অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

অসমীয়া সাহিত্য সন্মিলনী

অসমীয়া সাহিত্য সন্মিলনীৰ জন্ম ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত। অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ বিকাশ, প্ৰসাৰ-প্ৰচাৰ আৰু চৰ্চাৰ হেতুকে নগাঁও জিলাত এই জাতীয় অনুষ্ঠানৰ জন্ম হয়।

হালনাগাদ: ১৮ জুন ২০২৬ ৩৯৫ শব্দ · ২ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

অসমীয়া সাহিত্য সন্মিলনীৰ জন্ম ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীত। অসমীয়া ভাষা সাহিত্য-সংস্কৃতিৰ বিকাশ, প্ৰসাৰ-প্ৰচাৰ আৰু চৰ্চাৰ হেতুকে নগাঁও জিলাত এই জাতীয় অনুষ্ঠানৰ জন্ম হয়। সেই সময়ত নগাঁৱতে অনুষ্ঠানটোৰ কাৰ্যালয় স্থাপিত হৈছিল যদিও পৰৱৰ্তীকালত ইয়াৰ প্ৰধান কাৰ্যালয় গুৱাহাটীৰ বাইহাটা চাৰিআলিৰ জ্যোতি ভাৰতী লৈ স্থানান্তৰিত হয়। প্ৰথম অৱস্থাত ২০১৩ চনৰ ১০ ফেব্ৰুৱাৰীৰ দিনা খৰ্গেশ্বৰ ভূঞাক সভাপতি আৰু মাধুৰ্যমণ্ডিত বৰুৱাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন তদৰ্থ সমিতি গঠন কৰা হয়। ২০১৩ চনৰ জুন মাহত নগাঁও জিলাত অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল হীৰেন গোহাঁয়ে। কাৰ্যকৰী সভাপতি আছিল দিলীপ বৰা৷ অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আছিল মাধুৰ্যমণ্ডিত বৰুৱা। অসমীয়া সাহিত্য সন্মিলনীৰ জন্মদাতা 'ত্ৰিমূৰ্ত্তি' আছিল দিলীপ বৰা, মাধুৰ্যমণ্ডিত বৰুৱা আৰু ডাঃ ৰেজাউল কৰিম। সেই সময়ত অনুষ্ঠানটো গঢ়ি তোলাত সক্ৰিয়ভাৱে সহযোগ কৰা সকলৰ ভিতৰত আছিল খৰ্গেশ্বৰ ভূঞা, আবু হানিফা, তিলকচন্দ্ৰ মজুমদাৰ, ব্ৰজেন তালুকদাৰ, সুৰেন বৰা, দেৱীচৰণ ঠাকুৰ, ৰাজেন পূজাৰী, মুকুল চক্ৰৱৰ্তী, অনুৰাধা শৰ্মা আদি।১

প্ৰকাশন

অসমীয়া সাহিত্য সন্মিলনীয়ে প্ৰতিষ্ঠা কালৰেপৰা প্ৰাগজ্যোতিকা শীৰ্ষক এখন বাৰ্ষিক আলোচনী প্ৰকাশ কৰি আহিছে৷ সেইদৰে বাৰ্ষিক অধিৱেশনৰ সময়ত বৰলুইত শীৰ্ষক আন এখন সমাজ-সাহিত্য-সংস্কৃতি বিষয়ক আলোচনী প্ৰকাশ কৰি আহিছে৷ তদুপৰি প্ৰতিষ্ঠা কালৰে পৰা অসমীয়া সাহিত্য সন্মিলনীয়ে কেন্দ্ৰীয় ভাৱে আৰু জিলা, অঞ্চলৰ শাখা সমূহে আলোচনীৰ লগতে গ্ৰন্থ আদি প্ৰকাশ কৰি আহিছে৷ কেন্দ্ৰীয়ভাৱে প্ৰকাশিত কেইখনমান গ্ৰন্থৰ নাম হ’ল- পুথি পৰিচয়, এমুঠি অনূদিত ভাৰতীয় গল্প, এমুঠি অসমীয়া গল্প, Reimagining life in/through Literature, বেজবৰুৱা অধ্যয়ন, বেজবৰুৱাৰ সাহিত্যত সমাজ-সংস্কৃতি, ইছমাইল হোছেইন ৰচনাৱলী,মোৰ আত্মজীৱন চৰিত আদি৷ তদুপৰি অসমীয়া সাহিত্য সন্মিলনীৰ শাখাসমূহৰ পৰা প্ৰকাশিত বিভিন্ন আলোচনী যেনে বৰপেটাৰপৰা প্ৰকাশিত ‘কৰাপাট’, দিল্লীৰ পৰা প্ৰকাশিত ‘শিপা’ আদি উল্লেখযোগ্য৷

আদৰণি গীত

অসমীয়া ভাষা মোৰ চিৰ চেনেহী

সুৱদী সুৰীয়া মাত প্ৰাণদায়িণী

সচিতে সপোনে দেশ দেশান্তৰে

হৃদয়ত শুনো তাৰ পদধ্বনি

এই ভাষাতেই মই সপোন দেখোঁ

ভাষাৰেই মোৰ প্ৰাণ মূৰ্ত কৰোঁ

এই ভাষাৰ বাবেই মই জীয়াই থাকিম

ভাষাকে বুকুত বান্ধি মৰণ আগচিম৷

এই ভাষা মোৰ আশা

গৌৰৱ অস্মিতা

মুমূৰ্ষু জীৱনৰ সঞ্জীৱনী

আজি এই জননীৰ দেউলৰ চোতালত

খোলো আহা সকলোৱে মনৰ দুৱাৰ

বৰ্ণ সম্প্ৰদায় জাতি জনগোষ্ঠীৰ

মিলনেৰে গঢ়ো আহা অসম আমাৰ

মোৰ ভাষাই গঢ়ক নৱ মানৱতা

সংগ্ৰামী জনতাৰ সজাগতা

অনন্ত জীৱনৰ জয়ধ্বনি

কথাঃ দিলীপ বৰা

সুৰঃ যজ্ঞ বেজবৰুৱা

অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতিসকল

হীৰেন গোহাঁই, ২০১৩-১৫ (নগাঁও অধিৱেশন, দছন খেলপথাৰ)

লক্ষ্হীৰা দাস, ২০১৫-১৭ (তেজপুৰ অধিৱেশন, জয়মতী ক্ষেত্ৰ)

দিলীপ কুমাৰ দত্ত, ২০১৭-১৯ (ধুবুৰী অধিৱেশন)

লোকনাথ গোস্বামী, ২০১৯-২১ (গুৱাহাটী, শিল্পগ্ৰাম অধিৱেশন)

সাগৰ বৰুৱা, ২০২১-২৩ (দৈয়াং, মেৰাপানী অধিৱেশন)

ৰঞ্জু হাজৰিকা, ২০২৩-২৫ (গুৱাহাটী, জ্যোতিভাৰতী অধিৱেশন)

অসমীয়া সাহিত্য সন্মিলনীৰ প্ৰাক্তন প্ৰধান সম্পাদকসকলৰ তালিকা

ড° মাধুৰ্যমণ্ডিত বৰুৱা, ২০১৩-১৬

মিঙ্কু কলিতা, ২০১৬-১৭

ড° অনুৰাধা শৰ্মা, ২০১৭-১৯

মিঙ্কু কলিতা, ২০১৯-২১

ড° ধূৰ্জ্জটি শৰ্মা, ২০২১-২৩

ড° ভাস্কৰ ভূঞা, ২০২৩-২৫

লগতে পঢ়ক

তথ্যসূত্ৰ

  1. ↑ প্ৰাগজ্যোতিকা আলোচনী, সম্পাদক-অনুৰাধা শৰ্মা, প্ৰথম সংখ্যা, ২০১৩, পৃষ্ঠা-৮

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠানঅসমীয়া সাহিত্য সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া সাহিত্য সন্মিলনী” প্ৰবন্ধৰ সংশোধন ৬১২৮৫২ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।