ভাৰতীয় মহিলা কবি
১১১ প্ৰবন্ধ
-
সৰোজিনী নাইডু
সৰোজিনী নাইডু (Sarojini Naidu) (১৩ ফেব্ৰুৱাৰী ১৮৭৯ – ২ মাৰ্চ ১৯৪৯) স্বকীয় বৈশিষ্ট্যৰে পৰিচিত এগৰাকী মহিলা যি কেৱল এগৰাকী স্বাধীনতা-কৰ্মীৰ লগতে এগৰাকী অনুভূতিপ্ৰৱণ কবি আছিল। তেখেতক ভাৰতীয় কোকিলা বা দ্য নাইটেঙ্গেল অৱ ইণ্ডিয়া নামেৰেও জনা যায়।
-
ৰীতা চৌধুৰী
ড॰ ৰীতা চৌধুৰী (জন্ম: ১৭ আগষ্ট, ১৯৬০) অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। মাকাম, দেওলাংখুই, পপীয়া তৰাৰ সাধু, মায়াবৃত্ত ইত্যাদি তেওঁৰ উল্লেখযোগ্য সাহিত্যিক অৱদান।
-
মীনা কুমাৰী
মীনা কুমাৰী ( Meena Kumari; জন্ম মেহজবিন বানো; ১ আগষ্ট ১৯৩৩ - ৩১ মাৰ্চ ১৯৭২) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু কবি আছিল। তেওঁ ট্ৰেজেদী কুইন নামেৰে বিশেষভাৱে জনাজাত আছিল। অভিনয় জগতত তেওঁ ১৯৩৯ চনৰ পৰা ১৯৭২ চনলৈ সক্ৰিয় হৈ আছিল।
-
অমৃতা প্ৰীতম
অমৃতা প্ৰীতম (ਅੰਮ੍ਰਿਤਾ ਪ੍ਰੀਤਮ) (৩১ আগষ্ট ১৯১৯- ৩১ অক্টোবৰ, ২০০৫) এগৰাকী ভাৰতীয় লেখিকা। তেওঁ মূলত পঞ্জাবী আৰু হিন্দী ভাষাত সাহিত্য চৰ্চা কৰিছিল। বিংশ শতিকাৰ পঞ্জাবী ভাষা-সাহিত্যৰ প্ৰথমগৰাকী প্ৰগতিবাদী লেখিকা অমৃতা প্ৰীতমৰ কবিতা, উপন্যাস আৰু ৰচনা সমূহ ভাৰত আৰু পাকিস্তান দুয়োখন দেশতে সমানে সমাদৃত।
-
মীৰাবাঈ
মীৰাবাঈ (১৪৯৮-১৫৪৬ খ্ৰীষ্টাব্দ) আছিল কৃষ্ণ-ভক্তি কাব্যধাৰাৰ কবিসকলৰ অন্যতম। ভগৱান কৃষ্ণৰ প্ৰতি তেখেতৰ ভক্তিভাৱ ইমানেই গভীৰ আছিল যে তেখেতে শৈশৱতে ভগৱান কৃষ্ণক নিজৰ আৰাধ্য দেৱতা তথা স্বামীৰূপে স্বীকাৰ কৰিছিল।
-
সাৱিত্ৰীবাই ফুলে
সাৱিত্ৰীবাই জ্যোতিৰাও ফুলে (सावित्रीबाई जोतीराव फुले; ৩ জানুৱাৰী ১৮৩১ - ১০ মাৰ্চ ১৮৯৭) এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক আৰু কবি। তেওঁ আৰু তেওঁৰ স্বামী জ্যোতিৰাও ফুলে একেলগে ব্ৰিটিছ শাসনৰ কালছোৱাত মহিলাৰ অধিকাৰৰ বাবে কাম কৰিছিল।
-
কৰবী ডেকা হাজৰিকা
কৰবী ডেকা হাজৰিকা ( জন্ম: ২৩ জানুৱাৰী, ১৯৫৩) এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক৷ তেখেতে ভালেসংখ্যক কবিতা সংকলন, সমালোচনা গ্ৰন্থ, উপন্যাস আৰু ভ্ৰমণ কাহিনী আদিৰ ৰচনাৰে অসমীয়া সাহিত্যলৈ বৰঙণি যোগাই আহিছে৷ সাহিত্যিক অৱদানৰ বাবে কৰবী ডেকা হাজৰিকাই ইতিমধ্যে বসন্ত বৰদলৈ বঁটা আৰু প্ৰবীণা শইকীয়া বঁটা লাভ…
-
কামিনী ৰায়
কামিনী ৰায় (১২ অক্টোবৰ ১৮৬৪ - ২৭ ছেপ্টেম্বৰ ১৯৩৩) ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী আৰু নাৰীবাদী আছিল। ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী আছিল।
-
গাৰ্গী
গাৰ্গী বাচকন্বী (Gargi Vachaknavi, প্ৰায় খ্ৰীষ্টপূৰ্ব ৯মৰ পৰা ৭ম শতিকা) এগৰাকী প্ৰাচীন ভাৰতীয় দাৰ্শনিক আছিল। বৈদিক সাহিত্যত তেওঁক এগৰাকী মহান প্ৰাকৃতিক দাৰ্শনিক হিচাপে সন্মানিত কৰা হয়, বেদৰ প্ৰসিদ্ধ ব্যাখ্যাকৰক, আৰু ব্ৰহ্মবিদ্যাৰ জ্ঞান থকা ব্যক্তি হিচাপে ব্ৰহ্মবাদিনী বুলি জনা যায়।
-
মহাদেৱী বৰ্মা
মহাদেৱী বৰ্মা (২৬ মাৰ্চ, ১৯০৭ – ১১ ছেপ্তেম্বৰ, ১৯৮৭) হিন্দী সাহিত্যৰ এগৰাকী প্ৰসিদ্ধ কবি। হিন্দী সাহিত্যৰ ছায়াবাদী যুগৰ "চাৰিটা মুখ্য স্তম্ভৰ" ভিতৰত মহাদেৱী বৰ্মা অন্যতম। তেওঁক আধুনিক মীৰা বুলিও জনা যায়। এইগৰাকী প্ৰতিভাবান কবিক কবি নিৰালাই “হিন্দী সাহিত্যৰ বিশাল মন্দিৰৰ সৰস্বতী” বুলি কৈছে।
-
আশাপূৰ্ণা দেৱী
আশাপূৰ্ণা দেৱী (৮ জানুৱাৰী ১৯০৯ - ১৩ জুলাই ১৯৯৫) এগৰাকী প্ৰসিদ্ধ বঙালী ঔপন্যাসিক আৰু কবি। নিজৰ জীৱনকালত অনেক বঁটা-বাহন আৰু সন্মানেৰে বিভূষিত হোৱা দেৱীয়ে ১৯৭৬ চনত জ্ঞানপীঠ বঁটা আৰু ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
-
ছুফিয়া কামাল
বেগম ছুফিয়া কামাল ( Sufia Kamal; ২০ জুন ১৯১১-২০ নৱেম্বৰ ১৯৯৯) এগৰাকী বাংলাদেশী কবি, নাৰীবাদী নেত্ৰী আৰু ৰাজনৈতিক কৰ্মী আছিল। তেওঁ ১৯৫০ৰ দশকৰ বঙালী জাতীয়তাবাদী আন্দোলনত অংশ লৈছিল আৰু স্বাধীন বাংলাদেশৰ নাগৰিক সমাজৰ এগৰাকী নেতৃস্থানীয় ব্যক্তি আছিল।
-
শুচিব্ৰতা ৰায় চৌধুৰী
শুচিব্ৰতা ৰায়চৌধুৰী (Suchibrata Raichoudhury, ১ ছেপ্টেম্বৰ ১৯২৯ – ২ ডিচেম্বৰ ২০০৯) এগৰাকী অসমীয়া সাহিত্যিক, কবি আৰু অসম প্ৰশাসনিক সেৱাৰ বিষয়া আছিল। তেওঁ অসম প্ৰশাসনিক সেৱাৰ প্ৰথম মহিলা বিষয়া। ইয়াৰ লগতে তেওঁ অসমৰ প্ৰথম মহিলা ন্যায়িক দণ্ডাধীশ আছিল।
-
বালামণি আম্মা
নালাপাত বালামণি আম্মা (Nalapat Balamani Amma; জন্ম: ১৯ জুলাই ১৯০৯ – মৃত্যু: ২৯ ছেপ্টেম্বৰ ২০০৪) মালয়ালম ভাষাৰ এগৰাকী ভাৰতীয় কবি। তেওঁ মহাদেৱী বৰ্মাৰ সমসাময়িক আৰু বিংশ শতিকাৰ বিখ্যাত আৰু বিশিষ্ট মালয়ালম কবিসকলৰ মাজৰ এগৰাকী আছিল।
-
মৈত্ৰেয়ী দেৱী
মৈত্ৰেয়ী দেৱী (Maitreyi Devi, ১৯১৪ - ১৯৯০) হৈছে বঙালী ভাষাৰ কবি তথা ঔপন্যাসিক। তেওঁ দাৰ্শনিক সুৰেন্দ্ৰনাথ দাসগুপ্তৰ জীয়াৰী আছিল। সাহিত্যত ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা বিশেষভাৱে শিক্ষাপ্ৰাপ্ত আছিল।
-
অনুৰূপা দেৱী
অনুৰূপা দেৱী (Anurupa Debi; ৯ ছেপ্তেম্বৰ ১৮৮২-১৯ এপ্ৰিল ১৮৫৮) এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী আছিল। দেৱী বঙালী সাহিত্যৰ প্ৰাৰম্ভিক পৰ্যায়ৰ মহিলা লেখকসকলৰ অন্যতম, যি গৰাকী ব্যক্তিয়ে যথেষ্ট প্ৰাধান্য আৰু জনপ্ৰিয়তা লাভ কৰিছিল।
-
কমলা ভাচিন
কমলা ভাচিন (Kamla Bhasin; জন্ম: ২৪ এপ্ৰিল, ১৯৪৬ - ২৫ ছেপ্টেম্বৰ ২০২১) হ'ল এগৰাকী ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী। ১৯৭০ চনৰপৰা ভাচিনে লিংগ, শিক্ষা, মানৱ উন্নয়ন আৰু সংবাদ মাধ্যমক কামৰ ক্ষেত্ৰ হিচাপে বাচি লৈ কাম কৰি আহিছে। তেওঁ ভাৰতৰ নতুন দিল্লী নিবাসী আছিল।
-
টেমচুলা আও
টেমচুলা আও (Temsüla Ao) এগৰাকী কবি, গল্পকাৰ, লোকসংস্কৃতিৰ গৱেষক আৰু সাহিত্যিক। ২০১৩ চনত তেওঁ চুটিগল্প সংকলন Laburnum for My Head ৰ বাবে ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। তেওঁৰ লেখাসমূহ ইতিমধ্যে জাৰ্মান, ফৰাচী, অসমীয়া, বঙালী আৰু হিন্দী ভাষালৈ অনূদিত হৈছে।
-
মানসী প্ৰধান
মানসী প্ৰধান (Manasi Pradhan, জন্ম: ৪ অক্টোবৰ ১৯৬২) এগৰাকী ভাৰতীয় মহিলা অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতত মহিলাৰ বিৰুদ্ধে হিংসা ৰক্ষা কৰাৰ এক দেশব্যাপী আন্দোলন 'অনাৰ ফৰ ৱমেন নেচনেল কেম্পেইন' অৰ্থাৎ 'মহিলাৰ সন্মানৰ বাবে ৰাষ্ট্ৰীয় অভিযান'ৰ প্ৰতিষ্ঠাপক।
-
অনিতা নায়াৰ
অনিতা নায়াৰ (Anita Nair, জন্ম: ২৬ জানুৱাৰী, ১৯৬৬) হ'ল এগৰাকী ভাৰতীয় ইংৰাজী ভাষাৰ ঔপন্যাসিক।
-
জেব-উন-নিছা
জেব-উন-নিছা ( زیب النساء مخفی; Zeb-un-Nissa; ১৫ ফ্ৰেব্ৰুৱাৰী ১৬৩৮- ২৬ মে ১৭০২) এগৰাকী মোগল ৰাজকুমাৰী৷ তেওঁ সম্ৰাট ঔৰংগজেৱ আৰু দিলৰস বানু বেগমৰ জ্যেষ্ঠ সন্তান আছিল। তেওঁ এগৰাকী কবি আছিল আৰু মাখফি ছদ্মনামেৰে লিখিছিল। জীৱনৰ শেষ বিশ বছৰ সম্ৰাট পিতৃয়ে তেওঁক দিল্লীৰ শালিমাৰগড় দুৰ্গত বন্দী কৰি থৈছিল।
-
তৰু দত্ত
তৰু দত্ত (Toru Dutt; ৪ মাৰ্চ, ১৮৫৬ – ৩০ আগষ্ট ১৮৭৭) হ'ল ভাৰতীয় উপমহাদেশৰ এগৰাকী বঙালী অনুবাদক আৰু কবি। স্বাধীনতাৰ আগৰ ব্ৰিটিছ ভাৰতত প্ৰচলিত ইংৰাজী আৰু ফৰাছী ভাষাত তেওঁ লিখা-মেলা কৰিছিল।
-
মীনা আলেকজেণ্ডাৰ
মীনা আলেকজেণ্ডাৰ (Meena Alexander; ১৭ ফেব্ৰুৱাৰী, ১৯৫১–২১ নৱেম্বৰ, ২০১৮) হ'ল এগৰাকী ভাৰতীয় কবি, চিন্তাবিদ আৰু লেখক। ভাৰতৰ এলাহাবাদত তেওঁৰ জন্ম হয় আৰু ভাৰত আৰু চুডানত তেওঁ ডাঙৰ-দীঘল হয়।
-
ললিতাম্বিকা অন্তৰ্জনম
ললিতাম্বিকা অন্তৰ্জনম (Lalithambika Antharjanam; ৩০ মাৰ্চ, ১৯০৯ – ৬ ফেব্ৰুৱাৰী, ১৯৮৭) এগৰাকী ভাৰতীয় লেখিকা আৰু সমাজ সংস্কাৰক আছিল যি মালয়ালম ভাষাৰ সাহিত্যিক ৰচনাৰ বাবে বেছিকৈ পৰিচিত।
-
সুভদ্ৰা কুমাৰী চৌহান
সুভদ্ৰা কুমাৰী চৌহান (১৬ অক্টোবৰ ১৯০৪- ১৫ ফেব্ৰুৱাৰী ১৯৪৮) এগৰাকী ভাৰতীয় কবি। তেখেতৰ জনপ্ৰিয় কবিতাটি হ'ল "ঝাঁসি কি ৰাণী।" সুভদ্ৰা কুমাৰী চৌহান জন্ম হৈছিল ১৯০৪ চনৰ ১৬ আগষ্ট তাৰিখে, এলাহবাদত।
-
ৱাজিদা তাবাচ্চুম
ৱাজিদা তাবাচ্চুম (; ১৬ মাৰ্চ ১৯৩৫ – ৭ ডিচেম্বৰ ২০১১) এগৰাকী ভাৰতীয় উৰ্দু ভাষাৰ লেখিকা, কবি আৰু গীতিকাৰ। তেওঁৰ জীৱনকালত তেখেতে ২৭খন কিতাপ লিখিছিল। এইসমূহৰ কিছুমান চলচ্চিত্ৰ আৰু ভাৰতীয় দূৰদৰ্শনত ধাৰাবাহিক হিচাপে প্ৰদৰ্শিত হৈছে।
-
অভয়াৰ
অভয়াৰ (তামিল ஔவையார்) আছিল সংগম যুগৰ এগৰাকী তামিল কবি আৰু তামিল মুখিয়াল ভেল পাৰী আৰু আথিয়ামানৰ সৈতে তেওঁৰ আন্তৰিক সম্পৰ্ক আছিল বুলি কোৱা হয়। তেওঁ পুৰুণনুৰুত ৫৯টা কবিতা ৰচনা কৰে। চেন্নাইৰ কবিগৰাকীৰ মূৰ্তিত থকা এখন ফলকত তেওঁৰ জন্ম তাৰিখৰ বাবে খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ কথা কোৱা হৈছে।
-
কবিতা সিনহা
কবিতা সিনহা (:Kabita Sinha; ১৯৩১–১৯৯৯) এগৰাকী বঙালী কবি, ঔপন্যাসিক, নাৰীবাদী আৰু ৰেডিঅ' পৰিচালিকা আছিল। তেওঁ বঙালী মহিলাৰ সকলৰ পৰম্পৰাগত গৃহস্থালী ভূমিকাক প্ৰত্যাখ্যান কৰি আধুনিকতাবাদী স্থিতি পোষন কৰিছিল আৰু মহিলা সকলক সীমাবদ্ধতা ফালি আগুৱাই যোৱাতো বিচাৰিছিল।
-
কল্পনা কুমাৰী দেৱী
কল্পনা কুমাৰী দেৱী (১৯৩৬ – ২৮ আগষ্ট ২০১৭) এজন ভাৰতীয় ঔপন্যাসিক আৰু কবি। তেওঁ ওড়িয়া ভাষাৰ সাহিত্যৰ বাবে ২০১১ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।
-
কাবেৰী কছাৰী
কাবেৰী কছাৰী (ইংৰাজী: Kaberi Kachari) নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ মহিলা শাখাৰ মুৰব্বী আছিল। তেওঁ সংগঠনটোৰ প্ৰাক্তন অধ্যক্ষ অৰবিন্দ ৰাজখোৱাৰ পত্নী। তেওঁ কলেজীয়া দিনৰে পৰাই কাব্যিক উৎকৰ্ষতাৰ বাবে পৰিচিত আছিল।