অসম চাৰু-কাৰু কলা পৰিষদ (Assam Fine Arts & Crafts Society) অসমৰ শিল্পকলা জগতৰ এটি পুৰণি অনুষ্ঠান। অসমৰ শিল্পকলাৰ জগতখনত এই অনুষ্ঠানটোৰ এক বিশেষ অৰিহণা আছে।
ইতিহাস
১৯৭১ চনত অসম চাৰু-কাৰু কলা পৰিষদ প্ৰতিষ্ঠিত হৈছিল। অসমৰ বিশিষ্ট সাধক শিল্পী নীলপৱন বৰুৱাই লিখিছিল, “জজ খেলপথাৰৰ প্ৰায় মাজতে থকা এৰাপৰণীয়া ঘৰটোত আমি সোমালোহি এসত্তৰ চনৰ তিনি নবেম্বৰ তাৰিখে। নবেম্বৰৰ ১৪ তাৰিখে সেই ঘৰটোতে আমাৰ শিশু চিত্ৰকলাৰ এখন প্ৰদৰ্শনীৰ আয়োজন কৰি ১৩ নবেম্বৰ তাৰিখে ছবিবোৰ সজাবলৈ ল’লো সোণাৰাম নাথ আৰু মই।”১
তথ্যসূত্ৰ
- ↑ [ছন্দ, প্ৰস্তাৱনা সংখ্যা, আগষ্ট, ২০১০] ৰ তথ্য]
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম চাৰু-কাৰু কলা পৰিষদ” প্ৰবন্ধৰ সংশোধন ৩৮৬৬৫৮ (৯ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।