অসমীয়া ঔপন্যাসিক
৮১ প্ৰবন্ধ
-
মেদিনী চৌধুৰী
মেদিনী চৌধুৰী (Medini Chowdhury) অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক। তেখেতৰ ৰচনাসমূহৰ ভিতৰত প্ৰধানকৈ আছে উপন্যাস, জীৱনীমূলক উপন্যাস, বুৰঞ্জীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আৰু জনপ্ৰব্ৰজন, সাহিত্য চিন্তা, ছাত্ৰ আন্দোলন আদি বিভিন্ন বিষয় সম্পৰ্কীয় প্ৰবন্ধ।
-
অৰবিন্দ ৰাজখোৱা (লেখক)
অৰবিন্দ ৰাজখোৱা (জন্মঃ ১৯৮২-) একাধাৰে গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু সম্পাদক। তেওঁ ইতিমধ্যেই কুৰিখনতকৈয়ো অধিক গ্ৰন্থ, আলোচনী সম্পাদনা কৰাৰ লগতে নিজাকৈয়ো সাহিত্যৰ বিভিন্ন বিধাসমূহত গ্ৰন্থ প্ৰকাশ কৰিছে।
-
দণ্ডিনাথ কলিতা
দণ্ডিনাথ কলিতা (Dandinath Kalita) এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে।
-
দীননাথ শৰ্মা
দীননাথ শৰ্মা (Dinanath Sarmah) আছিল "আৱাহন" যুগৰ এগৰাকী অসমীয়া গল্পকাৰ। তেখেতে ১৯১৪ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত জন্ম লাভ কৰে। পিতৃৰ নাম আছিল কমল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল ঘনকান্তি দেৱী।
-
দেবেন্দ্ৰ নাথ আচাৰ্য
দেবেন্দ্ৰ নাথ আচাৰ্য (১৯৩৭ – ১৯৮১ চন) এগৰাকী অসমীয়া ঔপন্যাসিক, গল্পকাৰ, কবি আৰু শিশু সাহিত্যিক। তেখেত ঘাইকৈ অসমৰ বুৰঞ্জী ভিত্তিক উপন্যাসৰ ৰচয়িতা। তেখেতৰ দ্বাৰা ৰচিত উপন্যাস 'জঙ্গম'-এ মৰণোত্তৰভাৱে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
বন্দিতা ফুকন
বন্দিতা ফুকন (Bandita Phukan) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা।
-
ৰাম গগৈ
ৰাম গগৈ(Ram Gogoi, জন্ম:, মৃত্যু: ৯ ছেপ্টেম্বৰ, ১৯৯৪) ৰামধেনু যুগৰ অন্যতম বিশিষ্ট কবি। তেওঁ মাৰ্ক্সীয় আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ কাব্য চৰ্চা কৰিছিল। খাটি খোৱা হালোৱা-হজুৱা, কৃষক-বনুৱা, শ্ৰমজীৱীৰ ওপৰত শোষক শ্ৰেণীৰ বৈষম্য, অন্যায়-অবিচাৰৰ বিৰুদ্ধে তেওঁ কবিতাৰে বিপ্লৱ ঘোষণা কৰিছিল।
-
পদ্মাৱতী দেৱী ফুকননী
পদ্মাৱতী দেৱী ফুকননী (Padmavati Devi Phukanani; ১৮৫৩-১৯২৭) আছিল অসমীয়া সাহিত্যৰ প্ৰথম লেখিকা। ষোল্ল শতিকাৰ একমাত্ৰ মহিলা কবি পদ্মপ্ৰিয়াৰ পাছৰ দুই শতিকাত কোনো অসমীয়া নাৰীয়ে সাহিত্য চৰ্চাত ভাগ লোৱা দেখা নাযায় যদিও ঊনবিংশ শতিকাৰ শেষৰ ফালে পদ্মাৱতী দেৱীয়ে আগৰ পৰম্পৰাৰ পৰা আঁতৰি আহি এক ভিন্নৰীতিৰে…
-
বীৰেশ্বৰ বৰুৱা
বীৰেশ্বৰ বৰুৱা (Bireswar Baruah; ১৯৩৩ - ২০১০)অসমৰ এগৰাকী কবি আৰু সমালোচক। ৰামধেনু যুগত আত্মপ্ৰকাশ কৰি পৰৱৰ্তী কালত গল্পকাৰ আৰু ঔপন্যাসিক ৰূপে তেওঁ প্ৰতিষ্ঠা লাভ কৰিছিল।
-
অতুলানন্দ গোস্বামী
অতুলানন্দ গোস্বামী (Atulananda Goswami) (জন্ম: ১৯৩৫; মৃত্যু: ২৭ জুলাই, ২০২২) অসমীয়া সাহিত্য জগতৰ এজন গল্পকাৰ, ঔপন্যাসিক আৰু অনুবাদক। 'চেনেহ জৰীৰ গাঁথি' শীৰ্ষক গল্প-সংকলনখনৰ বাবে ২০০৬ বৰ্ষত তেওঁক সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা হৈছিল।
-
আৰাধনা পটংগীয়া গোস্বামী
ড° আৰাধনা পটংগীয়া গোস্বামী ( Aradhana patangia goswami) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু প্ৰাৱন্ধিক। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক। ২০১১ চনত তেওঁ তেওঁৰ উপন্যাস ‘নেপথ্যৰ সংগীত’ৰ বাবে অসম সাহিত্য সভাৰ নিৰ্মল চন্দ্ৰ বৰা স্মাৰক শ্ৰেষ্ঠ উপন্যাস বঁটা লাভ কৰিছিল।
-
বীৰেণ বৰকটকী
বীৰেন বৰকটকী (Biren Borkataki) (১৯২৪-২০০২) বিশিষ্ট কবি, সাহিত্যিক, সাংবাদিক, সমালোচক আৰু শিক্ষাবিদ আছিল তেওঁ। ১৯৪২ চনত মহাত্মা গান্ধীৰ লগত স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি কাৰাবাসো খাটিছিল।
-
ভূৱন মোহন বৰুৱা
ভুৱন মোহন বৰুৱা (Bhubanmohan Baruah; ১৯১৪- ১৯৯৮) অসমৰ এজন প্ৰসিদ্ধ ঔপন্যাসিক আৰু চুটিগল্প লেখক। কাঞ্চন বৰুৱা ছদ্মনামৰে তেখেতে কেইবাখনো অসমীয়া উপন্যাস, চুটিগল্প আদিৰে অসমীয়া সাহিত্যক সমৃদ্ধিশালী কৰিছে।
-
মৃণাল কলিতা
ড° মৃণাল চন্দ্ৰ কলিতা (Dr. Mrinal Chandra Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক।
-
চন্দনা গোস্বামী
চন্দনা গোস্বামী (Chandana Goswami, জন্ম: ১৮ নৱেম্বৰ, ১৯৬৯ চন) অসমীয়া ভাষাৰ এগৰাকী ঔপন্যাসিক। উদীয়মান ঔপন্যাসিক হিচাপে চন্দনা গোস্বামী অসমৰ সাহিত্য জগতত বিশেষভাৱে পৰিচিত।
-
মণিকুন্তলা ভট্টাচাৰ্য
মণিকুন্তলা ভট্টাচাৰ্য (Manikuntala Bhattacharya) অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক, কবি তথা গল্পকাৰ। সাধাৰণতে তেখেতে নাৰীৰ মনস্তত্বৰ ওপৰত ভিত্তি কৰি উপন্যাসসমূহ লিখি আহিছে।
-
হিতেশ ডেকা
হিতেশ ডেকা (Hitesh Deka) (১৮ ফেব্ৰুৱাৰী, ১৯২৪ - ৩০ আগষ্ট, ২০০০) অসমৰ এগৰাকী প্ৰসিদ্ধ সাহিত্যিক৷ অসমীয়া ভাষা-সাহিত্যৰ উপন্যাস, নাটক, প্ৰৱন্ধ আদি সকলা দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে৷
-
ৰবীন দে
ৰবীন দে (Robin Dey; ১৮ মাৰ্চ ১৯২২ – ২২ জুলাই ১৯৮০) অসমৰ এগৰাকী প্ৰসিদ্ধ থ্ৰিলাৰ ঔপন্যাসিক আৰু অভিনেতা। তেওঁ অসমীয়া সাহিত্যৰ পঢ়ুৱৈৰ বাবে ৰংমন ছদ্মনামেৰেহে বেছিকৈ পৰিচিত। ৰংমন ছদ্মনামত তেওঁ ৰচনা কৰা দস্যু ভাস্কৰ শৃংখলা অত্যন্ত জনপ্ৰিয় হৈছিল। তেওঁ পৱন চিৰিজো ৰংমন নামেৰে ৰচনা কৰিছিল।
-
গীতালী বৰুৱা
গীতালী বৰুৱা (জন্ম: ১ জুলাই ১৯৬১) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক, গল্পকাৰ, প্ৰবন্ধকাৰ আৰু অভিনেত্ৰী।
-
তুলিকা শইকীয়া
তুলিকা শইকীয়া (Tulika Saikia) হৈছে এগৰাকী অসমীয়া সাহিত্যিক। ২০০৮ বৰ্ষত ‘চাৰিশাল গোসাঁনীৰ তেজ’ শীৰ্ষক গ্ৰন্থৰ বাবে তেখেতে ‘মুনীন বৰকটকী’ বঁটা লাভ কৰে।
-
বসন্ত দাস
বসন্ত দাস (১৯ অক্টোবৰ ১৯৪০ – ৭ মাৰ্চ ২০১২) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, চিত্ৰনাট্যকাৰ, কাহিনীকাৰ আৰু ৰহস্য সাহিত্যিক। তেওঁ কেইবাখনো অসমীয়া চলচ্চিত্ৰ-ধাৰাবাহিকৰ কাহিনী লেখক আছিল। তেওঁৰ জন্ম হয় ১৯৪০ চনৰ ১৯ অক্টোবৰ তাৰিখে কাৰ্বি আংলং জিলাৰ ডিফুৰ শিৱবাৰী ৰোডত।
-
হেমেন্দ্ৰ কুমাৰ গগৈ
হেমেন্দ্ৰ কুমাৰ গগৈ (১৯৪০-২০২০) একাধাৰে অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ। তেওঁ নৰ্থ লখিমপুৰ কলেজৰ অধ্যক্ষৰূপে কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে। নৰ্থ লখিমপুৰ কলেজৰ বিজ্ঞান শাখাৰ প্ৰতিষ্ঠাপক হিচাপেও তেওঁৰ সুকীয়া পৰিচয় আছে।
-
অনিল ৰায়চৌধুৰী
অনিল ৰায়চৌধুৰী (Anil Raichoudhury) এগৰাকী অসমীয়া সাহিত্যিক, সমাজবিজ্ঞানী, গীতিকাৰ, মুক্তিযোদ্ধা আৰু সাম্যবাদী আদৰ্শৰে উদ্বুদ্ধ প্ৰগতিশীল বুদ্ধিজীৱী। ১৯২৬ চনত বৰপেটাত জন্মলাভ কৰা ৰায়চৌধুৰীয়ে স্কুলীয়া দিনতে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ লৈছিল।
-
অৰুণ গোস্বামী
অৰুণ গোস্বামী (১৯৪৫-২০২৪) এজন অসমীয়া ঔপন্যাসিক আৰু লেখক। কুৰি শতিকাৰ ঔপন্যাসিকসকলৰ ভিতৰত অন্যতম। একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আছিল। তেওঁৰ গল্প আৰু নাটক বঙালী, হিন্দী, ইংৰাজী, ওড়িয়া আদি ভাষালৈ অনুবাদ হৈছে।
-
কুমাৰ কিশোৰ
কুমাৰ কিশোৰ (১৯২৯-১৯৮৫) অসমৰ এগৰাকী ঔপন্যাসিক৷ তেখেতৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। কুমাৰ কিশোৰ আছিল তেখেতৰ সাহিত্যিক ছদ্মনাম। তেখেতৰ পিতৃৰ নাম আছিল দেৱদত্ত শৰ্মা আৰু মাতৃৰ নাম আছিল ত্ৰিপুৰা সুন্দৰী৷ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰীলৈ পিছত তেখেতে পঞ্চায়ত বিভাগত কাম কৰিছিল৷ কুমাৰ কিশোৰদেৱৰ 'কৱৰ আৰু…
-
গীতালি বৰা
গীতালি বৰা (Geetali Borah; জন্ম: ১৯৭৭) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ।
-
চন্দ্ৰধৰ চমুৱা
ড॰ চন্দ্ৰধৰ চমুৱা(ইংৰাজী: Dr. Chandradhar Chamuah) (ছেপ্টেম্বৰ ১৯৪১ - ১৩ নৱেম্বৰ ২০০৭) এগৰাকী অসমীয়া সাহিত্যিক আছিল। লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বান্তৌ গাঁৱৰ এটা দুখীয়া পৰিয়ালত চন্দ্ৰধৰ চমুৱাৰ জন্ম হয় ১৯৪১ চনৰ ছেপ্টেম্বৰ (আহিন) মাহৰ কোনো এটা শনিবাৰে। পিতৃৰ নাম চক্ৰনাথ চমুৱা।
-
জয়ন্ত মাধৱ বৰা
জয়ন্ত মাধৱ বৰা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ। আধুনিক অসমীয়া সাহিত্যৰ ধাৰাটোক অন্যতম ৰূপত গঢ়ি তোলা সাহিত্যিক ঔপন্যাসিক, গল্পকাৰ,অনুবাদক,শিশু সাহিত্যিক তথা চিত্ৰ নাট্যকাৰ হিচাপে জয়ন্ত মাধৱ বৰাদেৱ জনাজাত।
-
জুৰী বৰা বৰগোহাঞি
জুৰী বৰা বৰগোহাঞি (Juri Borah Borgohain; জন্ম:১৯৭৮ - ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ। তেখেতৰ জন্ম অসমৰ মাজুলী জিলাত হৈছিল। পিতৃৰ নাম মহেন্দ্ৰ বৰা আৰু মাতৃৰ নাম বীণা বৰা। কিছুদিন সংবাদ মাধ্যম আৰু শিক্ষাদানৰ লগত জড়িত হৈ থকাৰ পাছত তেখেতে বৰ্তমান স্বাধীনভাৱে সাহিত্য ৰচনা কৰি আছে।
-
তিলোত্তমা মিশ্ৰ
ড° তিলোত্তমা মিশ্ৰ অসমৰ এগৰাকী সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁৰ জন্ম হৈছিল ১৯৪৭ চনত, শ্বিলঙত। প্ৰাথমিক শিক্ষা শ্বিলঙতে গ্ৰহণ কৰা মিশ্ৰই কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।