অভিনেত্ৰী
২৫৯ প্ৰবন্ধ
-
বিতা ফাৰাহী
বিতা লাহৰাখানী (ফাৰ্চী: بیتا لهارخانی; ৩ জানুৱাৰী ১৯৫৮ – ২৫ নৱেম্বৰ ২০২৩), যিগৰাকী বিতা ফাৰাহী (ফাৰ্চী: بيتا فرهی) নামেৰে অধিক পৰিচিত, এগৰাকী ইৰানী অভিনেত্ৰী আছিল।
-
বিবেকা বাবাজী
বিবেকা বাবাজী (২৭ মে’ ১৯৭৩ – ২৫ জুন ২০১০) এগৰাকী মৰিছাছৰ অভিনেত্ৰী, ম’ডেল আৰু সৌন্দৰ্য্য প্ৰতিযোগিতা বিজয়ী আছিল। তেওঁ মিছ মৰিছাছ ৱাৰ্ল্ড ১৯৯৩ আৰু মিছ মৰিছাছ ইউনিভাৰ্ছ ১৯৯৪ খিতাপ লাভ কৰিছিল।
-
বিয়া আৰু ব্ৰাংকা
বেয়াট্ৰিজ ফেৰেছ আৰু ব্ৰাংকা ফেৰেছ (২২ ফেব্ৰুৱাৰী, ১৯৮৮, ব্ৰাজিল) হৈছে ব্ৰাজিলৰ ছিঙ্ক্ৰোনাইজড ছুইমাৰ, মডেল আৰু অভিনেত্ৰী। তেওঁলোক যমজ ভগ্নী।
-
বিয়া বিনেনে
বিয়াংকা মেৰী "বিয়া" বিনেনে (ইংৰাজী: Beanca Marie "Bea" Binene; জন্ম: ৪ নৱেম্বৰ, ১৯৯৭) এগৰাকী ফিলিপাইনছৰ অভিনেত্ৰী। ২০০৪ চনত ষ্টাৰষ্ট্ৰাক কিডছৰ চূড়ান্ত প্ৰতিযোগী হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।
-
বেহনৌছ টাবাটাবেই
বেহনৌছ টাবাটাবেই (ফাৰ্চী: بهنوش طباطبایی; জন্ম ১৭ মে' ১৯৮১) হৈছে এখন ইৰানী অভিনেত্ৰী। তেওঁ দুটাকৈ হাফেজ বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে। ২০১৯ চনৰ মিডডে এডভেঞ্চাৰ: ট্ৰেচ অৱ ব্লাড চলচ্চিত্ৰখনত কৰা অনৱদ্য অভিনয়ৰ বাবে তেওঁ ক্ৰিষ্টাল চিমৰ্গ মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছিল।
-
ব্ৰুনা মাৰ্কেজিনি
ব্ৰুনা ৰেইছ মাইয়া (জন্ম ৪ আগষ্ট ১৯৯৫), পেছাগতভাৱে ব্ৰুনা মাৰ্কেজিনি নামে জনাজাত, এগৰাকী ব্ৰাজিলিয়ান অভিনেত্ৰী, চলচ্চিত্ৰ নিৰ্মাতা আৰু মডেল। তেওঁ ২০০০ চনত শিশু কাৰ্যসূচী জেন্টে ইনোচেণ্টেত শিশু সাক্ষাৎকাৰগ্ৰহণকাৰী হিচাপে টেলিভিছনত আত্মপ্ৰকাশ কৰে। তাৰ পিছত তেওঁ একাধিক টেলেনোভেলাত অভিনয় কৰে।
-
বৰ্খা সিং
বৰ্খা সিং (Barkha Singh; জন্ম: ৩ আগষ্ট ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যি মূলতঃ হিন্দী ছবি আৰু ৱেব শ্ব'ত কাম কৰে। শিশু শিল্পী হিচাপে তেওঁ মুঝছে দস্তী কৰোগেৰ দৰে ছবিত কাম কৰিছিল৷ পৰৱৰ্তী সময়ত তেওঁ সময়: ৱেন টাইম ষ্ট্ৰাইকছ (২০০৩) তো শিশুশিল্পী হিচাপে কাম কৰে।
-
বৰ্ষা শিৱাকোটী
বৰ্ষা শিৱাকোটী (वर्षा सिवाकोटी) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ নেপালী চিনেমাত কাম কৰে৷ তাই প্ৰথম নেপালী চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়িবলৈ সক্ষম হয় নাই নভন্নু ল ২ (২০১৪)ৰ যোগেদ। পশুপতি প্ৰসাদ (২০১৬), লপ্পন ছপ্পান (২০১৭) আৰু বীৰ বিক্ৰম ২ (২০১৯) ছবিতো অভিনয় কৰিছে।
-
ভাগীৰথী (অভিনেত্ৰী)
ভাগীৰথী ( Bhagirathi Bai Kadam)ওৰফে ভাগীৰথী বাই কদম এগৰাকী অভিনেত্ৰী। অভিনেতা বাহাৰুল ইছলামৰ সৈতে বিবাহসূত্ৰে তেওঁ অসমৰ বাসিন্দা। তেওঁৰ জন্ম ১৯৬৩ তেওঁৰ জন্ম হৈছিল মহীশূৰৰ হুন্সুৰ তালুকৰ গাভাদেগেৰেত। কৰ্ণাটকৰ নিনছামৰ পৰা নাটকৰ ডিপ্লমা লৈ তেওঁ অভিনয়কে জীৱনৰ পেছা হিচাপে গ্ৰহণ কৰে।
-
ভানেছা পাৰাডিছ
ভানেছা চাণ্টাল পাৰাডিছ (ইংৰাজী: Vanessa Chantal Paradis; জন্ম: ২২ ডিচেম্বৰ, ১৯৭২) এগৰাকী ফৰাচী গায়িকা, মডেল আৰু অভিনেত্ৰী। পাৰাডিছে মাত্ৰ ১৪ বছৰ বয়সতে তেওঁৰ একক গীত "জো লে টেক্সি" (১৯৮৭)-ৰ আন্তঃৰাষ্ট্ৰীয় সফলতাৰ জৰিয়তে পোনপ্ৰথমে প্ৰশংসা লাভ কৰিছিল।
-
ভাৰতী সিং
ভাৰতী সিং (Bharati Singh,(জন্ম ৩ জুলাই ১৯৮৪) এজন ভাৰতীয় কমেডিয়ান আৰু টেলিভিছন ব্যক্তিত্ব। সিঙে অসংখ্য কমেডী শ্ব’ সৃষ্টি কৰাৰ লগতে বিভিন্ন বঁটা-প্ৰদান অনুষ্ঠানত ঘোষক হিচাপে দায়িত্ব পালন কৰিছে।
-
ভিডা চামাদজাই
ভিডা চামাদজাই (ইংৰাজী: Vida Samadzai; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৭৮) এগৰাকী আফগান-আমেৰিকান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আফগানিস্তান ২০০৩ ৰ খিতাপ অৰ্জন কৰিছিল।
-
ভেলেণ্টিনা ফেৰাৰ
ভেলেণ্টিনা ফেৰাৰ (ইংৰাজী: Valentina Ferrer; জন্ম: ১৯ ডিচেম্বৰ ১৯৯৩) এগৰাকী আৰ্জেণ্টিনীয় অভিনেত্ৰী, মডেল, টিভি হষ্ট আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আৰ্জেণ্টিনা ২০১৪-ৰ খিতাপ অৰ্জন কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
-
ভেলেৰী হুবেৰ
ভেলেৰী ফ্লোৰিন হুবেৰ (ইংৰাজী: Valerie Florine Huber; জন্ম: ৪ জানুৱাৰী ১৯৯৬) এগৰাকী অষ্ট্ৰিয়ান অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁৰ শেহতীয়া চৰিত্ৰটো হৈছে আইন শ্ৰীট জুম আবগ্ৰুণ্ড (ডক্টৰ ফষ্টাৰৰ জাৰ্মান সংস্কৰণ) নামৰ ধাৰাবাহিকখনৰ ল'ৰা।
-
মনিকা শৰ্মা
মনিকা শৰ্মা (ইংৰাজী: Monica Sharma; জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৯৭) এগৰাকী ভাৰতীয় মডেল, টেলিভিছন আৰু চলচ্চিত্ৰ অভিনেত্ৰী। তেওঁ কালাৰ্ছ টিভি শ্ব' শ্ৰীমদ ভাগৱত মহাপুৰণত গংগা দেৱীৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
মন্দানা কৰিমী
মন্দানা কৰিমী (ফাৰ্চী: ماندانا کریمی; জন্ম: মনিজহে কৰিমী, ১৯ মে' ১৯৮৮) হৈছে ভাৰতত কৰ্মৰত এগৰাকী ইৰানী অভিনেত্ৰী আৰু মডেল। সমগ্ৰ বিশ্বতে কেইবাটাও সফল মডেলিং প্ৰকল্পত কাম কৰাৰ পিছত, তেওঁ বলীউডৰ চলচ্চিত্ৰ ভাগ জেনীত মুখ্য চৰিত্ৰত অভিনয় কৰে।
-
মহনাজ আফশ্বাৰ
মহনাজ আফশ্বাৰ (ফাৰ্চী: مهناز افشار; জন্ম: ১০ জুন, ১৯৭৭) এগৰাকী ইৰানত জন্মগ্ৰহণ কৰা জাৰ্মান অভিনেত্ৰী। ১৯৯৮ চনত গোমশ্বোদেহ নামৰ দূৰদৰ্শন ধাৰাবাহিকৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ সূচনা কৰে আৰু তাৰ পিছৰ বছৰত দুস্তান নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে চিনেমা জগতত প্ৰৱেশ কৰে।
-
মাধৱী কৃষ্ণন
মাধৱী কৃষ্ণন (জন্ম ১৯৪১) এজনী ছিংগাপুৰৰ নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ জাতীয় নৃত্য থিয়েটাৰ কোম্পানীৰ এটি প্ৰতিষ্ঠাতা সদস্যা আৰু মুখ্য নৃত্যশিল্পী আছিল। ১৯৭৯ চনত তেওঁ সাংস্কৃতিক পদক লাভ কৰিছিল আৰু ২০২২ চনত ছিংগাপুৰৰ ইণ্ডিয়ান হল অফ ফেমত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
মাৰিয়াম বুথ
মাৰিয়াম আদো মহম্মদ, যাক মাৰিয়াম বুথ নামে অধিক জনা যায় (জন্ম: ২৮ অক্টোবৰ ১৯৯৩), এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী আৰু মডেল। তেওঁ ২০২০ চনৰ দ্য মিল্কমেইড চলচ্চিত্ৰত অভিনয়ৰ বাবে জনাজাত, যি অ্যাকাডেমি এৱাৰ্ডৰ সৰ্বশ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ চলচ্চিত্ৰ শ্ৰেণীত নাইজেৰিয়াৰ প্ৰতিনিধিত্ব কৰিছিল।
-
মাৰ্লিন স্কমিড
মাৰ্লিন স্কমিড (ইংৰাজী: Marlene Schmidt; জন্ম: ১১ নৱেম্বৰ ১৯৩৭) এগৰাকী জাৰ্মান কণ্ট্ৰ’ল ইঞ্জিনিয়াৰ, অভিনেত্ৰী, টেলিভিছন সূত্ৰধাৰ আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী, যিয়ে মিছ ইউনিভাৰ্ছ ১৯৬১ জয় কৰিছিল।
-
মাৰ্শা মিলন
মাৰ্শা মিলন লণ্ডো (জন্ম: ৬ ডিচেম্বৰ ১৯৮৫) এগৰাকী মালয়েছিয়ান গায়িকা আৰু অভিনেত্ৰী। তেওঁ মালয়েছিয়াৰ ৰিয়েলিটি শ্ব’ গায়ন প্ৰতিযোগিতা একাডেমী ফেণ্টাচিয়াৰ তৃতীয় ছিজনত অংশগ্ৰহণ কৰি চতুৰ্থ স্থান লাভ কৰাৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰিছিল।
-
মিকেলা লুপু
মিকেলা লুপু (ইংৰাজী: Mikaela Lupu; জন্ম: ১৬ ছেপ্টেম্বৰ ১৯৯৫) এগৰাকী মলডোভাত জন্মগ্ৰহণ কৰা পৰ্তুগীজ অভিনেত্ৰী। তেওঁ পৰ্তুগীজ টেলিভিছন জগতত নিজৰ অভিনয় দক্ষতাৰ বাবে জনপ্ৰিয়তা লাভ কৰিছে।
-
মিচেল য়হ
মিচেল য়হ চু কেং(; জন্মনাম: য়হ চু কেং; ৬ আগষ্ট, ১৯৬২) এগৰাকী মালয়েচিয়ান অভিনেত্ৰী। তেওঁৰ প্ৰাৰম্ভিক চলচ্চিত্ৰসমূহত তেওঁ মিচেল খান নামেৰে অভিনয় কৰিছিল, হংকঙৰ একচন চলচ্চিত্ৰৰ এটি শৃংখলাত অভিনয় কৰাৰ পিছত ১৯৯০ ৰ দশকত ইয়েছ, মেডাম (১৯৮৫), পুলিচ ষ্ট’ৰি থ্ৰী: চুপাৰকপ (১৯৯২) আৰু হলি ৱেপন (১৯৯৩) আদি…
-
মিনা কাভানী
মিনা খোছৰোভানী (ফাৰ্চী: مینا خسروانی; জন্ম ২৩ মে', ১৯৮৯) পেছাদাৰীভাৱে মিনা কাভানী নামেৰে পৰিচিত, হৈছে এগৰাকী ইৰানী-ফৰাচী অভিনেত্ৰী। তেওঁ মূলতঃ নো বেয়াৰ্ছ (২০২২) চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত, যিখন ছবিয়ে ৭৯সংখ্যক ভেনিছ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত স্পেচিয়েল জুৰী প্ৰাইজ লাভ কৰিছিল।
-
মিশা ওমৰ
চাম্বিহা আইছাহ বিণ্টি ওমৰ (ইংৰাজী: Misha Omar; জন্ম: ৬ জানুৱাৰী ১৯৮২), পেছাদাৰীভাৱে মিশা ওমৰ নামেৰে পৰিচিত এগৰাকী মালয়েছিয়াৰ পপ গায়িকা, গীতিকাৰ আৰু অভিনেত্ৰী।
-
মীনা সাদাতী
মিনা সাদাতি (ফাৰ্চী: مینا ساداتی, জন্ম ২৪ নৱেম্বৰ, ১৯৮১) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। ২০১৫ চনৰ লোনলিনেছ অৱ লেইলা ধাৰাবাহিকত লেইলা চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।
-
মুচ বুলেঞ্জাৰ
মুচ বুলেঞ্জাৰ (ইংৰাজী: Mousse Boulanger; জন্মতে: বাৰ্থ ছফি নিউয়েনশ্বাণ্ডাৰ; ৩ নৱেম্বৰ ১৯২৬ – ১৬ জানুৱাৰী ২০২৩) এগৰাকী চুইজাৰলেণ্ডৰ কবি, অভিনেত্ৰী আৰু টেলিভিছন প্ৰযোজক আছিল।
-
মেগ ডনেলি
মেগ এলিজাবেথ ডনেলি (Meg Elizabeth Donnelly, জন্ম: ২৫ জুলাই, ২০০০) এগৰাকী আমেৰিকান অভিনেত্ৰী। তেওঁ এবিচিৰ চিটকম আমেৰিকান হাউছৱাইফ (২০১৬–২০২১)ত টেইলৰ অট্টো, ডিজনী চেনেলৰ চলচ্চিত্ৰ ধাৰাবাহিক জম্বিজ (২০১৮–বৰ্তমান)ত এডিচন ওৱেলছ আৰু চিডব্লিউ টেলিভিছন ধাৰাবাহিক দ্য ৱিনচেষ্টাৰছ (২০২২–২০২৩)ত মেৰী কেম্পবেলৰ…
-
মেগান ইয়ং
মেগান লিন টাল্ডে ইয়ং-ডেইজ (Megan Lynne Talde Young-Daez; জন্ম: ২৭ ফেব্ৰুৱাৰী, ১৯৯০) এগৰাকী ফিলিপাইনছৰ অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ২০১৩ চনৰ মিছ ৱৰ্ল্ড লাভ কৰে। ফিলিপাইনছ আৰু দক্ষিণ-পূব এছিয়াৰপৰা মিছ ৱৰ্ল্ড বিজয়ী হোৱা তেওঁ প্ৰথমগৰাকী প্ৰতিনিধি।
-
মেগান মাৰ্কল
মেগান, ডাচেছ অৱ ছাচেক্স (Meghan, Duchess of Sussex, ৪ আগষ্ট, ১৯৮১) ব্ৰিটিছ ৰাজকীয় পৰিয়ালৰ এগৰাকী আমেৰিকান সদস্য, সংবাদ মাধ্যমৰ ব্যক্তিত্ব আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁৰ তৃতীয় চাৰ্লছ ৰজাৰ কনিষ্ঠ পুত্ৰ ছাচেক্সৰ ড্যুক ৰাজকুমাৰ হেৰীৰ সৈতে বিবাহ হয়। কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত মেগানৰ জন্ম হৈছিল।