আত্মসহায়ক গোট (Self-help group বা চমুকৈ SHG) হৈছে এক গ্ৰম্যাঞ্চলৰ স্থানীয় মহিলাসকলৰ বা কোনো কোনো ক্ষেত্ৰত পুৰুষসকলৰ দ্বাৰা স্বেচ্ছামূলকভাৱে গঠিত এক সমমাত্ৰিক গোট।১ সাধাৰণতে এনে গোটবোৰ চৰকাৰৰ ১৮ৰ পৰা ৪০ বছৰৰ বয়সৰ ১০ৰ পৰা ২০ গৰাকী স্থানীয় মহিলা বা পুৰুষৰ দ্বাৰা গঠিত। আত্মসহায়ক গোট বিশ্বৰ বিভিন্ন প্ৰান্তত আছে যদিও ইয়াক দক্ষিণ এছিয়া আৰু দক্ষিণ-পূব এছিয়াত, বিশেষকৈ ভাৰততে বেছিকৈ দেখা যায়। গোটৰ সদস্যসকল একে ধৰণৰ আৰ্থিক অৱস্থা সম্পন্ন সমাজৰ আৰ্থিকভাৱে পিচপৰা শ্ৰেণীৰ লোক, যিসকলে গোটটোৰ দ্বাৰা ইজনে সিজনক অৰ্থনৈতিক তথা সামাজিকভাৱে সমৰ্থন কৰে। প্ৰত্যেক সদস্যই তেওঁলোকৰ উপাৰ্জনৰ ৰাহি ধন সাপ্তাহিক বা পষেকীয়া বা মাহেকীয়া কিস্তিত জমা কৰি এটি সমূহীয়া পুঁজি গঠন কৰে। প্ৰয়োজন সাপেক্ষে গোটৰ কোনো সদস্য বা গাঁৱৰ আন কোনো লোকলৈ সমূহীয়া পুঁজিৰ পৰা গোটে নিৰ্দিষ্ট কৰা সুতৰ হাৰত ধন ঋণ হিচাপে আগবঢ়ায়। ভাৰতত বহুতো আত্মসহায়ক গোটে বেংকৰ সহযোগত ক্ষুদ্ৰ ঋণ (micro-credit) প্ৰদান কৰি আহিছে।২৩
গাঁথনি
এক আত্মসহায়ক গোট হৈছে ১০-২৫ জন সদস্যৰে সৈতে এটা সম্প্ৰদায় আধাৰিত গোট। তেওঁলোক হৈছে সাধাৰণতে স্বেচ্ছাই একত্ৰিত হোৱা আৰু একে ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক অৱস্থাৰ পৰা অহা মহিলা, যিসকলে নিয়মীয়াকৈ গোটটোৰ জৰিয়তে সামান্য পৰিমাণৰ ধন সঞ্চয় কৰে। তেওঁলোকে একেলগে মিলি বিত্তীয়ভাৱে সুস্থিৰ হ'বৰ বাবে আৰু জৰুৰীকালীন বা বিত্তীয় অভাৱৰ সময়ত, জীৱনৰ গুৰুত্বপূৰ্ণ ঘটনাৰ সময়ত বা সম্পত্তি ক্ৰয় কৰাৰ সময়ত তেওঁলোকৰ সামূহিক সঞ্চয়ৰ পৰা ঋণ ল'বৰ বাবে নিয়মীয়াকৈ সঞ্চয় কৰে।৪৩ গোটৰ সদস্যসকলে ঋণৰ সঠিক অন্তিম ব্যৱহাৰ আৰু সময়োচিত পৰিশোধ নিশ্চিত কৰিবলৈ সামূহিক জ্ঞান আৰু দলগত চাপৰ ব্যৱহাৰ কৰে। ভাৰতত কেন্দ্ৰীয় বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়মাৱলী অনুসৰি ভাৰতৰ বেংকসমূহে আত্মসহায়ক গোটবোৰক বিত্তীয় সেৱা প্ৰদান কৰে, যাৰ ভিতৰত আছে অতি কম সূতৰ হাৰত সন্দৰ্ভ মুক্ত ঋণ প্ৰদান আদি। ইয়াৰ দ্বাৰা আৰ্থিকভাৱে পিছপৰা শ্ৰেণীৰ মহিলাসকল আনুষ্ঠানিক বিত্তীয় সেৱাৰ পৰা বাদ পৰাৰ প্ৰত্যাহ্বানসমূহ কমাবলৈ চেষ্টা কৰা হৈছে। এই ব্যৱস্থাটো মাইক্ৰ'ফাইনান্স প্ৰতিষ্ঠানসমূহে ব্যাপকভাৱে ব্যৱহাৰ কৰা সংহতি ঋণৰ (solidarity lending) সৈতে ঘনিষ্ঠভাৱে সম্পৰ্কিত।৫
আত্মসহায়ক গোটে সঞ্চয় আৰু ঋণৰ গোট হিচাপে কাম কৰাৰ উপৰিও, মহিলাসকলক মাজত একাত্মবোধ গঢ়ি তোলাৰ বাবে এক মঞ্চ প্ৰদান কৰে। গোটবোৰে মহিলাসকলক একত্ৰিত হ'বলৈ আৰু স্বাস্থ্য, পুষ্টি, প্ৰশাসন তথা লিংগ ন্যায়কে ধৰি তেওঁলোকৰ নিজৰ জীৱনৰ সৈতে সম্পৰ্কিত অনেক বিষয়বোৰত কাম কৰিবলৈ সুবিধা প্ৰদান কৰে।৬৩
লক্ষ্য
বেচৰকাৰী সংগঠন (এনজিঅ')-ৰ দ্বাৰা আৰম্ভ কৰা আত্মসহায়ক গোটসমূহৰ সাধাৰণতে মূল লক্ষ্য হৈছে দৰিদ্ৰতা নিৰ্মূল কৰা। আত্মসহায়ক গোটক নাৰী সবলীকৰণ কৰা, আৰ্থিকভাৱে পিছপৰা লোকসকলৰ মাজত নেতৃত্বৰ ক্ষমতা বিকাশ কৰা, বিদ্যালয়ৰ নামভৰ্তি বৃদ্ধি কৰা, পুষ্টি উন্নত কৰা, জন্ম নিয়ন্ত্ৰকৰ ব্যৱহাৰ বৃদ্ধি কৰা আদি বিভিন্ন লক্ষ্যত উপনীত হোৱাৰ সঁজুলি হিচাপেও দেখা যায়। এই আন লক্ষ্যবোৰৰ প্ৰাপ্তি কৰাৰ বাবে বিত্তীয় মধ্যস্থতাক সাধাৰণতে প্ৰাথমিক উদ্দেশ্যৰ পৰিৱৰ্তে প্ৰথম পদক্ষেপ ৰূপেহে দেখা যায়।৭
তথ্যসূত্ৰ
- ↑ আত্মসহায় গোট. বিকাশপিডিয়া
- ↑ Kabeer, Naila. (2005). Is Microfinance a 'Magic Bullet' for Women's Empowerment? Analysis of Findings from South Asia. Economic and Polit. পৃ. 4709–4718
- ↑ (2019). Understanding Economic Development: Social Science Textbook for Class X. NCERT. পৃ. 50–51. ISBN 81-7450-655-1
- ↑ Kabeer, Naila. (2005). Is Microfinance a 'Magic Bullet' for Women's Empowerment? Analysis of Findings from South Asia. Economic and Political Weekly. পৃ. 4709–4718
- ↑ (Reserve Bank of India)
- ↑ Gugerty, Mary Kay; Biscaye, Pierre; Anderson, C. Leigh. (2019). Delivering development? Evidence on self-help groups as development intermediaries in South Asia and Africa. Development Policy Review. পৃ. 129–151
- ↑ Stuart Rutherford. 'Self-help groups as microfinance providers: how good can they get?' mimeo, 1999, p. 9
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আত্মসহায়ক গোট” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৪১ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।