নকুলচন্দ্ৰ ভূঞা (Nakul Chandra Bhuyan) (১৮৯৫-১৯৬৮) এজন অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) বুৰঞ্জীবিদ, নাট্যকাৰ আৰু গল্পকাৰ। চাহ বাগিছাৰ মেনেজাৰ হিচাপে কৰ্মৰত হৈয়ে অৱসৰ গ্ৰহণ কৰে। তেখেতৰ বিহুগীতৰ সংগ্ৰহ 'বহাগী' লোক-সাহিত্যৰ ভঁৰাললৈ এক অমূল্য অৱদান। অসম সাহিত্য সভাৰ ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা ১৯৬৭ চনৰ বাৰ্ষিক অধিৱেশনত তেখেতে সভাপতিত্ব কৰিছিল।১
জন্ম আৰু শিক্ষা
নকুলচন্দ্ৰ ভূঞাৰ জন্ম হয় ১৮৯৫ চনত শিৱসাগৰ জিলাৰ চাৰিঙত। তেখেতৰ দেউতাকৰ নাম আছিল গোপালচন্দ্ৰ ভূঞা। প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ চৰকাৰী চাকৰিত সোমায় যদিও পিছত চাহ বাগিছাৰ মেনেজাৰ হিচাপে কৰ্মৰত হয় আৰু সেই কামৰ পৰাই অৱসৰ গ্ৰহণ কৰে। তেখেতে কিছুদিন অসম বিত্ত নিগমৰো সদস্য হৈ আছিল।১
[[চিত্ৰ:NakulCBhuyan.jpg|Left to Right, Late Nakul Chandra Bhuyan,President Axom Xahitya Xabha 1967 Late Nilamoni Phookan,President A.X.X 1944,47, Late Jatindra Nath Duorah,President A.X.X 1955, Late Padmadhar Chaliha,President A.X.X 1958]]
ৰচনা সমগ্ৰ
- বাৰভূঞাৰ বুৰঞ্জী, (১৯১৬)
- বহাগী (১৯২৩) (বিহুগীতৰ সংকলন)
- চাহ বাগিছাৰ বনুৱা,
- চোৰাংচোৱা চ’ৰা (১৯১৮) (গল্প সংকলন)
- শাহু আই (১৯২৫) (নাটক)
- বদন বৰফুকন, (১৯২৭) (নাটক),
- চন্দ্ৰকান্ত সিংহ, (১৯৩১)(নাটক)
- জোনোৱালি (১৯৩৩), (গল্প সংকলন)
- বিদ্ৰোহী মৰাণ,(১৯৩৮),(নাটক)
- গল্পৰ শৰাই (১৯৬২), (গল্প সংকলন)
- নুমলী কুঁৱৰী, (১৯৬৩)(নাটক)
অন্যান্য
- ৰাধাকান্ত সন্দিকৈৰ জীৱনী গ্ৰন্থ, (১৯৬১)
মৃত্যু
এই গৰাকী বিশিষ্ট নাট্যকাৰৰ ১৯৬৮ চনৰ ১৬ জানুৱাৰীত মৃত্যু হয়।
তথ্যসূত্ৰ
- ↑ ত্ৰিদিপ গোস্বামী. পদ্মনাথ গোহাঞি বৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ. অনন্ত হাজৰিকা, বনলতা প্ৰকাশন. পৃ. ১০২, ১০৩
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নকুলচন্দ্ৰ ভূঞা” প্ৰবন্ধৰ সংশোধন ৪১১৭৩৪ (১৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।