ভানেছা চাণ্টাল পাৰাডিছ (ইংৰাজী ভাষা: Vanessa Chantal Paradis; জন্ম: ২২ ডিচেম্বৰ, ১৯৭২)১২ এগৰাকী ফৰাচী গায়িকা, মডেল আৰু অভিনেত্ৰী। পাৰাডিছে মাত্ৰ ১৪ বছৰ বয়সতে তেওঁৰ একক গীত "জো লে টেক্সি" (১৯৮৭)-ৰ আন্তঃৰাষ্ট্ৰীয় সফলতাৰ জৰিয়তে পোনপ্ৰথমে প্ৰশংসা লাভ কৰিছিল।৩ ১৮ বছৰ বয়সত তেওঁক গায়িকা আৰু অভিনেত্ৰী উভয় হিচাপে ফ্ৰান্সৰ সৰ্বোচ্চ সন্মানপ্ৰাপ্ত 'প্ৰিক্স ৰোমি শ্বনাইডাৰ'৪ আৰু জঁ-ক্লড ব্ৰিছ’ৰ নোচ ব্লাঞ্চ ছবিৰ বাবে 'আটাইতকৈ প্ৰতিশ্ৰুতিসম্পন্ন অভিনেত্ৰীৰ চেজাৰ বঁটা'৫৬ প্ৰদান কৰা হয়। ইয়াৰ উপৰি তেওঁ তেওঁৰ এলবাম ভেৰিয়েশ্যন চুৰ লে মেমে টি’এমে-ৰ বাবে শ্ৰেষ্ঠ মহিলা গায়িকাৰ 'ভিক্টৰেছ ডি লা মিউজিক' বঁটা লাভ কৰে।৭
তেওঁৰ আটাইতকৈ উল্লেখযোগ্য চলচ্চিত্ৰসমূহৰ ভিতৰত জেৰাৰ্ড ডেপাৰ্ডিউৰ সৈতে এলিছা (১৯৯৫),৮ জঁ ৰেনোৰ বিপৰীতে উইচ ৱে লাভ (১৯৯৭), আৰু ডেনিয়েল অটুইলৰ সৈতে গাৰ্ল অন দ্য ব্ৰিজ (১৯৯৯) আদি অন্যতম।
প্ৰাৰম্ভিক জীৱন
পাৰাডিছৰ জন্ম পেৰিছৰ উপকণ্ঠ অঞ্চলৰ চেইণ্ট-মৌৰ-ডেছ-ফছ্ছত গৃহসজ্জা শিল্পী (interior designer) আন্দ্ৰে আৰু কৰিন পাৰাডিছৰ ঘৰত হৈছিল। সৰু থাকোঁতেই তেওঁ নৃত্যৰ পাঠ গ্ৰহণ কৰিছিল, পিয়ান’ৰ প্ৰাথমিক শিক্ষা লৈছিল আৰু শিশু মডেলৰ কাষ্টিং ছেছনবোৰত অংশগ্ৰহণ কৰিছিল। সাত বছৰ বয়সত পাৰাডিছে শিশু গায়ক-গায়িকাৰ এটা প্ৰতিভা অন্বেষণ অনুষ্ঠান ল’ইক’ল ডেছ ফেনছত অংশগ্ৰহণ কৰিছিল।৯
ব্যক্তিগত জীৱন
১৫ বছৰ বয়সত পাৰাডিছে ২৬বছৰীয়া ফৰাচী গায়ক ফ্ল’ৰেণ্ট পাগনীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে। এই সম্পৰ্ক ১৯৯১ চনত শেষ হয়। ১৯৯১ চনৰপৰা ১৯৯৬ চনলৈ তেওঁ লেনি ক্ৰাভিট্জৰ সৈতে সম্পৰ্কত আছিল, যিয়ে তেওঁৰ ১৯৯২ চনৰ ভানেছা পাৰাডিছ নামৰ এলবামটো প্ৰযোজনা কৰিছিল।১০১ ১৯৯৭ চনৰপৰা ১৯৯৮ চনলৈকে তেওঁ ফৰাচী অভিনেতা ষ্টেনিছলাছ মেৰহাৰৰ সৈতে সম্পৰ্কত আছিল।
১৯৯৮ চনৰপৰা ২০১২ চনলৈ পাৰাডিছ আমেৰিকান অভিনেতা জনি ডেপৰ সৈতে সম্পৰ্কত আছিল।১১ তেওঁলোকৰ লিলি-ৰোজ ডেপ (জন্ম: ১৯৯৯) নামৰ এজনী কন্যা১২১৩ আৰু জন "জেক" ক্ৰিষ্টোফাৰ ডেপ ৩য় (জেক ডেপ) (জন্ম: ২০০২) নামৰ এজন পুত্ৰ সন্তান আছে।১৪
২০১৪ চনৰ মে’ মাহত ডুবাইত অনুষ্ঠিত এটা চেনেল শ্ব’ত ভানেছা পাৰাডিছে ফৰাচী গায়ক বেঞ্জামিন বিঅ’লেৰ সৈতে তেওঁৰ সম্পৰ্ক নিশ্চিত কৰে। ২০১৫ চনৰ মে’ মাহত তেওঁলোকৰ বিচ্ছেদ ঘটে। ২০১৬ চনৰ নৱেম্বৰ মাহত তেওঁ চেমুৱেল বেনচেট্ৰিটৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে, যিয়ে তেওঁৰ পঞ্চমখন ছবি ডগ-ত পাৰাডিছক পৰিচালনা কৰিছিল।১৫১৬ ২০১৮ চনৰ জুন মাহত পাৰাডিছ আৰু বেনচেট্ৰিটে চেইণ্ট-চিমিঅ’ন চহৰত বিবাহপাশত আবদ্ধ হয়।১৭ চেইণ্ট-চিমিঅ’নৰ ওচৰতে ভানেছা পাৰাডিছৰ এখন গ্ৰাম্য ফাৰ্মহাউচ আছে আৰু তেওঁৰ প্ৰয়াত পিতৃয়ে সেই নিস্তব্ধ অঞ্চলটোত এটা সৰু ৰেষ্টুৰেণ্ট চলাইছিল।১৮১৯
পাৰাডিছৰ ভগ্নী আলিসন পাৰাডিছো এগৰাকী অভিনেত্ৰী।২০২১
বাহ্যিক সংযোগ
- Vanessa Paradis at Universal Music
তথ্যসূত্ৰ
- ↑ Vanessa Paradis biography. Biography.com
- ↑ Leigh. (22 December 2010). Happy Birthday, Vanessa Paradis! You're 38 Today, December 22!. The Hollywood Reporter
- ↑ bourhis, Eric Le. (2021-09-23). Florent Pagny - Portrait d'un éternel rebelle. Editions Prisma. ISBN 978-2-8104-3623-1
- ↑ Deloeuvre, Guy. Romy Schneider: Un Ange Aux Yeux Tristes. Laurent Poret
- ↑ Royer, Hugues. (2014-10-29). Vanessa Paradis: La vraie histoire. Flammarion. ISBN 978-2-08-134989-6
- ↑ Kiefer, Halle. (2021-03-12). French Actress Dons Donkey Costume, Strips Nude in César Awards Demonstration. Vulture
- ↑ Lecoeuvre, Fabien. (2017-11-15). 1001 histoires secrètes de chansons. Editions du Rocher. ISBN 978-2-268-09848-7
- ↑ Creton, Laurent; l'audiovisuel, Université de Paris III Groupe de recherche en économie del cinema et de. (2002). Le cinéma à l'épreuve du système télévisuel. CNRS Éditions via OpenEdition. ISBN 978-2-271-06094-5
- ↑ La date est validée sur le site de l'Ina sur cette page
- ↑ Wakam, Tatiana. (26 May 2021). Vanessa Paradis: comment Lenny Kravitz l'a fait souffrir. Gala
- ↑ (19 June 2012). Johnny Depp & Vanessa Paradis Officially Split. People
- ↑ (10 May 2011). Johnny Depp Profile. Metacritic
- ↑ Nepales, Ruben V. (10 May 2012). Johnny Depp laments fan sites for daughter. Philippine Daily Inquirer
- ↑ (18 September 2002). Baby boy for Depp and Paradis. BBC News
- ↑ Staff. (25 November 2016). Who is Samuel Benchetrit, the new lover Vanessa Paradis?. sivertimes.com
- ↑ Staff. Revenge Vanessa Paradis Johnny Depp. capelino.com
- ↑ Vanessa Paradis weds. Music-News.com
- ↑ Vanessa Paradis, Johnny Depp's Ex, Marries Film Director Samuel Benchetrit in France. People
- ↑ (July 2018). Vanessa Paradis et Samuel Benchetrit se sont mariés en Seine-et-Marne. actu.fr
- ↑ Alysson Paradis. PurePeople.com
- ↑ Alysson Paradis. AlloCiné
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভানেছা পাৰাডিছ” প্ৰবন্ধৰ সংশোধন ৫৯৬০৯৭ (২৮ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।