পৰিবাহিকা নামৰ আলোচনীখন প্ৰায় ১২ বছৰৰ বাবে সম্পাদনা কৰিছিল।
বঁটা
- ২০০২ চনত সংগীত-নাটক অকাডেমি বঁটা লাভ কৰে।
- ১৯৮৫ চনত অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰে।
উৎস
- কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন, গুৱাহাটী, প্ৰথম প্ৰকাশ ২০০৬, পৃষ্ঠা: ২৬৫
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গিৰিশ চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৫২৬৯৫৪ (২৪ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।