অসমীয়া ঔপন্যাসিক
৮১ প্ৰবন্ধ
-
মনালিছা শইকীয়া
মনালিছা শইকীয়া (Monalisha Saikia; জন্ম: ১৯৭৫ ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ। কেইবাটাও সাহিত্য বঁটাৰে সন্মানিত জনপ্ৰিয় লেখিকা গৰাকী ‘আচাম স্কুল অৱ জাৰ্নেলিজম’ৰ কাৰ্যবাহী নিৰ্দেশক। তেখেতে ‘গুমৰাগ’ নামৰ অসমীয়া আলোচনীখনো সম্পাদনা কৰিছিল।
-
মহম্মদ পিয়াৰ
মহম্মদ পিয়াৰ (Mahammad Piar; ১৯২৩- ২০০৮) অসমৰ এগৰাকী শিক্ষাবিদ, কবি আৰু ঔপন্যাসিক। কুৰি শতিকাৰ ৫০ জন ঔপন্যাসিকৰ ভিতৰত পিয়াৰক স্থান দিয়া হয়। সপ্তম শ্ৰেণীত পঢ়ি থাকোঁতে পিয়াৰে তেওঁৰ প্ৰথমখন কাব্য সংকলন আৰু নৱম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁৰ প্ৰথমখন উপন্যাস ‘প্ৰীতি-উপহাৰ’ লিখি উলিয়াইছিল।
-
গোৱিন্দ প্ৰসাদ শৰ্মা
গোৱিন্দ প্ৰসাদ শৰ্মা (জন্ম: ১৯৪০ -) এগৰাকী অসমীয়া গৱেষক, সাহিত্য সমালোচক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক আৰু সম্পাদক। তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰি বিভাগীয় মুৰব্বী হিচাপে অৱসৰ গ্ৰহণ কৰে। ড॰ গোৱিন্দপ্ৰসাদ শৰ্মা অসমীয়া কথা-সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সমালোচক।
-
দৈৱচন্দ্ৰ তালুকদাৰ
দৈৱচন্দ্ৰ তালুকদাৰ (DAIBA CHANDRA TALUKDAR) অসমীয়া সাহিত্যৰ পাঠক সমাজত এগৰাকী ঔপন্যাসিক হিচাপে সুপৰিচিত। ছাত্ৰাবস্থাৰ পৰাই সাহিত্য চৰ্চা কৰা তলুকদাৰে ঔপন্যাসৰ উপৰিও গল্প আৰু কবিতাও ৰচনা কৰিছিল। অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ 'মিলন'ৰ প্ৰতিষ্ঠা আৰু প্ৰকাশত তেওঁ আগভাগ লৈছিল।
-
নন্দিতা দেৱী
নন্দিতা দেৱী অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ। তেখেত ইউপিএচচি পৰীক্ষাত উত্তীৰ্ণ হৈ ভাৰতীয় ৰেল বিভাগত চিকিৎসক হিচাপে যোগদান কৰি কৰ্ম জীৱনৰ পাতনি মেলে। ‘বঙল বহু দূৰ’ শীৰ্ষক উপন্যাসখনৰ বাবে দেৱীয়ে ২০২১ চনৰ ‘অসম প্ৰকাশন পৰিষদ বঁটা লাভ কৰে।।
-
নীলিমা দত্ত
নীলিমা দত্ত (১৯২৫–২০০২) এগৰাকী প্ৰখ্যাত অসমীয়া কবি, ঔপন্যাসিক, অনুবাদক, নিবন্ধকাৰ আৰু শিশু সাহিত্যিক আছিল। তেওঁ সন্দিকৈ মহাবিদ্যালয় আৰু গুৱাহাটী মহাবিদ্যালয়ত দৰ্শন বিষয়ৰ অধ্যাপিকা হিচাপে কৰ্মৰত আছিল।
-
পোলেন বৰকটকী
পোলেন বৰকটকী (জন্ম: ২০ অক্টোবৰ ১৯৪২) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক আৰু গল্পকাৰ। তেওঁ সাহিত্যৰ লগতে অসম চৰকাৰৰ জলসিঞ্চন বিভাগত মুখ্য অভিযন্তা হিচাপেও কৰ্মৰত আছিল।
-
প্ৰদীপ ভূঞা
ড° প্ৰদীপ ভূঞা অসমৰ এগৰাকী বিশিষ্ট লেখক, সাহিত্যিক, প্ৰবন্ধকাৰ তথা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক৷
-
প্ৰসন্ন কুমাৰ ডেকা
প্ৰসন্ন কুমাৰ ডেকা অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক, অধ্যাপক৷ তেখেত শিশু সাহিত্যিক হিচাপেও পৰিচিত৷ তেখেতে ভালেসংখ্যক অসমীয়া উপন্যাস, গল্প, শিশু সাহিত্য, প্ৰবন্ধ আদি ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়ায় থৈ গৈছে৷ ১৯৯৫ চনত অসম চৰকাৰে তেওঁৰ অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁলৈ সাহিত্যিক পেন্সন আগবঢ়ায়৷
-
প্ৰেমনাৰায়ণ দত্ত
প্ৰেমনাৰায়ণ দত্ত (Premnarayan Dutta, ১৮৯৯-১৯৬৫) অসমৰ এগৰাকী ৰহস্য সাহিত্যিক৷ তেখেত পা-ফু ছিৰিজৰ স্ৰষ্টা৷ তেখেতে পা-ফু চিৰিজৰ ২১ খন পুথি ৰচনা কৰাৰ উপৰি অন্য ভালেমান পুথি ৰচনা কৰিছিল৷ “মণি-মাণিক প্ৰকাশ’’ নামৰ এক প্ৰকাশন প্ৰতিষ্ঠান গঢ়ি তোলাটো অসমীয়া গ্ৰন্থ প্ৰকাশনৰ ক্ষেত্ৰত তেখেতৰ অন্য এক বৰঙণি৷
-
ভূপেন্দ্ৰনাৰায়ণ ভট্টাচাৰ্য
ড° ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য (জন্ম: ৬ আগষ্ট ১৯৫২) এগৰাকী উল্লেখযোগ্য অসমীয়া গল্পকাৰ, ঔপন্যাসিক আৰু অধ্যাপক৷ তেওঁ ১৯৯১ চনত কাউৰী কাউৰী কাউৰী নামৰ গল্পটোৰ বাবে "সৰ্বভাৰতীয় কথা বঁটা" লাভ কৰিছিল৷ তেওঁ ব্যংগ গল্পৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে৷
-
সন্তোষ কুমাৰ কৰ্মকাৰ
সন্তোষ কুমাৰ কৰ্মকাৰ একাধাৰে ঔপন্যাসিক, গল্পকাৰ, শিশু সাহিত্যিক আৰু অনুবাদক। তেখেতৰ জন্ম হৈছিল বাংলাদেশৰ মৈমনসিং জিলাত। জন্ম চন ১৯৫৩। দেউতাকৰ নাম কানাইলাল কৰ্মকাৰ। দেউতাক পেচাত ‘কমাৰ’ আছিল। ভাৰত স্বাধীন হোৱাৰ পৰৱৰ্তী সময়ত পিতৃয়ে সপৰিয়ালে প্ৰব্ৰজন হৈ ভাৰতলৈ আহে।
-
ৰত্না দত্ত
ৰত্না দত্ত (১৯৬৩-২০১৯) (Ratna Dutta) অসমৰ এগৰাকী শিক্ষাবিদ, সাহিত্যিক আৰু নাট্যকৰ্মী। তেখেতে টিংখাং মহাবিদ্যালয়তে সৰ্বপ্ৰথম প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ আৰম্ভণি কৰাৰ পাছত চাবুৱা ডি.ডি.আৰ মহাবিদ্যালয়ত কিছুদিন আৰু তাৰ পাছত ডিব্ৰুগড় মনোহৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ত প্ৰবক্তা (অসমীয়া বিভাগ) হিচাপে…
-
আৰুণি কাশ্যপ
আৰুণি কাশ্যপ (Aruni Kashyap; জন্ম: ৯ জুন, ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় লেখক আৰু অনুবাদক। সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত The House With a Thousand Stories শীৰ্ষক উপন্যাসখনৰ লেখক তেওঁ।
-
খৰ্গেশ্বৰ ভূঞা
খৰ্গেশ্বৰ ভূঞা একাধাৰে সাহিত্যিক, গৱেষক, অধ্যাপক। তেখেতে প্ৰাচীন ধৰ্মশাস্ত্ৰৰ কেতবোৰ চৰিত্ৰ আৰু কাহিনীক অৱলম্বন হিচাপে লৈ ৭খন পুৰাকথাকেন্দ্ৰিক উপন্যাস ৰচনা কৰিছে। বিজ্ঞান,অন্ধবিশ্বাস-কুসংস্কাৰ আদি বিষয়ক অনেক পুথি প্ৰকাশ কৰাৰ লগত বহুকেইখন প্ৰাচীন ধৰ্মশাস্ত্ৰ পুথিৰ সম্পাদনা কৰিছে।
-
নবীন বৰুৱা
নবীন বৰুৱা (জন্ম- ১৯৫৫) অসমীয়া সাহিত্যৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ তথা সু-লেখক আৰু প্ৰকাশক। ভাৰতীয় ভাষাৰ প্ৰথমখন কেম্পাছ ন'ভেল (Campus Novel) কটন কলেজৰ জনক।
-
ভূপেন শৰ্মা
ভূপেন শৰ্মা (Bhupen Sharma) এজন বিশিষ্ট ঔপন্যাসিক আৰু গল্পকাৰ। জীৱন আৰু জগতৰ প্ৰতি সজীৱ সঁহাৰিৰে চিৰন্তন প্ৰমূল্য আৰু মানৱতাৰ অনুসন্ধানেই ভূপেন শৰ্মাৰ প্ৰধান বক্তব্য। ১৯৭৪ চনত সাহিত্য প্ৰকাশে আয়োজন কৰা উপন্যাস প্ৰতিযোগিতাত উড্ডীন উত্তৰীয় নামৰ উপন্যাসখন শ্ৰেষ্ঠ বিবেচিত হৈছিল।
-
মদন শৰ্মা
মদন শৰ্মা (জন্ম: ১৯৫২) অসমীয়া সাহিত্যৰ এগৰাকী প্ৰতিষ্ঠিত গল্পকাৰ, অনুবাদক, সাহিত্য সমালোচক আৰু অধ্যাপক। তেওঁ আজিৰ কবিতা নামৰ আলোচনীৰ সম্পাদক আৰু বিশ্বকোষ (পঞ্চম খণ্ড)ৰো সম্পাদক আছিল। তেওঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ হিউমেনিটিজ এণ্ড ছ'চিয়েল ছায়েন্সছ বিভাগৰ মুৰব্বী তথা ডীন হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
স্বৰ্ণ বৰা
স্বৰ্ণ বৰা (জন্ম: ১৯৩৭) এগৰাকী বিশিষ্ট অসমীয়া ঔপন্যাসিক। তেওঁৰ উপন্যাসসমূহত অঞ্চলভিত্তিক সমাজৰ হৃদয়স্পৰ্শী ছবি অংকিত হয়। কেৱল কাহিনীৰ বিস্তাৰেই নহয়, সমাজৰ দুখ-বেদনাৰ মাজেৰে সনাতন মানৱীয় অনুভৱৰ সৈতে পঢ়ুৱৈক মুখামুখি কৰি তোলে।
-
ৰত্নোত্তমা দাস বিক্ৰম
ৰত্নোত্তমা দাস বিক্ৰম (Ratnottama Das Bikram) লেখক, ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, প্ৰবন্ধকাৰ, স্তম্ভলেখক, কবি আৰু জনজাতীয় লোককলাৰ গৱেষক দাসে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত শিক্ষা আৰম্ভ কৰি পাছলৈ ক্ৰমে কটন কলেজ, গুৱাহাটী বিশ্ববিদ্যালয় আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰে।
-
ৰূপশ্ৰী গোস্বামী
ৰূপশ্ৰী গোস্বামী (জন্ম ১ ফেব্ৰুৱাৰি ১৯৫০) এগৰাকী অধ্যাপক, গৱেষক, গল্পকাৰ আৰু ঔপন্যাসিক৷ তেখেতৰ আঠখন গল্প সংকলন, দুখন উপন্যাস আৰু দুখন প্ৰবন্ধ সংকলন প্ৰকাশিত হৈছে৷ নেছনেল বুক ট্ৰাষ্টৰ বাবে তেখেতে পাঁচখন আৰু গুৱাহাটীৰ শৰাইঘাট প্ৰকাশনৰ ‘কালজয়ী সাহিত্য’ ছিৰিজৰ বাবে চাৰিখন গ্ৰন্থ অনুবাদ কৰিছে৷ তদুপৰি,…