ভেলেণ্টিনা ফেৰাৰ (ইংৰাজী ভাষা: Valentina Ferrer; জন্ম: ১৯ ডিচেম্বৰ ১৯৯৩) এগৰাকী আৰ্জেণ্টিনীয় অভিনেত্ৰী, মডেল, টিভি হষ্ট আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ আৰ্জেণ্টিনা ২০১৪-ৰ খিতাপ অৰ্জন কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত নিজৰ দেশক প্ৰতিনিধিত্ব কৰিছিল।
এগৰাকী মডেল হিচাপে তেওঁক বুয়েন জন আয়াৰ্ছ, মেক্সিকো চিটি, মিয়ামি আৰু ব্ৰাজিলৰ এজেণ্টসকলে প্ৰতিনিধিত্ব কৰে। তেওঁ ফাংকচন ফেশ্বন উইক, মাৰ্চিডিজ বেঞ্জ ফেশ্বন উইক১ আৰু মিয়ামি ফেশ্বন উইকৰ২ ৰাণৱেত খোজ দিছে। তেওঁ মিছ ইউনিভাৰ্ছ ২০১৩ গাব্ৰিয়েলা ইছলাৰ আৰু মিছ ইউনিভাৰ্ছ ২০০৮ দয়ানা মেণ্ডোজাৰ সৈতে ৰাণৱেত অংশগ্ৰহণ কৰিছে।
এগৰাকী অভিনেত্ৰী হিচাপে তেওঁ বেটি এন এনৱাই (২০১৯) ৰ বাবে পৰিচিত। ২০১৭ চনত তেওঁ এনৰিক ইগলেছিয়াছৰ মিউজিক ভিডিঅ' "মেচিং এৰাউণ্ড"ত অভিনয় কৰিছিল। সেই বছৰৰে মে' মাহত তেওঁ জে. বালভিনৰ মিউজিক ভিডিঅ' "চিগো এক্সট্ৰানিয়াণ্ডোট"ত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
আৰ্জেণ্টিনাৰ কৰ্ডোবাত ভেলেণ্টিনা ফেৰাৰৰ জন্ম হৈছিল। তেওঁ জোছ লুইছ ফেৰাৰ আৰু আলেকজান্দ্ৰা পেজজাৰ পাঁচগৰাকী সন্তানৰ ভিতৰত মাজু সন্তান আছিল। সৰুৰেপৰাই ফেৰাৰে ক্ৰীড়া আৰু বাহিৰৰ কাম-কাজৰ প্ৰতি ধাউতি প্ৰদৰ্শন কৰিছিল, বিশেষকৈ বাস্কেটবল আৰু জলক্ৰীড়াত পাৰদৰ্শিতা দেখুৱাইছিল। ফিটনেছৰ প্ৰতি থকা তেওঁৰ আগ্ৰহে তেওঁক ব্যক্তিগত প্ৰশিক্ষণৰ (personal training) বিষয়ে অধ্যয়ন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল, যিটো স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি তেওঁৰ দীৰ্ঘদিনীয়া প্ৰতিশ্ৰুতিৰ সৈতে সংগতিপূৰ্ণ।
মিছ আৰ্জেণ্টিনা ২০১৪
মিছ আৰ্জেণ্টিনা ২০১৪ আৰু মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা
২০১৪ চনৰ ১০ অক্টোবৰত বুয়েন জন আয়াৰ্ছৰ পালিবৰ্মোৰ হল ফ্ৰেয়াৰ্ছ লা ৰুৰালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মেলাৰ অংশ হিচাপে অনুষ্ঠিত সৌন্দৰ্য প্ৰতিযোগিতাত তেওঁ মিছ আৰ্জেণ্টিনা ২০১৪ ৰ খিতাপ লাভ কৰিছিল। তেওঁ ২০১৫ চনৰ ২৫ জানুৱাৰীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্ল’ৰিডাৰ ডোৰালত অনুষ্ঠিত মিছ ইউনিভাৰ্ছ ২০১৪ প্ৰতিযোগিতাত আৰ্জেণ্টিনাক প্ৰতিনিধিত্ব কৰিছিল।৩ সেই প্ৰতিযোগিতাত তেওঁ শীৰ্ষ ১০ গৰাকীৰ ভিতৰত স্থান লাভ কৰি আৰ্জেণ্টিনাৰ আঠবছৰীয়া স্থানহীনতাৰ খৰাং অন্ত পেলাইছিল। লগতে তেওঁ ৰাষ্ট্ৰীয় পোছাক (National Costume) প্ৰতিযোগিতাতো শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।
মডেলিং কেৰিয়াৰ
ফেৰাৰৰ নিউয়ৰ্ক, বুয়েন জন আয়াৰ্ছ, মেক্সিকো চিটি, মিয়ামি, ব্ৰাজিল আৰু ইউৰোপৰ কিছু ঠাইত এজেণ্ট আছে। তেওঁ নিউয়ৰ্ক ফেশ্বন উইক, পেৰিস ফেশ্বন উইক, মিলান ফেশ্বন উইক, মিয়ামি ফেশ্বন উইক, মাৰ্চিডিজ-বেঞ্জ ফেশ্বন উইক আৰু ফাংকচন ফেশ্বন উইকৰ দৰে ডাঙৰ ডাঙৰ ফেশ্বন অনুষ্ঠানৰ ৰাণৱেত খোজ দিছে।
ফেৰাৰে বিশ্বখ্যাত ফেশ্বন হাউচ আৰু ডিজাইনাৰৰ পোছাকৰ মডেলিং কৰিছে। ইয়াৰ উপৰি তেওঁ হাৰ্পাৰছ বজাৰ, ৰোলিং ষ্টোন, মেৰী ক্লেয়াৰ, ভ’গ আৰু উইমেনছ হেল্থ আদি আলোচনীৰ বেটুপাততো স্থান লাভ কৰিছে।
ব্যক্তিগত জীৱন
"চিগো এক্সট্ৰানিয়াণ্ডোট" মিউজিক ভিডিঅ'ৰ চেটত হোৱা চিনাকিৰ সূত্ৰে ২০১৮ চনৰপৰা কলম্বিয়ান গায়ক জে বালভিনৰ সৈতে ভেলেণ্টিনা ফেৰাৰৰ সম্পৰ্ক আছে। ২০২১ চনৰ এপ্ৰিল মাহত ফেৰাৰ আৰু বালভিনে ভ’গ মেক্সিকোৰ জৰিয়তে তেওঁলোকৰ সন্তান-সম্ভৱা হোৱাৰ কথা ঘোষণা কৰে।৪৫ ২০২১ চনৰ জুন মাহত তেওঁলোকৰ পুত্ৰ ৰিঅ’ৰ জন্ম হয়।৬
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (18 July 2019). Mercedes Benz Fashion Week. TN
- ↑ Miami Fashion Week. Facebook
- ↑ Miss Argentina 2014. missuniversusa.com
- ↑ Saim, Amira. (2021-04-15). Valentina Ferrer y J Balvin serán padres: Vogue revela la primera imagen de la modelo y el cantante. Vogue
- ↑ Flores, Griselda. (2021-04-15). J Balvin & Valentina Ferrer Are Expecting Their First Baby: See the Announcement. Billboard
- ↑ Flores, Griselda. (2021-07-01). J Balvin & Valentina Ferrer Welcome Their First Baby: See the Photo. Billboard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলেণ্টিনা ফেৰাৰ” প্ৰবন্ধৰ সংশোধন ৫৯৬২৪২ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।