ৰুদ্ৰৰাম বড়দলৈ (১৮৩৬-১৮৯৯) নগাঁৱৰ এগৰাকী অসমীয়া লেখক। ১৮৭১ চনত তেখেতে "বঙাল-বঙালনী" নামৰ এখন নাটক প্ৰকাশ কৰে। এইখনক আধুনিক অসমীয়া নাটকৰ ভিতৰত তৃতীয় বুলি গণ্য কৰা হয়।১
অসমলৈ অহা বহিৰাগত মানুহক বঙাল নাম দিয়া হৈছিল। নাটকখনত লেখকে ব্ৰিটিছৰ সময়ত অসমলৈ অহা বঙালে অসমৰ কিছুমান অসৎ তিৰোতাৰ লগত অবৈধ সম্পৰ্ক ৰাখি সামাজিক সমস্যাৰ সৃষ্টি কৰাৰ কথা চিত্ৰিত কৰিছে।২ কোনো কোনো ঠাইত শ্বেইক্সপীয়েৰৰ কৌশল ব্যৱহাৰ হ'লেও নাটকখনত সূত্ৰধাৰৰ উপস্থিতিও আছে। নাটকখনত অসমীয়াৰ লগতে বাংলা আৰু মাৰোৱাৰী ভাষাও ব্যৱহাৰ কৰা হৈছে।
১৮৮৫ চনত তেখেতৰ "ৰত্নমণি" নামৰ এখন গ্ৰন্থ প্ৰকাশ হয়। ইয়াত হীৰা, পান্না, মুক্তা আদি নানা ৰত্নৰ গুণাৱলী বৰ্ণনা কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Datta, Amaresh (Editor). (1987). Encyclopaedia of Indian Literature: A-Devo. Sahitya Akademi. পৃ. 386
- ↑ Pathak, Namrata. (2015). Trends in Contemporary Assamese Theatre. Partridge Publishing
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰুদ্ৰৰাম বড়দলৈ” প্ৰবন্ধৰ সংশোধন ৫৩১০৮৪ (৮ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।