ভেলেৰী ফ্লোৰিন হুবেৰ (ইংৰাজী ভাষা: Valerie Florine Huber; জন্ম: ৪ জানুৱাৰী ১৯৯৬) এগৰাকী অষ্ট্ৰিয়ান অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপ বিজয়ী। তেওঁৰ শেহতীয়া চৰিত্ৰটো হৈছে আইন শ্ৰীট জুম আবগ্ৰুণ্ড (ডক্টৰ ফষ্টাৰৰ জাৰ্মান সংস্কৰণ) নামৰ ধাৰাবাহিকখনৰ ল'ৰা।
জীৱনী
প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰৰ আৰম্ভণি
ভেলেৰীৰ শৈশৱৰ অভিজ্ঞতা বৈচিত্ৰ্যপূৰ্ণ আছিল কাৰণ তেওঁলোক বিভিন্ন ঠাইত থাকিবলগীয়া হৈছিল। মিছ আৰ্থৰ ৱেবছাইটত প্ৰকাশিত তথ্য অনুসৰি, ভেলেৰীৰ জন্ম অষ্ট্ৰিয়াৰ ভিয়েনাত হৈছিল যদিও মাত্ৰ ৬ মাহ বয়সতে তেওঁলোকৰ পৰিয়ালটো আফ্ৰিকালৈ স্থানান্তৰিত হয়। তেওঁ প্ৰথম তিনি বছৰ আইভৰী ক’ষ্টৰ আবিদজানত আৰু চাৰি বছৰ উগাণ্ডাৰ কাম্পালাত অতিবাহিত কৰিছিল, য’ত তেওঁৰ পিতৃয়ে এটা আন্তঃৰাষ্ট্ৰীয় সাহায্য সংস্থাৰ বাবে কাম কৰিছিল।১ তেওঁৰ বয়স সাত বছৰ হওঁতে তেওঁলোক পুনৰ ভিয়েনালৈ উভতি আহে। ভিয়েনাত থকাৰ সময়ত তেওঁ এখন দ্বিভাষিক প্ৰাথমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল আৰু এখন অষ্ট্ৰিয়ান টিভি ধাৰাবাহিকত এজন মুখ্য শিল্পী হিচাপে অংশ লৈছিল। পাঁচ বছৰৰ পাছত তেওঁ আৰু তেওঁৰ পৰিয়াল ৱাশ্বিংটন ডি.চি.লৈ যায় আৰু তাত তেওঁ জাৰ্মান ইণ্টাৰনেশ্যনেল স্কুলত ভৰ্তি হয়। চাৰি বছৰৰ পাছত তেওঁ ভিয়েনাত এখন দ্বিভাষিক জিমনেছিয়ামত অধ্যয়ন আৰম্ভ কৰে। ২০১৪ চনত তেওঁ 'শ্বাউচপিলশ্বুলে ক্ৰাউছ'ত নাট্য প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰে আৰু ২০১৭ চনত ইয়াৰ সামৰণি মাৰে।
শৈশৱৰ বৈচিত্ৰ্যপূৰ্ণ অভিজ্ঞতাই তেওঁক জীৱনৰ বহু পাঠ শিকাইছিল। তেওঁৰ মতে, "মুঠৰ ওপৰত মই ক’ব নোৱাৰোঁ যে মই এগৰাকী সাধাৰণ অষ্ট্ৰিয়ান মহিলা। নহয়, মই এগৰাকী পৃথিৱীৰ কন্যা। অষ্ট্ৰিয়ান, আফ্ৰিকান আৰু আমেৰিকান সংস্কৃতিৰ এক মিশ্ৰণ।"
২০২১ চনৰ নেটফ্লিক্স ধাৰাবাহিক কিটজত তেওঁ ইনষ্টাগ্ৰাম মডেল ভানেছা ভন হোহেনফেল্ডৰ চৰিত্ৰত অভিনয় কৰিছিল।২
২০২২ চনৰ জানুৱাৰী মাহত তেওঁ পল পিজ্জেৰাৰ সৈতে বিবাহপাশত আবদ্ধ হ’বলৈ থিৰাং কৰে।৩
সৌন্দৰ্য প্ৰতিযোগিতা
মিছ আৰ্থ অষ্ট্ৰিয়া
ভেলেৰীয়ে ২০১৪ চনৰ মিছ আৰ্থ অষ্ট্ৰিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁ শীৰ্ষ ছয়গৰাকী চূড়ান্ত প্ৰতিযোগীৰ মাজত স্থান লাভ কৰিছিল। তেওঁ আন পাঁচগৰাকী প্ৰতিযোগীক পৰাস্ত কৰি ২০১৪ চনৰ খিতাপ জয় কৰিবলৈ সক্ষম হয়। তেওঁ কাটিয়া ৱেগনাৰৰ উত্তৰাধিকাৰী হয়।
মিছ আৰ্থ ২০১৪
"মই আমাৰ মূল-মন্ত্ৰটোত গুৰুত্ব দিব বিচাৰোঁ - এটা উদ্দেশ্যৰ বাবে সৌন্দৰ্য। সৌন্দৰ্য আৰু জ্ঞান ব্যৱহাৰ কৰি অভাৱীসকলৰ মাজত সজাগতা সৃষ্টি কৰা, মানৱীয় আৰু পাৰিপাৰ্শ্বিক প্ৰকল্পসমূহক সমৰ্থন কৰা আৰু আমাৰ পৃথিৱীৰ অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া—মই ইয়াৰ পক্ষত থিয় দিছোঁ।"
— —মিছ আৰ্থৰ বাবে ভেলেৰী হুবেৰৰ বাৰ্তা।
মিছ আৰ্থ অষ্ট্ৰিয়া জয় কৰাৰ পাছত ভেলেৰীয়ে নৱেম্বৰ মাহত ফিলিপাইনছলৈ গৈ প্ৰায় ১০০ গৰাকী প্ৰতিযোগীৰ সৈতে এলিছ হেনৰিকৰ উত্তৰাধিকাৰী হিচাপে মিছ আৰ্থ খিতাপৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে।৪৫
প্ৰতিযোগিতাৰ শেষত তেওঁ ছেমি ফাইনেল ৰাউণ্ডত প্ৰৱেশ কৰিবলৈ সক্ষম নহ’ল। মিছ আৰ্থ ২০১৪ খিতাপ ফিলিপাইনছৰ জেমি হেৰেল জয় কৰে।৬৭৮
বাহ্যিক সংযোগ
- মিছ আৰ্থৰ অফিচিয়েল ৱেবছাইটত ভেলেৰী
- মিছ আৰ্থৰ অফিচিয়েল ৱেবছাইট
- মিছ আৰ্থ অষ্ট্ৰিয়াৰ অফিচিয়েল ৱেবছাইট
তথ্যসূত্ৰ
- ↑ Britzelmeier, Elisa. (13 February 2020). Valerie Huber in 'Ein Sommer auf Mykonos': Porträt. Süddeutsche.de
- ↑ (2024-11-07). Reparto de Kitz (serie 2021). Creada por Niko Schulz-Dornburg, Vitus Reinbold. La Vanguardia
- ↑ (7 January 2022). Musiker Paul Pizzera und Schauspielerin Valerie Huber sind verlobt. kurier.at
- ↑ Blanco, Eunice. (2013). Alyz Henrich of Venezuela is Miss Earth 2013. Philippine Star
- ↑ (2013). Venezuela's Alyz Henrich wins Miss Earth 2013. MSN
- ↑ Locsin, Joel. (2014). Pinay bags Miss Earth 2014 title. GMA Network
- ↑ Жигарева, Гертруда. (2014). Россиянка получила титул "Мисс огонь" на конкурсе "Мисс Земля". Moskovskij Komsomolets
- ↑ (2014). Miss Earth 2014 Crown Goes To Miss Philippines. Travelers Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেলেৰী হুবেৰ” প্ৰবন্ধৰ সংশোধন ৬০২৫৭৯ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।