অসমীয়া ভাষাৰ আলোচনা সভাৰ জন্ম হয় ১৮৯০ চনৰ ১৩ নৱেম্বৰ দেওবাৰে লম্বোদৰ বৰাৰ বাসগৃহত অনুষ্ঠিত হোৱা আলোচনামৰ্মে। এই সভাৰ সৈতে লম্বোদৰ বৰা, পণ্ডিত জয়দেৱ শৰ্মা, কালিনাথ হাজৰিকা, বংশীধৰ বৰুৱা, ঘনকান্ত চলিহাৰ আদি উল্লেখযোগ্য ব্যক্তিসকল জড়িত আছিল। ১
উদ্দেশ্য
অসমীয়া ভাষাৰ আলোচনা সভাৰ প্ৰাথমিক উদ্দেশ্য বহুমুখী আছিল:
- প্ৰতিষ্ঠান স্থাপনঃ এই সভাৰ লক্ষ্য আছিল সমাজৰ ভিতৰত বৌদ্ধিক আৰু সাংস্কৃতিক বৃদ্ধিৰ বাবে পুথিভঁৰাল আৰু টাউন হলৰ দৰে মূল প্ৰতিষ্ঠান স্থাপন কৰা।
- হেমকোষ অভিধানৰ বাবে ধন সংগ্ৰহঃ এই সভাই হেমকোষ অভিধানৰ বাবে আগতীয়াকৈ ধন সংগ্ৰহৰ প্ৰচেষ্টা হাতত লৈছিল।
- প্ৰকাশন সাহায্যঃ গ্ৰন্থ প্ৰকাশত সহায় সহযোগিতা কৰাৰ প্ৰয়াস কৰা হৈছিল, যাৰ ফলত অসমৰ সাহিত্যিক পৰিৱেশ সমৃদ্ধ হৈছিল।
- কেটেলগিং আৰু সংৰক্ষণ: হাতেলিখা পুথিৰ তালিকা প্ৰনয়ণ, পুৰণি পুথিৰ সংৰক্ষণ,নথিভুক্তকৰণ কৰা কাৰ্যত সভাই গুৰুত্ব আৰোপ কৰা।
- ধৰ্মীয় আৰু সাংস্কৃতিক পদক্ষেপঃ অসমীয়া সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হল নামঘৰ। নামঘৰ নিৰ্মাণৰ দৰে পদক্ষেপৰ ওপৰতো সভাই গুৰুত্ব আৰোপ কৰে। ১
সভাৰ সৈতে জড়িত ব্যক্তিসকল
অসমীয়া ভাষাৰ আলোচনা সভাৰ জড়িত হৈ প্ৰাৰম্ভিক কালতে তেজপুৰ চহৰৰ লগতে অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰচাৰ,প্ৰসাৰ আৰু সংৰক্ষণৰ যি বিশেষ প্ৰচেষ্টা আৰম্ভ কৰিছিল সেই কেইগৰাকীমান বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰা হ'ল - লম্বোদৰ বৰা, পণ্ডিত জয়দেৱ শৰ্মা, কালিনাথ হাজৰিকা, বংশীধৰ বৰুৱা, ঘনকান্ত চলিহা।
লগতে পঢ়ক
তথ্যসূত্ৰ
- ↑ Hazarika,Atul Chandra. Manchalekha. Ed.1st. পৃ. 432
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া ভাষাৰ আলোচনা সভা” প্ৰবন্ধৰ সংশোধন ৪৩৪৭০৩ (২ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।