অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চক্ৰধৰ ডেকা

চক্ৰধৰ ডেকা (৩ ছেপ্টেম্বৰ ১৯৬৩ – ৩০ ডিচেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, লেখক, উদ্যোগী আৰু অসমৰ এগৰাকী সমাজ কৰ্মী। তেওঁ আছিল ৰাজকুমাৰ ফিল্ম প্ৰডাকচন আৰু ৰাজশ্ৰী থিয়েটাৰৰ প্ৰতিষ্ঠাপক। তেওঁ ৰাজনীতিবিদ নাৰায়ণ ডেকাৰ জ্যেষ্ঠ ভাতৃ৷

হালনাগাদ: ৩১ অক্টোবৰ ২০২৬ ২৪৮ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

চক্ৰধৰ ডেকা (৩ ছেপ্টেম্বৰ ১৯৬৩ – ৩০ ডিচেম্বৰ ২০০৭) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, চিত্ৰনাট্যকাৰ, লেখক, উদ্যোগী আৰু অসমৰ এগৰাকী সমাজ কৰ্মী। তেওঁ আছিল ৰাজকুমাৰ ফিল্ম প্ৰডাকচন আৰু ৰাজশ্ৰী থিয়েটাৰৰ প্ৰতিষ্ঠাপক। তেওঁ ৰাজনীতিবিদ নাৰায়ণ ডেকাৰ জ্যেষ্ঠ ভাতৃ৷

প্ৰাথমিক জীৱন

চক্ৰধৰ ডেকাৰ জন্ম হৈছিল ১৯৬৩ চনৰ ৩ ছেপ্টেম্বৰ তাৰিখে নলবাৰী জিলাৰ মুকালমুৱাত৷ তেওঁ অসম আন্দোলনৰ অংশ হিচাপে তেওঁ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সংগঠনৰ উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ অসমৰ ৰাজহুৱা কাম বিভাগৰ অন্তৰ্গত ১(ক) শ্ৰেণীৰ পঞ্জীয়নভুক্ত ঠিকাদাৰো আছিল।

ফিল্মগ্ৰাফী

২০০০ চনৰ আৰম্ভণিতে ডেকাই চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। যতীন বৰা, ৰবি শৰ্মা, আঙুৰলতা ডেকা, আইমী বৰুৱা, জুবিন গাৰ্গ আৰু শান আদি জনপ্ৰিয় শিল্পীৰ সৈতে কাম কৰিছিল।১২৩

+বৰ্ষচলচ্চিত্ৰভূমিকা
২০০০অহংকাৰপ্ৰযোজক
২০০১প্ৰেম ভৰা চকুলোকাৰ্যবাহী প্ৰযোজক
২০০১এই মৰম তোমাৰ বাবেপ্ৰযোজক
২০০৩বন্ধনপ্ৰযোজক
২০০৩সৰু বোৱাৰীপ্ৰযোজক, পৰিচালক, লেখক

থিয়েটাৰ

২০০৪ চনত চক্ৰধৰ ডেকাই অসমৰ এটা ভ্ৰাম্যমাণ থিয়েটাৰ কোম্পানী "ৰাজশ্ৰী থিয়েটাৰ" প্ৰতিষ্ঠা কৰে। এই থিয়েটাৰখনে আজিলৈকে ৪৮খন নাটক মঞ্চস্থ কৰাৰ লগতে ৰাজ্যৰ কেইবাটাও অঞ্চলত ১০ হাজাৰৰো অধিক শ্ব’ প্ৰদৰ্শন কৰিছে।৪৫

২০০৫ চনত থিয়েটাৰখনে হলিউডৰ ক্লাছিক দ্য গডফাদাৰক নাটক হিচাপে ৰূপান্তৰিত কৰে। অভিযোজনখনৰ চিত্ৰনাট্য লিখিছিল পবিত্ৰ কুমাৰ ডেকাই।

২০০৭ চনত প্ৰযোজক ডেকাই লেখক-অভিনেতা চম্পক শৰ্মাৰ সৈতে সহযোগিতা কৰি বলীউডৰ আইকনিক ছবি "শ্বোলে" পুনৰ মঞ্চত সৃষ্টি কৰে।৬৭

সাহিত্য

২০০১ চনত চক্ৰধৰ ডেকাই অসমৰ অৰ্থনৈতিক দিশৰ ওপৰত বিশ্লেষণাত্মক গ্ৰন্থ ধ্বংসৰ গৰাহত অসম লিখিছিল। তদুপৰি তেওঁ থিয়েটাৰৰ বাবে কেইবাখনো নাটক লিখিছিল। সেইবোৰ হ'ল – মৰমৰ বোৱাৰী (২০০৪), নুফুলা ফুলৰ সমাধি (২০০৫), মা অৰু মাম্মি (২০০৬) আৰু সেন্দুৰ (২০০৭)।

বঁটা

+চক্ৰধৰ ডেকাই লাভ কৰা বঁটাৰ তালিকাবছৰবিভাগকামৰ বাবেবঁটাফলাফল
২০০৩শ্ৰেষ্ঠ ছবিসৰু বোৱাৰীৰয়েল চেলেঞ্জ অষ্টম মুনলাইট মিডিয়া এৱাৰ্ডছ
২০০৪শ্ৰেষ্ঠ নাট্যদলৰাজশ্ৰী থিয়েটাৰনৱম মুনলাইট মিডিয়া এৱাৰ্ডছ
২০০৬বিশিষ্ট অৱদানঅসমীয়া সাংস্কৃতিক উদ্যোগএকাদশ মুনলাইট মিডিয়া এৱাৰ্ডছ
২০০৬বিশিষ্ট অৱদানঅসমীয়া সাংস্কৃতিক উদ্যোগৰ'দালী ম'বাইল থিয়েটাৰ এৱাৰ্ডছ
২০০৬শ্ৰেষ্ঠ পৰিচালকনুফুলা ফুলৰ সমাধিৱাইজ মেন ইণ্টাৰনেচনেল
২০০৬শ্ৰেষ্ঠ নাট্যদলৰাজশ্ৰী থিয়েটাৰৱাইজ মেন ইণ্টাৰনেচনেল
২০০৭শ্ৰেষ্ঠ নাট্যদলৰাজশ্ৰী থিয়েটাৰশ্ৰী শ্ৰী হৰি মন্দিৰ ৰাস সমিতি

চক্ৰধৰ ডেকা সোঁৱৰণী

চক্ৰধৰ ডেকা সোঁৱৰণী ফুটবল চেম্পিয়নশ্বিপ

ডেকা জীৱনৰ প্ৰাৰম্ভিক পৰ্যায়ত ফুটবলাৰ আছিল। স্থানীয় বিভিন্ন প্ৰতিযোগিতাত ৰেফাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ স্মৃতিত এখন ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ ক্লাবক আমন্ত্ৰণ জনোৱা হয়।৮৯১০১১

চক্ৰধৰ ডেকা টি-২০ ক্ৰিকেট প্ৰতিযোগিতা

প্ৰয়াত চক্ৰধৰ ডেকাৰ স্মৃতিত প্ৰতি বছৰে মুকালমুৱাত এখন স্থানীয় ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হয়।১২১৩

তথ্যসূত্ৰ

  1. ↑ Meghranjani. (2018-07-13). Ahankar · Assamese Film · Jatin Bora · Watch Now. Magical Assam
  2. ↑ (2018-07-08). Xoru Bowari · Full Assamese Film. Magical Assam
  3. ↑ Chodhury, Shankhadeep. (3 November 2001). Terrorism takes its toll on life in N-E · India News - Times of India. The Times of India
  4. ↑ An ordinary play with extraordinary players. www.telegraphindia.com
  5. ↑ The good, bad and the ugly. www.telegraphindia.com
  6. ↑ Gabbar learns Assamese for stage - Coming this August to a venue near you: Champak Sarmar Sholay. www.telegraphindia.com
  7. ↑ (2007-09-06). Not Bollywood, but this remake is a hit. Hindustan Times
  8. ↑ Mukalmua football from Sept 16. The Assam Tribune Online
  9. ↑ Siliguri FC to play Green Valley in final. The Assam Tribune Online
  10. ↑ Chakradhar Deka Memorial Prize-money Football Championship · YoGems
  11. ↑ ASEB lift Chakradhar Deka Trophy. The Assam Tribune Online
  12. ↑ AG Assam champs. The Assam Tribune Online
  13. ↑ (2019-05-08). AG Assam Sports Club lifts Chakradhar Memorial T-20 Cricket Tournament title- Sentinelassam. www.sentinelassam.com

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকঅসমীয়া নাট্যকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চক্ৰধৰ ডেকা” প্ৰবন্ধৰ সংশোধন ৫৩৬৫০৫ (৩১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।