মালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী
১৫ প্ৰবন্ধ
-
নয়নতাৰা
নয়নতাৰা বা ডায়েনা মৰিয়ম কুৰিয়ান (Nayanthara; জন্ম- ১৮ নৱেম্বৰ ১৯৮৪) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতক প্ৰধানকৈ তামিল আৰু তেলেগু ভাষাৰ ছবিত দেখিবলৈ পোৱা যায়। কোচী টাইমছ-এ তেখেতক "২০১৪ বৰ্ষৰ পোন্ধৰগৰাকী আকাংক্ষিত নাৰী"ৰ তালিকাভুক্ত কৰিছিল।
-
সাৱিত্ৰী (অভিনেত্ৰী)
সাৱিত্ৰী গনেশন (জন্ম: নিশংকাৰা সাৰাসাৱানীদেৱী) আছিল এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী, এগৰাকী গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক। তেখেতে মূলতঃ তেলেগু আৰু তামিল ভাষাৰ ছবিৰ লগত জড়িত আছিল। তদুপৰি, কানাড়া, মালায়ালম আৰু হিন্দী ছবিত কৰা অভিনয়-কৰ্মৰ বাবেও তেখেত জনাজাত।
-
সুপ্ৰিয়া পাঠক
সুপ্ৰিয়া কাপুৰ ({Supriya Kapoor; জন্ম ৭ জানুৱাৰী ১৯৬১) এগৰাকী হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ ভাৰতীয় অভিনেত্ৰী। তেওঁ খিচড়ি শৃংখলাৰ হংসা পাৰেখৰ চৰিত্ৰত অভিনয় আৰু সঞ্জয় লীলা ভাঞ্চালীৰ গোলিয়োঁ কি ৰাসলীলা ৰাম-লীলাত "ধনকোৰ বা"ৰ বিদ্ৰূপাত্মক অৱতাৰৰ বাবে বিশেষভাবে জনাজাত।
-
পদ্মিনী (অভিনেত্ৰী)
পদ্মিনী (Padmini; ১২ জুন ১৯৩২-২৪ ছেপ্তেম্বৰ ২০০৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু প্ৰশিক্ষিত ভাৰতনাট্যম শিল্পী আছিল। তেওঁ ২৫০খনতকৈও অধিক ভাৰতীয় চলচ্চিত্ৰত অভিনয় কৰিছে।
-
ৰিয়া সেন
ৰিয়া সেন (Riya Sen) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল৷ তেওঁ প্ৰধানকৈ হিন্দী, বাংলা, ইংৰাজী, তেলেগু, তামিল আৰু মালায়ালম ছবিত অভিনয় কৰে। সেনে ৰাজপৰিয়ালৰ বংশৰ৷ তেওঁৰ পিতৃ ভাৰত দেৱ বৰ্মা ত্ৰিপুৰাৰ ৰাজপৰিয়ালৰ। তেওঁ কোচবিহাৰৰ ৰাজকুমাৰী আৰু জয়পুৰৰ মহাৰাণী গায়ত্ৰী দেৱীৰ ভতিজা ইলা দেৱীৰ পুত্ৰ।
-
পল্লৱী যোশী
পল্লৱী যোশী (Pallavi Joshi; জন্ম: ৪ এপ্ৰিল ১৯৬৯) এগৰাকী ভাৰতীয় অভিনয় শিল্পী, লেখক আৰু চলচ্চিত্ৰ প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু টেলিভিছনত কাম কৰে।
-
মমতা কুলকাৰ্ণী
মমতা কুলকাৰ্ণী (Mamta Kulkarni; জন্ম: ২০ এপ্ৰিল ১৯৭২) হিন্দী চলচ্চিত্ৰৰ এগৰাকী পৰিচিত অভিনেত্ৰী আৰু মডেল। আছিক আৱাৰা (১৯৯৩), ৱক্ত হামাৰা হায় (১৯৯৩), ক্ৰান্তিবীৰ (১৯৯৪), কৰণ অৰ্জুন (১৯৯৫), সবছে বড়া খিলাড়ী (১৯৯৫), আন্দোলন (১৯৯৫), বাজী (১৯৯৬), চাইনা গেট (১৯৯৮), চুপা ৰুস্তম: এ মিউজিকেল থ্ৰিলাৰ…
-
কে পি এ চি ললিতা
মহেশ্বৰী আম্মা (K. P. A. C. Lalitha; ১৯৪৭ চনৰ ১০ মাৰ্চ – ২০২২ চনৰ ২২ ফেব্ৰুৱাৰী) গৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেত্ৰী, যিয়ে মূলতঃ মালায়ালম চলচ্চিত্ৰ উদ্যোগৰ সৈত্ জড়িত। তেওঁক কে পি এ চি ললিতা মঞ্চনামৰে অধিক জনা যায়।
-
দিব্যা প্ৰভা
দিব্য প্ৰভা (Divya Prabha) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মালায়লম ছবিত অভিনয় কৰে। স্বতন্ত্ৰ ছবি আৰিয়্পু (২০২২) আৰু অল উই ইমাজিন এজ লাইট (২০২৪)ত অভিনয় কৰিছে।
-
নেহা শৰ্মা
নেহা শৰ্মা (Neha Sharma; জন্ম: ২১ নৱেম্বৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু ব্যৱসায়ী মহিলা। শৰ্মাই য়ামলা পাগলা দীৱানা ২ (২০১৩), চʼলʼ (২০১৭) আৰু তান্থাজী (২০২০)কে ধৰি কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰিছে। ২০২০ চনত ইল্লিগেল নামৰ ধাৰাবাহিকত অভিনয়েৰে ৱেবত আত্মপ্ৰকাশ কৰিছিল।
-
পুনম বাজৱা
পুনম বাজৱা (Poonam Bajwa; জন্ম: ৫ এপ্ৰিল ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, মালয়ালম, তেলেগু আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০৫ চনত মোদাতী চিনেমা নামৰ তেলেগু চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত পদাৰ্পণ কৰে আৰু ২০০৬ চনত বছ নামৰ আন এখন তেলেগু ছবিত অভিনয় কৰে।
-
গিৰিজা শ্বেট্টাৰ
গিৰিজা শ্বেট্টাৰ (ইংৰাজী: Girija Shettar; জন্ম: ২০ জুলাই ১৯৬৯) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী, যি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰত কৰা অভিনয়ৰ বাবে জনাজাত।
-
পি. কে. ৰোজী
পি. কে. ৰোজী (ৰাজাম্মা, ৰোজাম্মা, ৰাজম্মল; P.K.Rosy; ১৯০৩-১৯৮৮) এগৰাকী মালায়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী আছিল। ১৯০৩ চনৰ ১০ ফেব্ৰুৱাৰীত তেওঁৰ জন্ম হৈছিল। তেওঁ জে.চি. ডেনিয়েল পৰিচালিত বিগথুকুমাৰণ (হেৰোৱা সন্তান) ছবিৰ নায়িকা আছিল। তেওঁ মালায়লম চলচ্চিত্ৰৰ প্ৰথম অভিনেত্ৰী।
-
সুবি সুৰেশ
সুবি সুৰেশ (Subi Suresh) (২৩ আগষ্ট ১৯৮১ – ২২ ফেব্ৰুৱাৰী ২০২৩) এগৰাকী ভাৰতীয় মালয়ালম চলচ্চিত্ৰৰ অভিনেত্ৰী, দূৰদৰ্শনৰ ঘোষিকা, হাস্যৰসাত্মক শিল্পী আৰু মঞ্চ-অনুষ্ঠানৰ পৰিৱেশিকা আছিল।
-
সোমলতা অম্বৰীশ
সোমলতা অম্বৰীশ (Sumalatha Ambareesh; জন্ম: ২৭ আগষ্ট ১৯৬৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিক। মূলতঃ তেলেগু, মালয়ালম আৰু কানাড়া ভাষাৰ একাধিক ভাষাৰ ২২০খনতকৈও অধিক ছবিত অভিনয় কৰাৰ উপৰি তেওঁ তামিল আৰু হিন্দী চিনেমাতো অভিনয় কৰিছে।