আন্তৰ্জাতিক মহিলা সংগ্ৰহালয়ৰ আমেৰিকাৰ কেলিফৰ্ণিয়াৰ ছান ফ্ৰান্সিস্কোত মুখ্য কাৰ্যালয় অৱস্থিত। আন্তৰ্জাতিক মহিলা সংগ্ৰহালয় (চমুকৈ IMOW) হৈছে বিশ্বজুৰি মহিলাৰ বিষয়সমূহ সামৰি লোৱা এটা অনলাইন সংগ্ৰহালয়। ২০১৪ চনৰ মাৰ্চ মাহৰপৰা ই গ্ল’বেল ফাণ্ড ফৰ উইমেনৰ অংশ হৈ আছে।১২
সৃষ্টি আৰু সম্প্ৰসাৰণ
আই.এম.অ.ডব্লিউ. ১৯৮৫ চনত মহিলা ঐতিহ্য সংগ্ৰহালয় হিচাপে প্ৰতিষ্ঠা কৰা হয়।৩ মহিলা ঐতিহ্য সংগ্ৰহালয় হিচাপে ই প্ৰদৰ্শনী, ৰাজহুৱা কাৰ্যসূচী, গ্ৰন্থমেলা, মহিলা ইতিহাস মাহৰ বাবে শৈক্ষিক সম্পদ প্ৰস্তুত কৰিছিল আৰু স্থানীয় মহিলাসকলক সন্মান জনাইছিল।৩ ১৯৯৭ চনত বে এৰিয়াৰ শিক্ষকৰ এটা দলে অনুদান সংগ্ৰহ কৰি বৃহত্তৰ সংগ্ৰহালয় গঢ়ি তোলাৰ প্ৰচেষ্টাক প্ৰেৰণা দিয়ে।৩
১৯৯৭ চনত নতুন নামেৰে সম্প্ৰসাৰণৰ পিছৰেপৰা I.M.O.W. প্ৰদৰ্শনীৰ আয়োজন কৰিছে, ৰাজহুৱা মঞ্চ আয়োজন কৰিছে, বিদ্যালয়সমূহৰ বাবে শৈক্ষিক পাঠ্যক্ৰম প্ৰস্তুত কৰিছে, আৰু কেইবাটাও বক্তৃতাৰ শৃংখলা সৃষ্টি কৰিছে। ২০০৯ চনৰ জুন মাহলৈকে এই সংগ্ৰহালয়টো ভাৰ্চুৱেল সংগ্ৰহালয় হিচাপে আছে।৪ ২০০৫ চনত ১২ কোটি ডলাৰত এক লাখ বৰ্গফুট (৯,৩০০ মিটাৰ বৰ্গফুট) জুৰি নিৰ্মাণৰ প্ৰচেষ্টা বিফল হয়।৪
প্ৰদৰ্শনী
সংগ্ৰহালয়টোত কেইবাটাও অনলাইন প্ৰদৰ্শনী আছে। ইয়াৰে অন্যতম প্ৰদৰ্শনী, ইমেজিনিং আৱাৰচেলভছ, বিশ্বৰ বিভিন্ন প্ৰান্তৰ ২০ৰপৰা ৪০ বছৰ বয়সৰ মহিলাসকলে নিজৰ নিজৰ প্ৰজন্মক কেনেকৈ সংজ্ঞায়িত কৰে সেই বিষয়ে সামৰি লোৱা শিল্পকৰ্ম আৰু লেখাৰ প্ৰদৰ্শনী, ২০০৬ চনৰ মাৰ্চ মাহত নিউ ৱৰ্ল্ড লাইব্ৰেৰীয়ে প্ৰকাশ কৰা এখন সংকলনত সম্পাদনা কৰা।৫৬ ইকনমিকা: ২০১০ চনত সৃষ্টি হোৱা উইমেন এণ্ড দ্য গ্ল'বেল ইকনমীয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলে ধনৰ সৈতে কেনেদৰে যোগাযোগ কৰে আৰু অৰ্থনীতিত তেওঁলোকৰ ভূমিকাক সামৰি লৈছিল।৭
একত্ৰীকৰণ
২০১৪ চনৰ ৫ মাৰ্চত আইএমঅ'ডব্লিউৱে গ্ল'বেল ফাণ্ড ফৰ উইমেনৰ সৈতে একত্ৰিত হয়,১ আৰু এতিয়া ইয়াক 'এতিয়া গ্ল'বেল ফাণ্ড ফৰ উইমেনৰ অংশ' বুলি বৰ্ণনা কৰা হৈছে।২
তথ্যসূত্ৰ
- ↑ News Release: Global Fund for Women and International Museum of Women Merge. Global Fund for Women
- ↑ Iron Ladies uncovered. International Museum of Women (now part of the Global Fund for Women)
- ↑ Our Story. International Museum of Women
- ↑ Duxbury, Sarah. (June 5, 2009). International Museum of Women names new executive director. San Francisco Business Times
- ↑ Allende, Isabel; Paula Goldman. (2006). Imagining Ourselves - Global Voices from a New Generation of Women. New World Library. ISBN 1-57731-524-3
- ↑ Hamlin, Jesse. (March 14, 2006). A Generation of Powerful Women. San Francisco Chronicle
- ↑ Said, Carolyn. (November 14, 2009). Museum touts women's role in global businesses. San Francisco Chronicle
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আন্তৰ্জাতিক মহিলা সংগ্ৰহালয়” প্ৰবন্ধৰ সংশোধন ৬৩১০৯৩ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।