অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিবেকানন্দ কেন্দ্ৰ

বিবেকানন্দ কেন্দ্ৰ হৈছে স্বামী বিবেকানন্দৰ আদৰ্শৰে পৰিচালিত এটা হিন্দু আধ্যাত্মিক সংগঠন। শ্ৰী একনাথ ৰানাডেই ১৯৭২ চনৰ ৭ জানুৱাৰীত ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰীত ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে পি পৰমেশ্বৰম।

হালনাগাদ: ১৪ ছেপ্তেম্বৰ ২০১৮ ১২৯ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ

বিবেকানন্দ কেন্দ্ৰ হৈছে স্বামী বিবেকানন্দৰ আদৰ্শৰে পৰিচালিত এটা হিন্দু আধ্যাত্মিক সংগঠন। শ্ৰী একনাথ ৰানাডেই ১৯৭২ চনৰ ৭ জানুৱাৰীত ভাৰতবৰ্ষৰ তামিলনাডু ৰাজ্যৰ কন্যাকুমাৰীত ইয়াক প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ বৰ্তমানৰ সভাপতি হৈছে পি পৰমেশ্বৰম।

প্ৰভাৱ

বিবেকানন্দ কেন্দ্ৰৰ সমগ্ৰ ভাৰতবৰ্ষ জুৰি ১৮ খন ৰাজ্যত ২০৫ টা শাখা আৰু ২০০তকৈও বেছি পূৰ্ণকালীন কৰ্মী আছে। উত্তৰ-পূব ভাৰতত এই সংগঠনটোৰ প্ৰভাৱ সৰ্বাধিক। কৰ্মীসকলক তিনিটা শ্ৰেণীত ভাগ কৰা হয়:

  • জীৱনব্ৰতী (जीवनव्रती) বা আজীৱন কৰ্মী, কেন্দ্ৰত জীৱনজুৰি কাম কৰিবলৈ যোগদান কৰা কম বসয়ৰ ল'ৰা-ছোৱালী;
  • সেৱাব্ৰতী (सेवाव्रती), যিয়ে কেন্দ্ৰ নিৰ্দিষ্ট সময়ৰ বাবে যোগদান কৰে;
  • বানপ্ৰস্থী (वानप्रस्थी), যিয়ে অৱসৰ গ্ৰহণৰ পিছত কেন্দ্ৰত যোগদান কৰে; আৰু
  • কাৰ্যকৰ্তা (कार्यकर्ता), স্থানীয় কৰ্মী যি ব্যক্তিগত কাম-কাজ বাদ নিদিয়াকৈ কেন্দ্ৰত নিয়োজিত হয়।

কৰ্মীসকলক গঢ় দিবৰ বাবে কেন্দ্ৰই 'যোগ বৰ্গ' (পাঠদান), 'বাল-সংস্কাৰ বৰ্গ', স্বধ্যায় বৰ্গ' আৰু প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰে। ভাৰতৰ চাৰিও মণ্ডলতে প্ৰশিক্ষণ কেন্দ্ৰবোৰ বিয়পি আছে।

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিবেকানন্দ কেন্দ্ৰ” প্ৰবন্ধৰ সংশোধন ১৮২৯৭৯ (১৪ ছেপ্তেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।