অনুষ্ঠান প্ৰতিষ্ঠান
৯১ প্ৰবন্ধ
-
লাডাখৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু সাংস্কৃতিক আন্দোলন
লাডাখৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষা আৰু সাংস্কৃতিক আন্দোলন (SECMOL) ভাৰতৰ লাডাখৰ লেহত অৱস্থিত ভাৰতীয় বেচৰকাৰী সংস্থা।
-
সংহত কাৰ্বন পৰ্যবেক্ষণ ব্যৱস্থা
সংহত কাৰ্বন পৰ্যবেক্ষণ ব্যৱস্থা (ICOS) ইউৰোপ আৰু কাষৰীয়া অঞ্চলসমূহৰ সেউজ গৃহ গেছৰ ভৰসাম্য পৰিমাণীকৰণৰ বাবে এক গৱেষণাসহায়ক আন্তঃগাঁথনি। ২০১৫ চনৰ নৱেম্বৰ মাহত ইউৰোপীয় আয়োগৰ সিদ্ধান্ত অনুসৰি ই ই আৰ আই চি (ইউৰোপীয় গৱেষণা আন্তঃগাঁথনি কনচৰ্টিয়াম)ৰ আন্তৰ্জাতিক আইনী মৰ্যাদা লাভ কৰে।
-
ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস
ৰাষ্ট্ৰীয় গ্ৰন্থ ন্যাস (National Book Trust) ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনত স্বায়ত্তশাসিত সংস্থা হিচাপে ১৯৫৭ চনত প্ৰতিষ্ঠা কৰা ভাৰতৰ দিল্লীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় চৰকাৰী প্ৰকাশন প্ৰতিষ্ঠান।
-
ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম
ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগম (National Skill Development Corporation - NSDC) হ’ল ২০০৮ চনৰ ৩১ জুলাইত কোম্পানী আইন, ১৯৫৬-ৰ ধাৰা ২৫ (যিটো কোম্পানী আইন, ২০১৩-ৰ ধাৰা ৮-ৰ সমকক্ষ)-ৰ অধীনত পঞ্জীয়ন কৰা এক অনা-লাভকাৰী পাব্লিক লিমিটেড কোম্পানী।
-
অপৰাধ অনুসন্ধান বিভাগ (ভাৰত)
অপৰাধ অনুসন্ধান বিভাগ বৃটিছ আৰক্ষী বাহিনীৰ অপৰাধ অনুসন্ধান বিভাগৰ ওপৰত ভিত্তি কৰি অপৰাধৰ তদন্তৰ দায়িত্বত থকা ভাৰতৰ ৰাজ্যিক আৰক্ষী বিভাগসমূহৰ এটা বিশেষ শাখা ক্ৰাইম ব্ৰাঞ্চ বুলিও জনা যায়।
-
অষ্ট্ৰেলিয়ান ফেয়াৰী টেল ছচাইটি
অষ্ট্ৰেলিয়ান ফেয়াৰী টেল ছচাইটি (চমুকৈ AFTS) হৈছে শিক্ষাবিদ, শিল্পী, গল্পকাৰ, সংগীতজ্ঞ, লেখক আৰু সাধুকথা প্ৰেমীসকলৰ এটা সমাজ যিয়ে ২০১৩ চনৰ পৰা অষ্ট্ৰেলীয় দৃষ্টিভংগীৰে সাধুকথাৰ অন্বেষণৰ উদ্দেশ্যে কাম কৰি আছে।
-
অসম এছ'চিয়েচন অফ নৰ্থ আমেৰিকা
অসম এছ'চিয়েচন অফ নৰ্থ আমেৰিকা বা চমুকৈ আনা (Assam Association of North America) হৈছে কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি উত্তৰ আমেৰিকাত বাস কৰা ভাৰতৰ অসমবাসী, তেওঁলোকৰ প্ৰজন্ম তথা বৈবাহিক সুত্ৰত অনা-অসমীয়া পতি বা পত্নীৰ এক জাতীয় সংগঠন।
-
আপ্পন সমাচাৰ
আপ্পন সমাচাৰ (হিন্দী: अप्पन समाचार) হৈছে সকলো মহিলাৰ গ্ৰাম্য বাতৰি নেটৱৰ্ক। বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ প্ৰান্তীয় দলিত, অন্যান্য পিছপৰা শ্ৰেণী, মুছাহাৰ (নিগনি খোৱা সম্প্ৰদায়) আৰু মুছলমান সম্প্ৰদায়ৰ অধিকাংশই প্ৰান্তীয় দলিত, অন্যান্য পিছপৰা শ্ৰেণীৰদ্বাৰা পৰিচালিত পষেকীয়া গ্ৰাম্য নিউজ চেনেল।
-
আৰক্ষী অভিযোগ কৰ্তৃপক্ষ (ভাৰত)
আৰক্ষী অভিযোগ কৰ্তৃপক্ষ (PCA) হৈছে এটা সংস্থা যিয়ে ভুল বা তদন্তৰ কেণা লগা, এফআইআৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰা, জিম্মাত লোৱা নিৰ্যাতন আৰু আৰক্ষীৰ বিৰুদ্ধে উচ্চ হাতৰ অভিযোগৰ ওপৰত বিচাৰ কৰে।
-
ইণ্ডিয়ান টি এচ'ছিয়েছন
ভাৰতীয় চাহ সন্থা (আই টি এ) ভাৰতীয় চাহ উৎপাদকসকলৰ এক বাণিজ্যিক সংস্থা। মুখ্য কাৰ্যালয় কলিকতা (কলকাতা)ত।
-
ইণ্ডিয়ান নাৰ্ছ এছোছিয়েচন
ইণ্ডিয়ান নাৰ্ছ এছ’চিয়েচন চমুকৈ আই এন এ ভাৰতৰ নাৰ্ছসকলৰ বাবে এক পঞ্জীয়নভুক্ত পেছাদাৰী সংস্থা আৰু ট্ৰেড ইউনিয়ন।
-
কম্পিউটাৰ আৰু ইণ্টাৰনেট প্ৰট’কল ঠিকনা পৰীক্ষক
কম্পিউটাৰ আৰু ইণ্টাৰনেট প্ৰট’কল ঠিকনা পৰীক্ষক (CIPAV) ইলেক্ট্ৰনিক নিৰীক্ষণৰ অধীনত সন্দেহযুক্ত লোকৰ স্থানৰ তথ্য অনুসৰণ আৰু সংগ্ৰহ কৰিবলৈ ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচনে (এফ বি আই) ব্যৱহাৰ কৰা এটা তথ্য সংগ্ৰহৰ আহিলা।
-
কোচিন শ্বিপয়াৰ্ড লিমিটেড
কোচিন শ্বিপয়াৰ্ড লিমিটেড (Cochin Shipyard Limited) বা চমূকৈ CSL হৈছে ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ আৰু মেৰামতি প্ৰতিষ্ঠান। এয়া বিশ্বৰ অতি কমসংখ্যক শ্বিপয়াৰ্ডৰ ভিতৰত অন্যতম, যিয়ে এখন বিমানবাহী যুদ্ধজাহাজ নিৰ্মাণ কৰে।
-
গণ্ডিছাপুৰ একাডেমী
গণ্ডিশাপুৰ একাডেমী বা জোণ্ডিশাপুৰ একাডেমী (Academy of Gondishapur or Academy of Jondishapur) ক গণ্ডিশাপুৰ বিশ্ববিদ্যালয় বুলিও জনা যায়, ইৰাণৰ খোজেস্তানত ছাছানিদ যুগৰ একাডেমিক শিক্ষণ কেন্দ্ৰটো বহু পুৰণি। ১৭০০ বছৰতকৈও অধিক পুৰণি এই ঐতিহাসিক বিশ্ববিদ্যালয়ত এখন চিকিৎসালয় আৰু এটা পুথিভঁৰালো আছিল।
-
গান্ধী গ্লবেল ফেমিলি
গান্ধী গ্লবেল ফেমিলি (Gandhi Global Family, চমুকৈ জি জি এফ) হৈছে ৰাষ্ট্ৰসংঘৰ বিশ্বব্যাপী যোগাযোগ বিভাগৰ স্বীকৃত এটি শান্তি এন জি অ' যি যুৱসকলৰ মাজত মহাত্মা গান্ধী, মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু নেলছন মেণ্ডেলাৰ আদৰ্শ প্ৰচাৰ কৰে।
-
ছিষ্টাৰ-হুড
ছিষ্টাৰ-হুড (Sister-hood) হৈছে ২০০৭ চনত নৰৱেৰ চলচ্চিত্ৰ নিৰ্মাতা আৰু মানৱ অধিকাৰ কৰ্মী দীয়া খানে তেওঁৰ মেডিয়া আৰু কলা প্ৰযোজনা প্ৰতিষ্ঠান ফুউছৰ জৰিয়তে প্ৰতিষ্ঠা কৰা মুছলমান পৰম্পৰাৰ মহিলাসকলৰ কণ্ঠস্বৰৰ বাবে এক আন্তৰ্জাতিক মঞ্চ।
-
ডিপ্ল’পিডিয়া
ডিপ্ল’পিডিয়া, যাক আমেৰিকাৰ বিদেশ বিভাগৰ বিশ্বকোষ বুলি দাবী কৰা হয়, ৰাষ্ট্ৰৰ অভ্যন্তৰীণ ইণ্ট্ৰানেটত চলি থকা এটা ৱিকি, যাক “অপেননেট’’ বুলি কোৱা হয়। ইয়াত কূটনীতি, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক, আৰু ৰাষ্ট্ৰ বিভাগৰ ট্ৰেডক্ৰাফ্টৰ সৈতে জড়িত তথ্যৰ এক অনন্য সংগ্ৰহ আছে।
-
ডেট্ৰইট ষ্টাডী ক্লাৱ
ডেট্ৰইট ষ্টাডী ক্লাৱ ১৮৯৮ চনত মিচিগানৰ ডেট্ৰইটত আফ্ৰিকান আমেৰিকান মহিলাসকলে গঠন কৰা এক কৃষ্ণাংগ মহিলা সাহিত্য সংগঠন, যিসকলে ব্যক্তিগতভাৱে বৌদ্ধিক কৃতিত্ব লাভ কৰিছিল আৰু কৃষ্ণাংগ সম্প্ৰদায়ৰ সামাজিক উন্নতিৰ বাবে উৎসৰ্গিত আছিল।
-
তেজপুৰ উন্নয়ন প্ৰাধিকৰণ
তেজপুৰ উন্নয়ন প্ৰাধিকৰণ হৈছে ভাৰতৰ তেজপুৰ চহৰত পৰিকল্পিতভাৱে আন্তঃগাঁথনি আৰু আৱাস প্ৰকল্পৰ উন্নয়নৰ বাবে সৃষ্টি কৰা বিধিগত নাগৰিক সংস্থা। বৰ্তমানৰ ভাৰতীয় নগৰ উন্নয়ন প্ৰাধিকৰণৰ ভেটি ১৮৯৬ চনত বোম্বে প্লেগৰ ফলত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰৰ যুগত ডিজাইন কৰা গাঁথনিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।
-
দিল্লী গলফ ক্লাব
দিল্লী গলফ ক্লাব (DGC) ভাৰতৰ দিল্লীত অৱস্থিত এটা প্ৰখ্যাত গলফ ক্লাব। সদস্যপদ পোৱাটো অতি কঠিন, নতুন সদস্যৰ বাবে ৫০ বছৰৰো অধিক অপেক্ষাৰ সময়। ই দিল্লীৰ শীৰ্ষ পৰ্যটনস্থলী যেনে ইণ্ডিয়া গেট, হুমায়ুনৰ সমাধিক্ষেত্ৰ, দিল্লী চিৰিয়াখানা আৰু লোধি উদ্যানৰ ওচৰত।
-
দিল্লী মেট্ৰ ৰে'ল নিগম
দিল্লী মেট্ৰ' ৰেল নিগম (ডিএমআৰচি) হৈছে কেন্দ্ৰ-ৰাজ্যৰ যৌথ উদ্যোগ যিয়ে দিল্লী মেট্ৰ' আৰু নয়ডা মেট্ৰ' পৰিচালনা কৰে। ভাৰত আৰু বিদেশত মেট্ৰ' ৰে'ল, মনোৰেল, আৰু দ্ৰুতবেগী ৰে'ল প্ৰকল্পৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰতো ডিএমআৰচি জড়িত।
-
দুলিয়াজান সাহিত্য সভা
সাহিত্য সভাৰ এটা শাখা দুলীয়াজান সাহিত্য সভা। ১৯৬৪ চনৰ ৮ ফেব্ৰুৱাৰী তাৰিখে এই শাখা প্ৰতিষ্ঠা হৈছিল। যদিও অসম সাহিত্য সভাৰ এক শাখা হিচাপে দুলীয়াজান সাহিত্য সভাই কাম কৰি আছে তথাপি এই শাখাৰ সৈতে 'শাখা সাহিত্য সভা' লিখা নহয়।
-
দুলীয়াজান ক্লাব
দুলীয়াজান ক্লাব দুলীয়াজানৰ মাজমজিয়াত অৱস্থিত এটা অনুষ্ঠান। অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত কৰ্মচাৰীসকলে পেচাগত চিন্তাধাৰাৰ পৰা নিজকে নিলগাই ৰাখি মনোৰঞ্জনৰ বাবে আৰু তেখেতসকলৰ পৰিয়ালৰ সদস্যসকলৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ হেতুকে এক উমৈহতীয়া অনুষ্ঠানৰ প্ৰয়োজন আছিল আৰু তাৰেই ফলশ্ৰুতিত…
-
দ্য ভইচ অৱ এ উইমেন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন ক্ষেত্ৰত মহিলা চলচ্চিত্ৰ নিৰ্মাতা, শিল্পী আৰু নেতাসকলৰ কৰ্মৰাজি প্ৰদৰ্শনৰ মঞ্চ হিচাপে ২০০৯ চনত মৌৰিন এ ব্ৰাইনে প্ৰতিষ্ঠা কৰা এটা সংস্থা হৈছে দ্য ভইচ অৱ এ উইমেন (VOW)।
-
নিহন হিদাংকো
নিহন হিদাংকো জাপান কনফেডাৰেচন অৱ এ- আৰু এইচ-বোম ছাফাৰাৰ্ছ অৰ্গেনাইজেচন, ১৯৫৬ চনত হিবাকুছাই গঠন কৰা এটা গোট, যাৰ লক্ষ্য আছিল জাপান চৰকাৰক ভুক্তভোগীসকলৰ প্ৰতি সমৰ্থন উন্নত কৰিবলৈ হেঁচা দিয়া আৰু পাৰমাণৱিক অস্ত্ৰ বিলুপ্তিৰ বাবে চৰকাৰসমূহক মাধ্যম কৰা।
-
নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰী
নেচনেল মিউজিয়াম অৱ নেচাৰেল হিষ্ট্ৰী ভাৰতৰ নতুন দিল্লীত অৱস্থিত প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰা এটা সংগ্ৰহালয় আছিল। ১৯৭২ চনত স্থাপিত আৰু ১৯৭৮ চনত মুকলি হোৱা এই সংগ্ৰহালয়টোৱে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অধীনত কাম কৰিছিল।
-
পশ্চিম বংগ নাট্য অকাডেমি
পশ্চিম বংগ নাট্য অকাডেমি হৈছে ভাৰতৰ পশ্চিম বংগত নাট্য আৰু নাট্যৰ বাবে এখন বিদ্বান সমাজ। ১৯৮৭ চনৰ ২৬ ছেপ্টেম্বৰত স্থাপিত এই শাখাটো পশ্চিম বংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ এটা শাখা।
-
প্ৰজাপতি ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়
প্ৰজাপতি ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় বা ব্ৰহ্মাকুমাৰীসকল হৈছে এক আধ্যাত্মিক আন্দোলনৰ সংগঠক। ১৯৩০ ৰ দশকত সিন্ধুৰ হায়দৰাবাদত এই আন্দোলনৰ জন্ম হয়। ব্ৰহ্মাকুমাৰী (ब्रह्माकुमारी, অৰ্থাৎ "ব্ৰহ্মাৰ কন্যা") আন্দোলনটো লেখৰাজ কৃপালানীয়ে প্ৰতিষ্ঠা কৰিছিল।
-
বাংলাদেশ নেচনেল উইমেন ল’ এছোচিয়েচন
বাংলাদেশ নেচনেল উইমেন ল’ এছ’চিয়েচন বাংলাদেশৰ ঢাকাত অৱস্থিত এটা উকীল সংস্থা। এই সংস্থা ১৯৭৯ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে "দেশৰ প্ৰতিগৰাকী মহিলা আৰু শিশুৰ বাবে সম সুযোগ আৰু সম অধিকাৰ সৃষ্টি কৰা।"
-
বালিৰ গ্ৰীণ স্কুল
ইণ্ডোনেছিয়াৰ বালিত অৱস্থিত গ্ৰীণ স্কুল বাডুং ৰিজেন্সিৰ আবিয়ানচেমালৰ ওচৰত আয়ুং নদীৰ কাষত অৱস্থিত এখন ব্যক্তিগত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক-কিণ্ডাৰগাৰ্টেনৰ পৰা হাইস্কুললৈকে থকা এখনি বিদ্যালয়। জন আৰু চিন্থিয়া হাৰ্ডিয়ে এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল।