অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

দীননাথ শৰ্মা

দীননাথ শৰ্মা (Dinanath Sarmah) আছিল "আৱাহন" যুগৰ এগৰাকী অসমীয়া গল্পকাৰ। তেখেতে ১৯১৪ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত জন্ম লাভ কৰে। পিতৃৰ নাম আছিল কমল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল ঘনকান্তি দেৱী।

হালনাগাদ: ৪ জুন ২০২১ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

দীননাথ শৰ্মা (Dinanath Sarmah) আছিল "আৱাহন" যুগৰ এগৰাকী অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) গল্পকাৰ। তেখেতে ১৯১৪ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত জন্ম লাভ কৰে। পিতৃৰ নাম আছিল কমল চন্দ্ৰ শৰ্মা আৰু মাতৃৰ নাম আছিল ঘনকান্তি দেৱী। তেখেতে অসমৰ বিভিন্ন ঠাইত শিক্ষাগ্ৰহণ তথা কৰ্মজীৱন অতিবাহিত কৰি পাছত তেজপুৰ, বিশ্বনাথ চাৰিআলিকে সাহিত্য তথা নাট্যচৰ্চাৰ স্থান হিচাবে গ্ৰহণ কৰিছিল।

সাহিত্যকৃতি

তেখেতৰ পাঁচখন গল্প সংকলন সমূহৰ ভিতৰত ঘাইকৈ দুলাল, কোৱাভাতুৰী ওঁঠৰ তলত, কল্পনা আৰু বাস্তৱ আদি উল্লেখযোগ্য। "নদাই" উপন্যাসখনত পাৰ্ল এছ বাকৰ "দা গুড আৰ্থ"ৰ ছাঁ দেখা যায়।১ অকলশৰীয়া, হাতীপটি, পোহৰ, ষোড়শী আদি তেখেতৰ বহুচৰ্চিত গল্প। উপন্যাসসমূহ হৈছে ঊষা, সংগ্ৰাম, নদাই, শান্তি, নৱাৰুণ, ভৰলীপাৰৰ কাহিনী ইত্যাদি। লগতে অনূদিত উপন্যাস ‘মাটি আৰু মানুহ’খনো এখন চৰ্চিত উপন্যাস। শিশু সাহিত্যিক হিচাবেও দীননাথ শৰ্মাই ‘পুতু’চৰিত্ৰটোৰে লিখি উলিয়াইছিল দুখন জনপ্ৰিয় শিশু উপন্যাস-পুতুৰ পয়মাল আৰু পুতুৰ পলায়ন।

গোটেই জীৱন সাহিত্য চৰ্চাৰ মাজেৰে অতিবাহিত কৰা দীননাথ শৰ্মাই ১৯৮৮ চনৰ ১৮ আগষ্ট তাৰিখে মৃত্যুবৰণ কৰে।

তথ্যসূত্ৰ

  1. ↑ Dr. Nagendra. (1988). Indian Literature. Prabhat Prakashan. পৃ. 435

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমীয়া গল্পকাৰঅসমীয়া ঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীননাথ শৰ্মা” প্ৰবন্ধৰ সংশোধন ২৮০৩৩৮ (৪ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।