মিচেল য়হ চু কেং(; জন্মনাম: য়হ চু কেং; ৬ আগষ্ট, ১৯৬২)১ এগৰাকী মালয়েচিয়ান অভিনেত্ৰী। তেওঁৰ প্ৰাৰম্ভিক চলচ্চিত্ৰসমূহত তেওঁ মিচেল খান নামেৰে অভিনয় কৰিছিল, হংকঙৰ একচন চলচ্চিত্ৰৰ এটি শৃংখলাত অভিনয় কৰাৰ পিছত ১৯৯০ ৰ দশকত ইয়েছ, মেডাম (১৯৮৫), পুলিচ ষ্ট’ৰি থ্ৰী: চুপাৰকপ (১৯৯২) আৰু হলি ৱেপন (১৯৯৩) আদি চলচ্চিত্ৰৰ জৰিয়তে মিচেলে খ্যাতি লাভ কৰিছিল য’ত তেওঁ নিজৰ ষ্টাণ্ট প্ৰদৰ্শন কৰিছিল। তেওঁ জেমছ বণ্ডৰ ছবি টুমৰু নেভাৰ ডাইজ (১৯৯৭) আৰু এং লীৰ মাৰ্চিয়েল আৰ্ট ছবি ক্ৰাউচিং টাইগাৰ, হিডেন ড্ৰেগন (২০০০)ত কৰা অভিনয়ৰ বাবে আন্তৰ্জাতিক স্বীকৃতি লাভ কৰে। পিছৰ চৰিত্ৰটোৰ বাবে মিচেলে বাফটা শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন অৰ্জন কৰিছিল।
য়হৰ অন্যান্য কামসমূহৰ ভিতৰত আছে মেম’ৰছ অফ এ গেইছা (২০০৫), ৰেইন অৱ এচেছিনছ (২০১০), কুং ফু পাণ্ডা টু (২০১১), ক্ৰাউচিং টাইগাৰ, হিডেন ড্ৰেগন: ছৰ্ড অৱ ডেষ্টিনি (২০১৬), আৰু দ্য লেডী (২০১১), য’ত তেওঁ আং চান চ্যু কিৰ চৰিত্ৰটি ৰূপায়ণ কৰিছিল। মিচেলে ৰোমাণ্টিক কমেডী ক্ৰেজি ৰিচ এছিয়ানছ (২০১৮) আৰু লাষ্ট খ্ৰীষ্টমাছ (২০১৯), আৰু মাৰ্ভেল চিনেমাটিক ইউনিভাৰ্ছৰ ছবি শ্বাং-চি এণ্ড দ্য লেজেণ্ড অফ দ্য টেন ৰিংছ (২০২১)ত সহ অভিনেত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। দূৰদৰ্শনত, ২০১৭ চনৰ পৰা ২০২০ চনলৈ বিজ্ঞান কল্পকাহিনী শৃংখলা ষ্টাৰ ট্ৰেক: ডিস্কভাৰীত য়হই এটি পিৰিয়দিক চৰিত্ৰ কৰিছিল, আৰু কল্পনামূলক মিনিচিৰিজ দ্য উইচাৰ: ব্লাড অৰিজিন (২০২২)তো তেওঁক দেখা গৈছিল। ২০২২ চনত, মিচেলে কল্পবিজ্ঞান চলচ্চিত্ৰ এভৰিথিং এভ্ৰিহোৱেৰ অল এট ৱানছত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ গ’ল্ডেন গ্লৱ বঁটা লাভ কৰে আৰু ২০২৩ বৰ্ষত একেখন চলচ্চিত্ৰৰ বাবে একে শিতানত একাডেমী বঁটা লাভ কৰা প্ৰথম গৰাকী এছিয়ান তথা মালয়েছিয়ান অভিনেত্ৰী হিচাপে সমালোচকৰ দ্বাৰা প্ৰশংসিত হৈছে।২৩৪৫৬
চলচ্চিত্ৰ পৰ্যালোচনা একত্ৰীকৰণ ৱেবছাইট ‘ৰটেন টমেট'ছে’ তেওঁক ২০০৮ চনত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ একচন নায়িকা হিচাপে স্থান দিছিল।৭ ১৯৯৭ চনত তেওঁক ‘পিপ’ল’ (People) আলোচনীয়ে ‘ফিফটি মষ্ট বিউটিফুল পিপ’ল অৱ দ্য ৱৰ্ল্ড’ ৰ এগৰাকী হিচাপে বাছনি কৰে, আৰু ২০০৯ চনত একেখন আলোচনীয়ে তেওঁক ‘থাৰ্টি ফাইভ অল টাইম স্ক্ৰীণ বিউটি’ তালিকাত স্থান দিয়ে।৮ ২০২২ চনত ‘টাইম’ আলোচনীয়ে তেওঁক ‘আইকন অফ দা ইয়েৰ’ সন্মান দিয়াৰ লগতে ইয়াৰ বাৰ্ষিক তালিকাত বিশ্বৰ ১০০ জন আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ এজন হিচাপে নামাকৰণ কৰে।৯১০
তথ্যসূত্ৰ
- ↑ Encyclopædia Britannica Almanac 2010, p. 75
- ↑ (12 December 2022). Golden Globes 2023: Nominations List. Variety
- ↑ Ordoña, Michael; Phillips, Jevon. (24 January 2023). Here are the 2023 Oscar nominees: live updates. Los Angeles Times
- ↑ Pulver, Andrew. (2023-03-13). Michelle Yeoh wins best actress Oscar for Everything Everywhere All at Once. The Guardian
- ↑ Cava, Marco della. Michelle Yeoh wins best actress, making Oscars history: 'A beacon of hope and possibilities'. USA TODAY
- ↑ Groom, Nichola. (2023-03-13). Michelle Yeoh wins best actress Oscar for 'Everything Everywhere All at Once'. Reuters
- ↑ Total Recall: The 25 Best Action Heroines of All Time. Rotten Tomatoes
- ↑ (28 September 2009). 35 All-Time Screen Beauties. People
- ↑ The 100 Most Influential People of 2022. Time
- ↑ Time names Michelle Yeoh its 2022 Icon of the Year. She's ready for Oscars love too. Los Angeles Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিচেল য়হ” প্ৰবন্ধৰ সংশোধন ৫৩৭০২৪ (৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।