অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

১৫ এপ্ৰিল

১৬৮৯ – ফ্ৰান্সে স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। ১৮৯৫ - ৰায়গড় দুৰ্গত বাল গংগাধৰ তিলকে শিৱাজী মহোৎসৱৰ শুভাৰম্ভ কৰে। ১৯২৩ – ডায়েবেটিছ ৰোগীৰ বাবে বজাৰত ইনচুলিন উপলব্ধ হয়। ১৯২৭ – তেতিয়াৰ ছোভিয়েট ইউনিয়ন আৰু ছুইজাৰলেণ্ডে কূটনৈতিক সম্পৰ্ক স্থাপনৰ বাবে সন্মত হয়।

হালনাগাদ: ১৫ এপ্ৰিল ২০২৬ ২৮৯ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

উল্লেখযোগ্য ঘটনাৱলী

  • ১৬৮৯ – ফ্ৰান্সে স্পেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
  • ১৮৯৫ - ৰায়গড় দুৰ্গত বাল গংগাধৰ তিলকে শিৱাজী মহোৎসৱৰ শুভাৰম্ভ কৰে।
  • ১৯২৩ – ডায়েবেটিছ ৰোগীৰ বাবে বজাৰত ইনচুলিন উপলব্ধ হয়।
  • ১৯২৭ – তেতিয়াৰ ছ'ভিয়েট সংঘ আৰু ছুইজাৰলেণ্ডে কূটনৈতিক সম্পৰ্ক স্থাপনৰ বাবে সন্মত হয়।
  • ১৯৪৮ - হিমাচল প্ৰদেশ ৰাজ্য প্ৰতিষ্ঠা।
  • ১৯৫৫ – আমেৰিকাই নেভাদা পৰীক্ষণ স্থানত পাৰমাণৱিক পৰীক্ষা চলায়।
  • ১৯৯৪ – ভাৰতকে ধৰি ১০৯খন দেশে ‘GATT’ চুক্তি গ্ৰহণ কৰে।
  • ২০০০ - হাভানাত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ সহযোগিতাৰ আহ্বান জনাই “জি-৭৭ শীৰ্ষ সন্মিলন” অনুষ্ঠিত হয়।
  • ২০০৩ – ব্ৰিটেইনত আইৰিছ ৰিপাব্লিকান আৰ্মীয়ে অস্ত্ৰ বিৰতি সিদ্ধান্ত লয়।
  • ২০০৪ – ৰাজীৱ গান্ধী হত্যাকাণ্ডৰ সৈতে জড়িত এল টি টি ইৰ উগ্ৰপন্থী ভি মুৰালীধৰণক কলম্বোত হত্যা কৰা হয়।
  • ২০১২ – পাকিস্তানৰ এখন কাৰাগাৰত আক্ৰমণৰ পিছত ৪০০ সন্ত্ৰাসবাদী পলায়ন কৰে।
  • ২০১৩ - ইৰাকত সংঘটিত হোৱা বোমা বিস্ফোৰণত ৩৫ জন লোক নিহত হোৱাৰ লগতে ১৬০ জন আহত হয়।
  • ২০২৫ চন – পেৰিছত নট্ৰে-ডেম গীৰ্জা দুৰ্বৃত্তসকলে আক্ৰমণ কৰি ক্ষতিসাধন কৰে।১

জন্ম

  • ১৪৫২ - লিঅ'নাৰ্ড' দা ভিন্সি, ইটালীয়ান নৱজাগৰণ যুগৰ কালজয়ী চিত্ৰশিল্পী। (মৃত্যু: ১৫১৯)
  • ১৪৬৯ - গুৰু নানক, শিখ ধৰ্ম গুৰু। (মৃত্যু: ১৫৩৯)
  • ১৭০৭ - লিঅ'নাৰ্ড অইলাৰ, ছুইছ্ গণিতজ্ঞ তথা পদাৰ্থবিজ্ঞানী।
  • ১৮৫৮ - ইমিল ডাৰখাইম, ফৰাচী সমাজতত্ত্ববিদ।
  • ১৯২২ - মহাসুন্দৰী দেৱী, ভাৰতীয় চিত্ৰশিল্পী।
  • ১৯২৩ - মুহিৰাম শইকীয়া, ভাৰতীয় ৰাজনীতিক।
  • ১৯৪০ - চুলতান খান ভাৰতৰ এজন বিখ্যাত সাৰংগীবাদক আৰু শাস্ত্ৰীয় গায়ক।
  • ১৯৭২ - মন্দিৰা বেদী, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী, ফেশ্বন ডিজাইনাৰ আৰু টেলিভিছন এংকৰ।
  • ১৯৭৭ - সুদৰ্শন পাটনায়ক, ভাৰতীয় বলুকা শিল্পী।
  • ১৯৯০ - এমা ৱাটছন, বিখ্যাত ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল।

মৃত্যু

  • ১৮৬৫ - আব্ৰাহাম লিংকন, মাৰ্কিন ৰাষ্ট্ৰপতি (আততায়ীৰ গুলিত নিহত হয়)। (জন্ম: ১৮০৯)
  • ১৯৭৩ - প্ৰভাৱতী দেৱী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী।
  • ১৯৮৫- শম্ভুনাথ দে, ভাৰতীয় চিকিৎসা বিজ্ঞানী আৰু গৱেষক।
  • ২০১৫ - বিদ্যুৎ চক্ৰৱৰ্তী, অসমীয়া চলচ্চিত্ৰৰ অভিনেতা আৰু চলচ্চিত্ৰ আৰু মঞ্চ নাটকৰ পৰিচালক। (জন্ম: ১ জানুৱাৰী, ১৯৬০ )

দিৱস

  • সাৰ্বজনীন সংস্কৃতি দিৱস (আন্তৰ্জাতিক)
  • বিশ্ব কলা দিৱস (আন্তৰ্জাতিক)

বাহ্যিক সংযোগ


তথ্যসূত্ৰ

  1. ↑ Notre-Dame cathedral suffers new attack. France 24

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৫ এপ্ৰিল” প্ৰবন্ধৰ সংশোধন ৬০০৫৮৩ (১৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।