অৰবিন্দ ৰাজখোৱা (জন্মঃ ১৯৮২-) একাধাৰে গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু সম্পাদক। তেওঁ ইতিমধ্যেই কুৰিখনতকৈয়ো অধিক গ্ৰন্থ, আলোচনী সম্পাদনা কৰাৰ লগতে নিজাকৈয়ো সাহিত্যৰ বিভিন্ন বিধাসমূহত গ্ৰন্থ প্ৰকাশ কৰিছে। তেওঁ ২০২৬ চনলৈকে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক আছিল৷ ১ ২০২৬ চনৰ জুলাই মাহৰ পৰা তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে যোগদান কৰিছে৷
জন্ম
তেওঁৰ জন্ম হৈছিল ১৯৮২ চনত, লখিমপুৰ জিলা জিলাৰ কদম অঞ্চলত। পিতৃৰ নাম ভৰত ৰাজখোৱা৷
শিক্ষা
তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে কদমত৷ উচ্চতৰ মাধ্যমিক শিক্ষা সমাপ্ত কৰে উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ পৰা৷ স্নাতক শিক্ষা গ্ৰহণ কৰে লখিমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ পৰা আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা৷ সেইদৰে পি. এইচ. ডি. ডিগ্ৰীও লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা৷২
কৰ্ম জীৱন
তেওঁ উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মূৰব্বী অধ্যাপক৷
সাহিত্যিক জীৱন
সম্পাদনা
- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গল্প (চিৰিলুইত প্ৰকাশন, ২০০৪)
- লখিমপুৰ ( হিৰণ্য সভাপণ্ডিতৰ সৈতে, লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন, ২০০৮)
- অসমীয়া কাব্য পৰিক্ৰমা (দত্ত প্ৰকাশন, ২০০৮)
- অসমীয়া চুটিগল্পৰ গতি প্ৰকৃতি (নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০০৯)
- চাৰিখন অসমীয়া উপন্যাস: বিচাৰ আৰু বিশ্লেষণ (দত্ত প্ৰকাশন, ২০০৯)
- নতুন প্ৰজন্মৰ প্ৰিয় কিতাপ (লখিমপুৰ ফাওণ্ডেশ্বন, ২০১০)
- অক্লান্ত আলি হাইদৰ (নট সৈনিক, ২০১০)
- পাণীন্দ্ৰ নাথ গগৈ (বিমান চেতিয়াৰ সৈতে যুতীয়াভাৱে, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০১১)
- চৌ আইজেপ ফুকনৰ ৰচনাৱলী (বিমান চেতিয়াৰ সৈতে, পূৰ্বাঞ্চল টাই সাহিত্য সভা, ২০১১)
- সমাজ-সাহিত্য-সংস্কৃিত (সুৰেশ দত্ত, লক্ষীনাথ পেগুৰ সৈতে, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০১১)
- হেমেন্দ্ৰ কুমাৰ গগৈ (উদয় গগৈ আৰু হেমন্ত শৰ্মাৰ সৈতে, লখিমপুৰ ফাওণ্ডেশ্বন, ২০১১)
- নতুনৰ কবিতা (নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০১৩)
- এটা চোলাৰ কাহিনী (নাটকৰ আলোচনা, সাৰদা প্ৰকাশন, ২০১৩)
- অসমীয়া সাহিত্যৰ চানেকি (নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০১৫)
- সাম্প্ৰতিক কবিতা (নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০১৬)
- শিক্ষক (বনলতা প্ৰকাশন, ২০১৭)
- হেমেন্দ্ৰ কুমাৰ গগৈ ৰচনা সম্ভাৰ (নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০১৮)
- অসমীয়া বিজ্ঞান সাহিত্য (নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০১৮)
- সাহিত্য সমালোচনা (ভাস্কৰ ভূঞাৰ সৈতে, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০১৯)
- দৃষ্টিকোণ (বিতু বড়াৰ সৈতে, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০১৯)
- সাহিত্য-সংস্কৃিতৰ অধ্যয়নৰ আভাস (পৰেশ খনিকৰৰ সৈতে, নৰ্থ লখিমপুৰ কলেজ প্ৰকাশন, ২০১৯)
- লোক পৰিৱেশ্য কলা (চন্দন জ্যোতি চুতীয়াৰ সৈতে, বনলতা প্ৰকাশন, ২০১৯)
- অসমীয়া সংস্কৃিত আৰু সাংস্কৃতিক পৰ্যটন (বনলতা প্ৰকাশন, ২০১৯)
- যোগাযোগমূলক অসমীয়া (বনলতা প্ৰকাশন, ২০১৯)
উপন্যাস
- ১৯৯৯ (আলিবাট প্ৰকাশন, ২০১৪)
প্ৰবন্ধ সংকলন
- নিয়মবোৰ কোনোবাই ভাঙিবই লাগিব (বনলতা প্ৰকাশন, ২০১৭)
- জাতীয় ঐতিহ্য আৰু সাহিত্য, অসম পাবলিচিং কোম্পানী, ২০২২
- কথাবোৰ কৈ থাকিব লাগিব, বি. আৰ বুক ষ্টল, ২০২৩
গল্পপুথি
- খেলপথাৰত কানাইকান্ত আৰু অন্যান্য (সাৰদা প্ৰকাশন, ২০০৭)
- অলপ নিৰ্জনতা (আঁক-বাক প্ৰকাশন, ২০১২)
শিশুগল্প সংকলন
- কাকৈ হাবিৰ ভূত আৰু অন্যান্য কাহিনী (পুথিতীৰ্থ প্ৰকাশন)
ব্যংগ ৰচনা সংকলন
- ককা আৰু নাতিৰ উত্তৰ আধুিনক সংলাপ (নিৰীক্ষণ প্ৰকাশন, ২০০৬)
বঁটা আৰু সন্মান
- গ্ৰন্থনিধি-২০১৯, (‘প্ৰজ্ঞাৰ দিন’ উদ্যাপন সমিতিৰ দ্বাৰা। কলংপাৰ, নেহেৰুবালি, অসম।)
- শব্দ যুৱ সাহিত্য বঁটা- ২০১৮
- পদ্মনাথ গোহাঞিবৰুৱা বঁটা-২০২১ ৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰবিন্দ ৰাজখোৱা (লেখক)” প্ৰবন্ধৰ সংশোধন ৬৩৬২২৮ (১৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।