সেৱাব্ৰত বৰুৱা ( Sewabrat Baruah; ১৯৪৮–২০২১) অসমৰ এগৰাকী জনপ্ৰিয় আৰু প্ৰসিদ্ধ নাট্যকাৰ, পৰিচালক আৰু অভিনেতা আছিল। অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু উপদেষ্টাৰ দায়িত্ব বহন কৰা বৰুৱাই সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা, অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা (২০১৯), অসম সাংস্কৃতিক মহাসভাৰ বঁটা (২০১৯) ইত্যাদি বঁটাৰে, আৰু 'নাট্য প্ৰভাকৰ' আৰু 'নাট্য শিৰোমণি' উপাধিৰে সন্মানিত হৈছিল।১২৩৪
জন্ম আৰু শিক্ষা
সেৱাব্ৰত বৰুৱাৰ ১৯৪৮ চনৰ ১৬ জুলাই তাৰিখে লখিমপুৰ জিলা জিলাৰ বিহপুৰীয়া (নগৰ)ৰ গোঁসাইপথাৰত জন্ম হৈছিল। তেওঁৰ পিতৃ যোগেশ্বৰ বৰুৱা ভাৰতৰ স্বাধীনতা আন্দোলনত অসমৰ এগৰাকী আগশাৰীৰ মুক্তিযোদ্ধা আছিল, আৰু মাতৃ আছিল কমলা বৰুৱা। তেওঁ মাত্ৰ ১০ বছৰ বয়সতে এক শোকাবহ দুৰ্ঘটনাত পিতৃক হেৰুৱায়। বিহপুৰীয়া মজলীয়া বিদ্যালয় আৰু লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা শেষ কৰাৰ পিছত তেওঁ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ত কলেজীয়া শিক্ষা লাভ কৰিছিল।৫৬৭
নাট্যজীৱন
সেৱাব্ৰত বৰুৱাই অষ্টম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে প্ৰথম নাট্যশিল্পৰ সৈতে জড়িত হৈছিল।৩৭ অভিনয়ৰ যোগেদি ভ্ৰাম্যমাণৰ মঞ্চত প্ৰথম ভূমুকি মৰা বৰুৱাই আশী দশকৰ আদিভাগত অধুনালুপ্ত অণিৰ্বাণ থিয়েটাৰত অভিনয় কৰিছিল।৩ উক্ত নাট্যদলত ভৱেন বৰুৱাৰ দ্বাৰা ৰচিত 'কুশল কোঁৱৰ' নাটত তেওঁ কুশল কোঁৱৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।১৬ ভ্ৰাম্যমাণ থিয়েটাৰ আৰু অপেছাদাৰী মঞ্চৰ বাবে শতাধিক নাটক ৰচনা কৰা সেৱাব্ৰত বৰুৱাৰ দ্বাৰা ৰচিত ভ্ৰাম্যমাণৰ প্ৰথম নাটকখন হৈছে অপ্সৰা থিয়েটাৰৰ মঞ্চত প্ৰদৰ্শিত হোৱা 'বালিঘৰ'।৬ বিহপুৰীয়াত তথা অসমৰ নাট্যজগতত তেওঁ সততে মিলু দা নামেৰে পৰিচিত আছিল। সেৱাব্ৰত বৰুৱাই অসম নাট্য সন্মিলনৰ কাৰ্যকৰী সভাপতি আৰু পিছলৈ উপদেষ্টা, নাট্য সন্মিলনৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি, বিহপুৰীয়া সন্মিলিত নাট্য সমাজৰ সভাপতি, বিহপুৰীয়া ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সদস্য, বিহপুৰীয়া জ্যেষ্ঠ নাগৰিক সংস্থাৰ উপদেষ্টা, প্ৰগতি সংঘৰ উপদেষ্টা আদি বিভিন্ন দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল। বিহপুৰীয়াৰ অগ্ৰণী নাট্যচৰ্চাৰ অনুষ্ঠানসমূহৰ সৈতেও তেওঁ জড়িত আছিল। ভ্ৰাম্যমাণ থিয়েটাৰত কোনো অনূদিত প্ৰভাৱ নপৰাকৈ থলুৱা নাট্যৰীতিৰে অসমীয়া নাটকৰ উপস্থাপনৰ ক্ষেত্ৰত সেৱাব্ৰত বৰুৱাৰ ভূমিকা স্বীকাৰ্য।১
সেৱাব্ৰত বৰুৱাৰ নাট্যসম্ভাৰ
অপেছাদাৰী মঞ্চৰ বাবে নাটক সৃষ্টিৰে আৰম্ভণি কৰা সেৱাব্ৰত বৰুৱাই তেওঁৰ ভ্ৰাম্যমাণৰ নাটকসমূহৰ জৰিয়তে বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ প্ৰসিদ্ধ নাটকসমূহৰ একাংশ তলত উল্লেখ কৰা হৈছে।
- বালিঘৰ
- নাস্তিক
- দখল
- বলাৎকাৰ
- পিঞ্জৰা
- শৈশৱতে ধেমালিতে
- মমতাৰ চিঠি
- লটকনৰ লটিঘটি
- পবিত্ৰ পাপী
- চৰকাৰ-চকীদাৰ আৰু চোৰ
- লেডী ডায়েনা
- হাত
- ৰং কিনিবা কোনে
- দাদা
- দখল-২
- কিয় এনে হ’ল
- দাবানল
- বন্দী
- মৰম যাচিব কোনে
- মাক আৰু মৰম
- অশ্লীল
- দণ্ডনায়ক
- অবুজ দৰা-অচিন কইনা
- শিপা
- নেদেখা চাকি
- যৌতুক
- গৰখীয়া ল'ৰাৰ গান
- বেদখল
- ৰং নাম্বাৰ
- চেনাই মই যাওঁ দেই
- দৃষ্টিদান
- কাঠমাণ্ডুৰ দেৱযানী
- লগণ উকলি গ'ল
- নিলাজৰ লাজ
বঁটা, সন্মান আদি
অসমৰ নাট্যজগতলৈ আগবঢ়োৱা অসামান্য বৰঙনিৰ বাবে সেৱাব্ৰত বৰুৱাক বহু অভিধা আৰু সন্মানেৰে বিভূষিত কৰা কৈছিল। তেওঁ লাভ কৰা পঞ্চাছৰো অধিক সন্মানৰ ভিতৰত একাংশ হৈছে:
- অসম সাহিত্য সভাৰ ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা (২০১৯)
- সদৌ অসম ছাত্ৰ সন্থাৰ অমূল্য কাকতি স্মাৰক বঁটা (২০১৪)
- অসম সাংস্কৃতিক মহাসভাৰ বঁটা (২০১৯)
- সাহিত্য কাণ্ডাৰী পদ্মনাথ গোঁহাঞি বৰুৱা নাট্য বঁটা (২০১৪)
- মহানন্দ শৰ্মা এনাজৰী বঁটা (২০১৭)
- মনালিছা ভ্ৰাম্যমাণ বঁটা (২০১০)
- নাট্য প্ৰভাকৰ উপাধি
- নাট্য শিৰোমণি উপাধি (২০১৮)
মৃত্যু
বৃক্কৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা অৱস্থাতে ২০২১ চনৰ ২৪ জানুৱাৰীৰ পুৱা প্ৰায় ৫.৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় হস্পিটেলত সেৱাব্ৰত বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে।৮৯১০১১১২ উল্লেখ্য যে, ২০১৯ চনত অসম সাহিত্য সভাৰ তৰফৰ পৰা ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা প্ৰদান কৰাৰ সময়ত, তেওঁৰ মৃত্যুৰ পিছত সমদল বা সাৱঁৰণি সভা অনুষ্ঠিত নকৰিবলৈ তেওঁ ৰাজহুৱা আহ্বান জনাইছিল।১৩ তেওঁৰ ইচ্ছা অনুযায়ী সমদলৰ পৰিৱৰ্ত্তে তেওঁৰেই নাট্য চৰ্চাৰ প্ৰাণকেন্দ্ৰ সন্মিলিত নাট্য সমাজৰ প্ৰেক্ষাগৃহ যোগ বৰুৱা স্মৃতি ভৱনৰ সন্মুখত বিহপুৰীয়াৰ শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানে ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিহপুৰীয়াৰ গোঁসাইপথাৰস্থিত বাসগৃহত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।৭
তথ্যসূত্ৰ
- ↑ (২৫ জানুৱাৰী, ২০২১). নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ দেহাৱসান. আমাৰ অসম. জি এল পাব্লিকেছনছ প্ৰাইভেট লিমিটেড. পৃ. ১ আৰু ৬
- ↑ (২৫ জানুৱাৰী, ২০২১). সেৱাব্ৰত বৰুৱাৰ জীৱন নাটৰ যৱনিকা. দৈনিক অসম. দৈনিক অসম প্ৰাইভেট লিমিটেড. পৃ. ১ আৰু ৬
- ↑ (২৫ জানুৱাৰী, ২০২১). বিশিষ্ট নাট্যকাৰ, পৰিচালক সেৱাব্ৰত বৰুৱাৰ দেহাৱসান. দৈনিক জনমভূমি. জনমভূমি প্ৰিণ্টাৰ্ছ এণ্ড পাব্লিচাৰ্ছ. পৃ. ১ আৰু ৮
- ↑ (২৫ জানুৱাৰী, ২০২১). Eminent Playwright, Theatre Personality Sebabrata Baruah Dead. The Assam Tribune- Digital Desk. The Assam Tribune
- ↑ (২৫ জানুৱাৰী, ২০২১). বিশিষ্ট নাট্যকাৰ-পৰিচালক-অভিনেতা সেৱাব্ৰত বৰুৱাৰ বিয়োগ. অসমীয়া খবৰ. ফ্ৰণ্টিয়াৰ পাব্লিকেশ্বনছ প্ৰাইভেট লিমিটেড. পৃ. ১ আৰু ২
- ↑ (২৫ জানুৱাৰী, ২০২১). জীৱন নাট সামৰি চিৰবিদায় নাট্য প্ৰভাকৰ সেৱাব্ৰত বৰুৱাৰ. নিয়মীয়া বাৰ্তা. প্ৰাইডইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেড. পৃ. ১ আৰু ১২
- ↑ (২৪ জানুৱাৰী, ২০২১). সেৱাব্ৰত বৰুৱালৈ অন্তিম শ্ৰদ্ধাঞ্জলি শতাধিক অনুষ্ঠান প্ৰতিষ্ঠানৰ, বিহপুৰীয়াৰ নিজা বাসগৃহত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন. অসমীয়া প্ৰতিদিন
- ↑ (২৫ জানুৱাৰী, ২০২১). Eminent Assamese playwright Sewabrat Baruah passes away. NorthEast Now
- ↑ (২৪ জানুৱাৰী, ২০২১). বিশিষ্ট নাট্যকাৰ পৰিচালক সেৱাব্ৰত বৰুৱাৰ মৃত্যু।. EastMojo
- ↑ (২৪ জানুৱাৰী, ২০২১). বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ মৃত্যু. নিয়মীয়া বাৰ্তা ডিজিটেল
- ↑ (২৪ জানুৱাৰী, ২০২১). ভ্ৰাম্যমাণত দৰ্শকৰ বাবে নতুন নতুন কাহিনী লৈ আহিবলৈ ‘মিলু’ দা আৰু নাই, যশস্বী নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ মৃত্যু. T8 Digital Desk
- ↑ (২৫ জানুৱাৰী, ২০২১). प्रख्यात असमिया नाटककार सेवाब्रत बरुआ का हुआ निधन. newstracklive
- ↑ (৭ ছেপ্টেম্বৰ, ২০১৯). বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাক অসম সাহিত্য সভাৰ ‘ভ্ৰাম্যমাণ থিয়েটাৰ বঁটা প্ৰদান. অসমীয়া প্ৰতিদিন-ডিজিটেল
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সেৱাব্ৰত বৰুৱা” প্ৰবন্ধৰ সংশোধন ৬১৩৯৮১ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।