অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আলি হাইদৰ

আলি হাইদৰ (Ali Haidar) এজন অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। আলি হাইদৰে ১৯৫১ চনত লখিমপুৰত জন্ম লাভ কৰে। ১৯৬৩ চনত ১৩ বছৰ বয়সত তেখেতে উপলদ্ধি নামৰে এখন একাঙ্কিকা নাট ৰচনা কৰি নাট্য জগতত প্ৰৱেশ কৰে। তাৰ পৰৱৰ্তী চাৰিটা দশকত প্ৰায় ষাঠিখন নাটক ৰচনা কৰে।

হালনাগাদ: ১৯ মাৰ্চ ২০২৫ ১৪২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আলি হাইদৰ (Ali Haidar) এজন অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। আলি হাইদৰে ১৯৫১ চনত লখিমপুৰ জিলাত জন্ম লাভ কৰে। ১৯৬৩ চনত ১৩ বছৰ বয়সত তেখেতে উপলদ্ধি নামৰে এখন একাঙ্কিকা নাট ৰচনা কৰি নাট্য জগতত প্ৰৱেশ কৰে। তাৰ পৰৱৰ্তী চাৰিটা দশকত প্ৰায় ষাঠিখন নাটক ৰচনা কৰে। পেচাত তেওঁ আছিল অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ কাৰ্য্যালয় সহায়ক।১

তেখেতে লখিমপুৰ জিলাত নৱাৰুণ নামৰ নাট্য সংগঠনৰ জন্ম দিয়ে।এই সংঘৰ বাবে আলি হাইদৰে নাটক লিখবলৈ লয়। ১৯৮৩ চনত নৱাৰুণক সম্প্ৰসাৰণ ঘটাই নাট্য বিকাশ কেন্দ্ৰ, চমুকৈ নাবিকৰ জন্ম দিয়ে। ১৯৮৭ চনত তেখেতে নাবিক ত্যাগ কৰি নট সৈনিক নামৰ নাট্য সংগঠন গঢ়ি তোলে। মৃত্যুলৈকে তেওঁ এই অনুষ্ঠানৰ লগত জড়িত আছিল। তেখেতে জীৱন কালত নাট সম্পৰ্কে বহুতো পৰীক্ষা নিৰীক্ষা চলাইছিল। তেওঁৰ অহৈতুকী স্বদেশ প্ৰীতি নাটকত মুকাভিনয়ৰ সাৰ্থক পৰীক্ষা চলাইছিল।২

আলি হাইদৰৰ প্ৰধান নাট সমূহ

ক্ৰমনাটবৰ্ষ
১জন্ম ক্ৰন্দন১৯৬২
২উপলব্ধি১৯৬২
৩নিৰাশা১৯৬৩
৪সঁচাৰ কাঠি১৯৬৪
৫এজন ৰজা আছিল১৯৬৪
৬জুই১৯৬৪
৭অহৈতুকী স্বদেশ প্ৰীতি১৯৭২
৮এটা চোলাৰ কাহিনী১৯৭৫
৯অপৰাজয়১৯৭৭
১০অজন্তা-ইলোৰা১৯৭৭
১১কুন্দলি১৯৭৭
১২উত্তপ্ত১৯৭৭
১৩এলান্ধু পাহাৰ১৯৭৭৩
১৪নৈশ যুদ্ধ১৯৯৯
১৫নঙলা মুখৰ অনুভৱ২০০২
১৬একাংগীগ্ৰস্ত ক্লান্তি২০০৩১

অন্যান্য নাট সমূহ

  • এখন নিলাজ মানুহৰ দেশ
  • কাৰ্টুজ নাই, পুৱাৰ হাঁহি
  • ৰঙা পাহাৰ (শিশু নাট)
  • একুৰি পাঁচ
  • টেকেলি
  • বিমূৰ্ত সন্ধান
  • গৌতম
  • ৰুস্তম আৰু.....
  • নয়নৰ মণি
  • নেপথ্য
  • মায়া-মমতা৩

তথ্যসূত্ৰ

  1. ↑ অৰবিন্দ ৰাজখোৱা. (২০১২). প্ৰকাশ. অসম প্ৰকাশন পৰিষদ. পৃ. ৮৫
  2. ↑ সত্য প্ৰসাদ বৰুৱা. (১৯৮৩ চন, তৃতীয় প্ৰকাশ). নাটক আৰু অভিনয় প্ৰসংগ (অসমীয়া নাট্য সাহিত্যৰ ধাৰা). গ্ৰন্থপীঠ,. পৃ. ২০২
  3. ↑ পংকজ জ্যোতি ভুঞাৰ. (২০১২). অসমীয়া একাংক নাটক. প্ৰকাশ. পৃ. ৫৩

সম্পৰ্কিত শ্ৰেণী

অসমীয়া নাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলি হাইদৰ” প্ৰবন্ধৰ সংশোধন ৪৯৪১২৮ (১৯ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।