দাক্ষিণাত্যৰ অভিনেত্ৰী
২১ প্ৰবন্ধ
-
শ্ৰুতি হাছান
শ্ৰুতি ৰাজলক্ষ্মী হাছান (Shruti Rajalakshmi Haasan, ஸ்ருதி ஹாசன்) (জন্ম ২৮ জানুৱাৰী, ১৯৮৬) দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ আৰু বলিউডত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁৰ পিতৃ-মাতৃ কমল হাছান আৰু সাৰিকা।
-
লাৰা দত্ত
লাৰা দত্ত (Lara Dutta; জন্ম: ১৬ এপ্ৰিল ১৯৭৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী, উদ্যোগী আৰু মিছ ইউনিভাৰ্ছ ২০০০ প্ৰতিযোগিতাৰ বিজয়ী। তেওঁক আগতে মিছ আন্তঃমহাদেশীয় ১৯৯৭ হিচাপে মুকুট পিন্ধোৱা হৈছিল। তেওঁৰ কেৰিয়াৰত, তেওঁ মুখ্যতঃ হিন্দী চলচ্চিত্ৰত কাম কৰিছে।
-
অদিতি ৰাও হায়দৰী
অদিতি ৰাও হায়দৰী (Aditi Rao Hydari, জন্ম-২৮ অক্টোবৰ ১৯৭৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী আৰু গায়িকা৷ হিন্দী ভাষাৰ ছবিৰ লগতে অদিতিয়ে তামিল, তেলেগু আৰু মালায়ালম ভাষাৰ চলচ্চিত্ৰতো অভিনয় কৰিছে৷ ২০০৭ চনত তামিল ভাষাৰ ছবি শৃংগৰামৰ যোগেদি অদিতিয়ে ছবিৰ জগতত খোজ পেলায়৷ পিছে অদিতিৰ বাবে…
-
সামান্থা ৰুথ প্ৰভু
সামান্থা ৰুথ প্ৰভু (Samantha Ruth Pravu) ১৯৮৭ চনৰ ২৮ এপ্ৰিলত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তেলেগু আৰু তামিল ফিল্ম ইণ্ডাষ্ট্ৰিৰৰ পৰা অভিনয় জগতত কৰ্মজীৱনৰ পাতনি মেলে। তেওঁ চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
-
সাৱিত্ৰী (অভিনেত্ৰী)
সাৱিত্ৰী গনেশন (জন্ম: নিশংকাৰা সাৰাসাৱানীদেৱী) আছিল এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী, এগৰাকী গায়িকা, নৃত্যশিল্পী, পৰিচালক আৰু প্ৰযোজক। তেখেতে মূলতঃ তেলেগু আৰু তামিল ভাষাৰ ছবিৰ লগত জড়িত আছিল। তদুপৰি, কানাড়া, মালায়ালম আৰু হিন্দী ছবিত কৰা অভিনয়-কৰ্মৰ বাবেও তেখেত জনাজাত।
-
কাজল আগৰৱাল
কাজল আগৰৱাল (Kajal Aggarwal) হৈছে ১৯৮৫ চনৰ ১৯ জুনত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। আগৰৱালে অভিনয় জগতত খোজ দিয়ে ২০০৪ চনৰ বলিউডৰ 'কিউ! হো গায়া না...' চলচ্চিত্ৰখনৰ জৰিয়তে৷ তেওঁৰ প্ৰথম তেলেগু ভাষাৰ চলচ্চিত্ৰ মুক্তিলাভ কৰে ২০০৭ চনত 'লক্ষ্মী কল্যাণাম'।
-
জ্যোতিকা
জ্যোতিকা সাৰাৱানন (Jyothika Saravanan); জন্ম ১৮ অক্টোবৰ ১৯৭৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ তামিল ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে ৷ দ্য টাইমছ অৱ ইণ্ডিয়াৰ মতে তেখেত দক্ষিণ ভাৰতৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ অন্যতম৷ ১৯৯৭ চনত মুক্তিপ্ৰাপ্ত হিন্দী ভাষাৰ চলচ্চিত্ৰ দোলী ছাজা কে ৰখনাৰ জৰিয়তে…
-
অনুষ্কা শেট্টী
ছুইটি শেট্টী (Anushka Shetty; জন্ম: ৭ নৱেম্বৰ ১৯৮১) -ৰ পৰিচিত নাম হৈছে অনুষ্কা শেট্টী৷ তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ অনুষ্কাৰ অধিকাংশ ছবিয়েই তেলেগু আৰু তামিল ভাষাৰ৷ নিজৰ দক্ষতাপূৰ্ণ অভিনয়ৰ জৰিয়তে অনুষ্কাই এতিয়ালৈকে বহুকেইটা বঁটা-বাহন লাভ কৰিবলৈ সক্ষম হৈছে৷ তাৰে ভিতৰত আছে- তিনিটাকৈ চিনেমা…
-
কানি কুশ্ৰুতি
কানি কুশ্ৰুতি (കനി കുസൃതി) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। ২০০৯ চনত কেৰালা কেফে ছবিখনৰ জৰিয়তে তেওঁ প্ৰথমবাৰৰ বাবে স্বীকৃতি লাভ কৰিছিল যাৰ জৰিয়তে তেওঁ সমালোচকৰো প্ৰশংসা লাভ কৰিছিল।
-
কীৰ্তি সুৰেশ
কীৰ্তি সুৰেশ (Keerthy Suresh, জন্ম: ১৭ অক্টোবৰ ১৯৯২) হৈছে এগৰাকী ভাৰতীয় ছবিৰ অভিনেত্ৰী। মালয়ালম, তামিল আৰু তেলেগু ভাষাৰ ছবিত কীৰ্তিয়ে সাধাৰণতে অভিনয় কৰে।
-
জয়া প্ৰদা
জয়া প্ৰদা (Jaya Prada, জন্মতে নাম- ললিতা ৰাণী; ৩ এপ্ৰিল ১৯৬২) হৈছে এগৰাকী ভাৰতীয় চিত্ৰাভিনেত্ৰী আৰু ৰাজনীতিবিদ৷ জয়া প্ৰদা আছিল সত্তৰ, আশী আৰু নবৈৰ দশকত তেলেগু আৰু হিন্দী ভাষাৰ ছবিজগতৰ এগৰাকী প্ৰভাৱশালী আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী৷ তিনিটাকৈ ফিল্মফেয়াৰ বঁটাৰ বিজয়ী জয়া প্ৰদাই একাধিক তামিল,…
-
বি. সৰোজা দেৱী
ভাইৰাপ্পা সৰোজা দেৱীৰ (Bhairappa Saroja Devi) জনপ্ৰিয় নাম হৈছে বি. সৰোজা দেৱী (জন্ম:৭ জানুৱাৰী ১৯৩৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে তামিল, তেলেগু, কানাড়া আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰিছে৷ তেখেতে প্ৰায় দুইশতাধিক ছবিত যোৱা ছয় দশতকৈও অধিক কাল অভিনয় কৰিছে৷ ১৭ বছৰ বয়সত সৰোজা দেৱীয়ে…
-
শ্ৰীয়া চৰণ
শ্ৰীয়া চৰণ ভাটনাগৰ (Shriya Saran Bhatnagar) (জন্ম-১১ ছেপ্টেম্বৰ ১৯৮২) -ক শ্ৰীয়া নামেৰেও জনা যায়৷ শ্ৰীয়া এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী আৰু মডেল৷ তেখেতে সাধাৰণতে তেলেগু, তামিল আৰু হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ দেহৰাদুনত জন্ম লাভ কৰা শ্ৰীয়াই শৈশৱৰ অধিকাংশ সময় হৰিদ্বাৰত অতিবাহিত কৰিছিল৷ ২০০১…
-
ৰাকুল প্ৰীত সিং
ৰাকুল প্ৰীত সিং (Rakul Preet Singh) হৈছে ১৯৯০ চনৰ ১০ অক্টোৱৰত পঞ্জাবী পৰিৱাৰত জন্মগ্ৰহণ কৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী তথা মডেল, তেওঁ বিশেষকৈ তেলুগু আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। লগতে তেওঁ হিন্দী আৰু কন্নড় ভাষাটো অভিনয় কৰে।
-
মমিতা বৈজু
মমিতা বৈজু এগৰাকী ভাৰতীয় অভিনেত্ৰী। তাই মূলতঃ মালয়ালম ছবিত অভিনয় কৰে৷ ২০১৭ চনৰ ছবি সৰ্বোপৰি পলাক্কাৰণৰ জৰিয়তে চলচ্চিত্ৰ জগতত তাইৰ অভিষেক ঘটে৷ অপাৰেচন জাভা (২০২১)ত আলফনছা, খো-খো (২০২১)ত অঞ্জু, ছুপাৰ শৰণ্যা (২০২২)ত ছ'না, প্ৰাণয়া বিলাসম (২০২৩)ত গোপিকা আদি বিভিন্ন ছবিৰ বিভিন্ন চৰিত্ৰত তাই অভিনয়…
-
দিব্যা প্ৰভা
দিব্য প্ৰভা (Divya Prabha) এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেওঁ প্ৰধানকৈ মালায়লম ছবিত অভিনয় কৰে। স্বতন্ত্ৰ ছবি আৰিয়্পু (২০২২) আৰু অল উই ইমাজিন এজ লাইট (২০২৪)ত অভিনয় কৰিছে।
-
নৱনীত কৌৰ ৰাণা
নৱনীত কৌৰ ৰাণা (Navneet Kaur Rana, নৱনীত ৰবি ৰানা নামেৰেও পৰিচিত) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু প্ৰাক্তন অভিনেত্ৰী। তেওঁ মূলতঃ তেলেগু চিনেমাত কৰা কামৰ বাবে পৰিচিত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে তেওঁ অমৰাৱতীৰ পৰা সংসদ সদস্য হিচাপে নিৰ্বাচিত হৈছিল।
-
পাৰ্ৱতী থিৰুভথু
পাৰ্ৱতী থিৰুভথু কট্টুৱাত্থা (Parvathy Thiruvothu Kottuvatta; জন্ম: ৭ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেত মালায়ালম ছবি জগতৰ পৰিচিত মুখ। ইয়াৰ উপৰি তেখেতে তামিল আৰু কন্নড় ভাষাৰ ছবিতো অভিনয় কৰিছে।
-
কৃতি খৰবন্দা
কৃতি খৰবন্দা ( Kriti Kharbanda; জন্ম: ২৯ অক্টোবৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ প্ৰধানকৈ হিন্দী, কানাড়া আৰু তেলেগু ভাষাৰ ছবিত কাম কৰে। খৰবন্দাই এছ আই আই এম এ বঁটাকে ধৰি কেইবাটাও প্ৰশংসা লাভ কৰিছে, আৰু দুটা ফিল্মফেয়াৰ এৱাৰ্ড চাউথৰ বাবে মনোনয়ন লাভ কৰিছে।
-
ভাৱনা (অভিনেত্ৰী)
নন্দিনী ৰামান্না (Nandini Ramanna)ৰ সুপৰিচিত নামটো হৈছে ভাৱনা ৰামান্না। তেখেত এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতৰ সৰহখিনি কাম কন্নড় ভাষাতে। তেখেত এগৰাকী ভাৰতনাট্যমৰ শিল্পী। এতিয়ালৈকে তিনিবাৰ তেখেতে কৰ্ণাটক ৰাজ্যিক চলচ্চিত্ৰ বঁটা লাভ কৰিছে।
-
ৰামায়া কৃষ্ণন
ৰামায়া কৃষ্ণন (Ramya Krishnan, জন্ম: ১৫ ছেপ্টেম্বৰ ১৯৭০) 'পাড়ায়াপ্পা' (১৯৯৯) নামৰ ছবিখনত নীলাম্বৰী চৰিত্ৰটোত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে তামিল ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ সন্মান লাভ কৰে।