অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

অৰুণ গোস্বামী

অৰুণ গোস্বামী (১৯৪৫-২০২৪) এজন অসমীয়া ঔপন্যাসিক আৰু লেখক। কুৰি শতিকাৰ ঔপন্যাসিকসকলৰ ভিতৰত অন্যতম। একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আছিল। তেওঁৰ গল্প আৰু নাটক বঙালী, হিন্দী, ইংৰাজী, ওড়িয়া আদি ভাষালৈ অনুবাদ হৈছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ২৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

অৰুণ গোস্বামী (১৯৪৫-২০২৪) এজন অসমীয়া ঔপন্যাসিক আৰু লেখক। কুৰি শতিকাৰ ঔপন্যাসিকসকলৰ ভিতৰত অন্যতম। একাধাৰে এজন ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আছিল। তেওঁৰ চুটিগল্প আৰু নাটক বঙালী, হিন্দী, ইংৰাজী, ওড়িয়া আদি ভাষালৈ অনুবাদ হৈছে। অৰুণ গোস্বামীৰ আই ক'ত নাই ছবিখনে সৰ্বভাৰতীয় নাৰ্গিছ দও সংহতী বঁটা আৰু 'লাজ' চিনেমাখনৰ বাবে নৱকান্ত বৰুৱা বঁটা লাভ কৰে।১

জীৱনৰ আৰম্ভণি আৰু শিক্ষাজীৱন

১৯৪৫ চনত দেৰগাঁৱৰ বঙালগাঁৱত সাহিত্যিক অৰুণ গোস্বামীৰ জন্ম হয়। গোস্বামীয়ে যোৰহাটৰ জে.বি. কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

গোস্বামীয়ে যোৰহাট জে.বি. কলেজৰপৰা কলা শাখাত স্নাতক লোৱাৰ পাছত অসম চৰকাৰৰ সমবায় বিভাগৰ চাকৰি সমাপ্ত কৰি সাংবাদিক হিচাপে সংবাদ সেৱাৰ লগত জড়িত হয়।

সাহিত্যকৃতি

অৰুণ গোস্বামী ঔপন্যাসিক হোৱাৰ লগতে এজন গল্পকাৰ আৰু নাট্যকাৰ। তেওঁৰ দুটা উল্লেখযোগ্য গল্প হ'ল - মাছমৰীয়া ছোৱালীৰ লাজ আৰু যুদ্ধপৰ্বৰ আখৰা। তেওঁৰ নিৰ্বাচিত গল্প সংকলনকেইখন হ'ল - আই ক'ত নাই(২০১৪), প্ৰতিপদৰ জোন, মাছমৰীয়া ছোৱালীৰ লাজ (২০১৪), মুক্তিস্নান, অৰুণ গোস্বামীৰ ব্যঙ্গ গল্প আৰু অন্যান্য। তেওঁৰ আন এখন উল্লেখযোগ্য গ্ৰন্থ হ'ল কালক্ষণ ( ১৯৯৮)। তেওঁ মাছমৰীয়া ছোৱালীৰ লাজ নামৰ গল্পৰ আধাৰত ৰচনা কৰা লাজ আৰু 'আই ক'ত নাই দুখন উল্লেখযোগ্য বোলছবি।

বঁটা

'আই ক'ত নাই' ছবিখনৰ বাবে সৰ্বভাৰতীয় নাৰ্গিছ দত্ত সংহতী বঁটা লাভ কৰে। 'লাজ' চিনেমাখনৰ বাবে তেওঁ শ্ৰেষ্ঠ বোলছবি কাহিনীকাৰৰ 'নৱকান্ত বৰুৱা বঁটা' আৰু তেওঁৰ 'আজি' নামৰ নাটকখন হিন্দীলৈ অনূদিত হৈ 'আজ' ৰ বাবে ১৯৮৩ চনত নাগপুৰত অনুষ্ঠিত নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ নাট্যকাৰৰ 'বিজয়েন্ত্ৰ গৌড়' সন্মান পাবলৈ সক্ষম হয়।

মৃত্যু

২০২৪ চনৰ ১২ মাৰ্চত অৰুণ গোস্বামীৰ মৃত্যু হয়।২৩

উৎস

৪. আধুনিক অসমীয়া সাহিত্যৰ অভিলেখ , সম্পাদিত নগেন শইকীয়া

৫.প্ৰকাশ, ১ ম বছৰ, ২য় সংখ্যা, ১৯৭৫ চন

৬. অসমীয়া চুটি গল্পৰ অধ্যয়ন- ড° প্ৰহ্লাদ কুমাৰ বৰুৱা, প্ৰথম প্ৰকাশ১৯৯৫, প্ৰকাশন - শ্ৰী প্ৰদ্যুৎ হাজৰিকা, বনলতা, ডিব্ৰুগড়, ISBN-81- 7339-394- X

তথ্যসূত্ৰ

  1. ↑ কথা বৰেণ্য ১০০ - সম্পাদক শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন,প্ৰথম প্ৰকাশ ২০০৬ চন, পৃষ্ঠা নং২৫১
  2. ↑ (Mar 13, 2024). Assam: Renowned novelist and short story writer Arun Goswami dies at 80
  3. ↑ ঔপন্যাসিক, স্তম্ভ লেখক, ৰাজনীতি বিশ্লেষক অৰুন গোস্বামী নাই!. ডিজিটেল ডেস্ক. অসমীয়া প্ৰতিদিন

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ঔপন্যাসিকঅসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰুণ গোস্বামী” প্ৰবন্ধৰ সংশোধন ৬৩৯৭৩২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।