অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বাংলা পক্ষ

বাংলা পক্ষ ( Bangla Pokkho) এটি বঙালী জাতীয়তাবাদী সংগঠন। ২০১৭ চনৰ ২৫ ডিচেম্বৰ তাৰিখত পশ্চিমবংগৰ বৰ্ধমান জিলাত সৰ্বপ্ৰথম বাংলা পক্ষৰ পতাকা উন্মোচন কৰা হৈছিল।

হালনাগাদ: ২৫ জানুৱাৰী ২০২৬ ৩২১ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বাংলা পক্ষ ( Bangla Pokkho) এটি বঙালী জাতীয়তাবাদী সংগঠন। ২০১৭ চনৰ ২৫ ডিচেম্বৰ তাৰিখত পশ্চিমবংগৰ বৰ্ধমান জিলাত সৰ্বপ্ৰথম বাংলা পক্ষৰ পতাকা উন্মোচন কৰা হৈছিল।১ ইয়াৰ প্ৰতিষ্ঠাতা তথা বৰ্তমান সভাপতি গৰ্গ চেটাৰ্জী।২৩এই সংগঠনটো মূলতঃ ভাষিক ভিত্তিত সংগঠিত আৰু তেওঁলোকৰ লক্ষ্য হৈছে ভাৰতত বাংলা সংস্কৃতি ৰক্ষা কৰা।৪ বাংলা পক্ষই ভাৰতীয় নাগৰিকত্ব সংশোধনী আইন সংক্ষেপে কা (CAA) আইনৰ বিৰোধিতা কৰিছিল।

দাবী আৰু প্ৰতিবাদ

বাংলা পক্ষই মূলতঃ পশ্চিম বংগৰ বাসিন্দাসকলৰ বাবে চৰকাৰী চাকৰিত ১০০% সংৰক্ষণ৫ আৰু শিক্ষা, সামৰিক, প্ৰশাসনিক ইত্যাদি চাকৰিত ৯০% সংৰক্ষণৰ দাবী কৰে।৬ দলটোৱে পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ বহু ঠাইত অসংখ্য সভা-সমিতি, ৰেলী ইত্যাদি অনুষ্ঠিত কৰিছিল।

বাংলা পক্ষই ৰেলৱে, জে.ই.ই, নীট ইত্যাদি বিভিন্ন পৰীক্ষাত আৰু বেংক, কাৰ্যালয় আৰু অন্যান্য খণ্ডতো বাংলা ভাষা প্ৰৱৰ্তনৰ দাবী উত্থাপন কৰে। দলটোৱে প্ৰস্তাৱ দিছিল যে পশ্চিম বংগৰ শীৰ্ষ প্ৰশাসনিক বিষয়াসকল আই.এ.এছ বা আই.পি.এছ কেডাৰৰ পৰা নহয়, ডব্লিউ.বি.ছি.এছ/ডব্লিউ.বি.পি.এছ কেডাৰৰ পৰা আহিব লাগিব।৭

অভিযোগ

২০২০ চনৰ জুন মাহত বাংলা পক্ষৰ সভাপতিয়ে অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাক অপমান কৰি টুইটাৰৰ যোগে দুটা টুইট কৰি কৈছিল:

  • ভাৰতবৰ্ষৰ অসম ৰাজ্যত চীনদেশীয় আক্ৰমণকাৰী চাওলুং চুকাফাৰ স্মৃতিত অসম দিৱস পালন কৰা হয়। চাওলুং চুকাফা বহু নিৰীহ মানুহক অতি নিৰ্মমভাৱে হত্যা কৰি দেশৰ ৰাজসিংহাসনত বহিছিল। তদুপৰি অসমৰ বিজেপি চৰকাৰ এই হত্যাকাৰীক মহানায়কৰ ৰূপত পূজা কৰে। উল্লেখনীয় অসমৰ বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠন আলফাৰ সহযোগিতাত প্ৰতি বছৰ অসমত এই উৎসৱ পালন কৰা হয়।
  • অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰতি বছৰত চীনদেশীয় আক্ৰমণকাৰীৰ স্মৃতিত অসম দিৱস পালন কৰে কিয়? আনদিশে অসমৰ বিচ্ছিন্নতাবাদী উগ্ৰপন্থী সংগঠন আলফা ইয়াত সহযোগ কিয় কৰে? অসমৰ বিজেপি চৰকাৰ ৰাজকোষৰ ধন, চীনদেশীয় আক্ৰমণকাৰীৰ উৎসৱত ব্যয় কৰে-ভাৰতীয় সকলে এই কথাষাৰ জানেনে?

অসমৰ স্ৰষ্টা স্বৰ্গদেউ চাওলুং চুকাফাক অপমান কৰাৰ বাবে গৰ্গ চেটাৰ্জীৰ বিৰূদ্ধে সমগ্ৰ অসমতে অভিযোগ দাখিল কৰা হৈছিল। অসম চৰকাৰৰ আদেশমৰ্মে অসম পুলিচে তেখেতক গ্ৰেপ্তাৰ কৰিবলৈ কলিকতা অভিমুখে ৰাওনা হৈছিল। লগতে বাংলা পক্ষৰ এটা উগ্ৰ দলে ভিডিঅ’ প্ৰকাশ কৰি কৈছিল "অসমৰ সকলো ট্ৰেইন পশ্চিমবংগৰ মাজেদি যাতায়ত কৰে, গতিকে গৰ্গক গ্ৰেপ্তাৰ কৰিলে অসমৰ ট্ৰেইনযাত্ৰী ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হ’ব পাৰে।" অৱশেষত, গৰ্গ চেটাৰ্জীয়ে এটি ভিডিঅ' প্রকাশ কৰি অসমৰ স্বভিমান স্বৰ্গদেউ চাওলুং চুকাফাক মহানায়ক আখ্যা প্রদান কৰি অসম চৰকাৰ তথা অসমৰ জনগণৰ পৰা ক্ষমা প্ৰাৰ্থনা কৰে।

তথ্যসূত্ৰ

  1. ↑ www.telegraphindia.com/india/bangla-pokkho-the-o
  2. ↑ www.deccanherald.com/national/east-and-northeast
  3. ↑ www.anandabazar.com/state/huge-blow-to-bangla-po
  4. ↑ Bangla Pokkho
  5. ↑ 'Bangla Pokkho' seeks job, education reservation ahead of Bengal polls. www.newindianexpress.com
  6. ↑ 'Bangla Pokkho' seeks job, education reservation for Bengalis in Bengal. Times of India
  7. ↑ Bangla Pokkho: the outfit fighting for the rights of Bengalis. www.telegraphindia.com

সম্পৰ্কিত শ্ৰেণী

অনুষ্ঠান প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলা পক্ষ” প্ৰবন্ধৰ সংশোধন ৫৭১৩৮৬ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।