কাছ এবিধ সৰীসৃপ প্ৰাণী। ইহঁতে পানী আৰু মাটি উভয়ত বাস কৰে। ইয়াৰ শৰীৰৰ উপৰিভাগ কঠিন খোলাৰে আবৃত থাকে যি ইহঁতৰ শৰীৰক বিভিন্ন পৰিস্থিতিত ৰক্ষা কৰে। কাছ পৃথিৱীৰ প্ৰাচীনতম প্ৰাণীবোৰৰ ভিতৰত অন্যতম। বৰ্তমানে কাছৰ প্ৰায় ৩০০ প্ৰজাতি পৃথিৱীত পোৱা যায়, তাৰে কিছুমান প্ৰজাতি বিলুপ্তিৰ পথত। কাছয়ে বিভিন্ন পৰিস্থিতিত তাৰ নিজৰ শৰীৰৰ অভ্যন্তৰীণ তাপমাত্ৰা পৰিৱৰ্তন কৰিব পাৰে, সাধাৰণতে এনেধৰণৰ প্ৰাণীক শীতলৰক্তী প্ৰাণী বোলা হয়। কাছৰ অনেক প্ৰজাতি পানীত বা পানীৰ আশে-পাশে বাস কৰিলেও ইহঁতে মাটিত কণী পাৰে। কাছ (Tortoise) Testudines বৰ্গৰ অন্তৰ্গত মাটিত বসৱাসকাৰী সৰীসৃপ। ই কেই চেঃমিঃৰ পৰা ২ মিটাৰ পৰ্যন্ত হব পাৰে। ইহঁত ঘাইকৈ দিনত সক্ৰিয় থাকে কিন্তু তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি গধূলিতো সক্ৰিয় হব পাৰে। কাছ এবিধ অকলশৰীয়াকৈ থাকি ভাল পোৱা প্ৰাণী। যদিও “Tortoise” শব্দটো জীৱবিজ্ঞানীসকলে Testudinidae গোত্ৰৰ প্ৰাণীবোৰক বুজাবলৈ ব্যৱহাৰ কৰে তথাপি সাধাৰণতে স্থলত বাস কৰা বোৰক Testudines ৰে বুজোৱা হয়।১
জীৱন বৃত্তান্ত

মাইকী কাছয়ে কণীৰ বাবে গাঁত খান্দে আৰু তাত ১ ৰ পৰা ৩০টা পৰ্যন্ত কণী পাৰে।২ ইহঁতে সাধাৰণতে ৰাতি কণী পাৰে আৰু কণীবোৰ মাটি, বালি বা অন্য জৈৱ পদাৰ্থ দি ঢাকি দিয়ে আৰু কণী পাৰাৰ পিছত প্ৰকৃতিৰ দায়িত্বত ৰাখি গুচি যায়। কণী ফুটি পোৱালি ওলাবলৈ প্ৰজাতি বিশেষে ৬০ ৰ পৰা ১২০ দিন সময় লাগে।৩ কণীৰ আকাৰ মাকৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ carapace আৰু plastron ৰ মাজত অৱস্থিত cloacal opening(পায়ুমুখ)ৰ প্ৰস্থ জুখিলে মোটামুটি ধাৰণা পোৱা যায়। মাইকী কাছৰ plastron ত প্ৰায়ে “V” আকৃতিৰ খাঁজ থাকে। ই কণী পাৰাৰ সময়ত সহায় কৰে। পোৱালি কাছয়ে ভ্ৰণথল (embryonic sac) লৈ জন্মগ্ৰহণ কৰে যি সিহঁতক ৩ ৰ পৰা ৭ দিন পৰ্যন্ত পুষ্টি যোগান ধৰে। পোৱালি কাছয়ে সিহঁতৰ প্ৰয়োজনীয় পুষ্টি উপাদানৰ বাবে ভিন্ন ধৰণৰ খাদ্য খায়।
কাছৰ চলঙৰ ওপৰৰ অংশত সমকেন্দ্ৰ (concentric rings) বিশিষ্ট ৰিং থাকে। এইবোৰৰ পৰা ইহঁতৰ বয়স গণনা কৰিব পাৰি। কাছ বহু বৰ্ষজীৱী প্ৰাণী। ইহঁত প্ৰায় ৩০০ বছৰ জীয়াই থাকিব পাৰে।
খাদ্য

অধিকাংশ স্থলত বসৱাসকাৰী কাছ তৃণভোজী। ইহঁতে ঘাঁ, পাত, ফুল আৰু কিছু ফল খায়। যদিও কিছু সৰ্বভক্ষী কাছও এই পৰিয়ালত আছে। কিছু প্ৰজাতিয়ে কীটপতংগ আৰু মৃতদেহও খায়। তৃণভোজী কাছবোৰে অতিৰিক্ত আমিষ খালে স্বাস্থ্যৰ বাবে ক্ষতিকৰ আৰু চলঙত বিকৃতিসহ অন্যান্য স্বাস্থ্যগত জটিলতা সৃষ্টি কৰে। যিহেতু প্ৰত্যেক প্ৰজাতিৰ কাছৰ পুষ্টিৰ চাহিদা ভিন্ন সেয়ে এই ক্ষেত্ৰত গৱেষণা কৰা দৰকাৰ।
ধৰ্মীয় দৃষ্টিকোণ
হিন্দু ধৰ্মত কূৰ্ম অৱতাৰ ভগৱান বিষ্ণুৰ দ্বিতীয় অৱতাৰ। মৎস্য অৱতাৰৰ দৰে কূৰ্ম অৱতাৰো সত্য যুগৰ। ভগৱান বিষ্ণু শৰীৰৰ ওপৰৰ অংশ মানুহৰ আৰু তলৰ অংশ কাছৰ ৰূপ ধাৰণ কৰে। প্ৰথাগতভাৱে চতুৰ্ভুজ ৰূপত দেখা যায়। তেওঁ মহাপ্ৰলয়ৰ পিছত সাগৰৰ তলত নিদ্ৰামগ্ন অৱস্থাত থাকে। সমুদ্ৰ মন্থনৰ সময়ত তেওঁৰ পিঠিত মন্দৰগিৰি পৰ্বত স্থাপন কৰি মন্থনৰ কাম সম্পন্ন হয়। প্ৰাচীন চীনত কাছৰ চলঙত ভৱিষ্যৎবাণী কৰোঁতে ব্যৱহাৰ কৰা হৈছিল। প্ৰাচীন গ্ৰীক দেৱতা হাৰ্মিচৰ প্ৰতীক কাছ।
তথ্যসূত্ৰ
- ↑ What is the difference between turtles, terrapins, and tortoises?, North Carolina Aquariums (July 1997)
- ↑ Highfield, Andy. Tortoise Trust Egg F.A.Q. Tortoisetrust.org
- ↑ Highfield, Andy. Tortoise egg incubation. Tortoisetrust.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাছ” প্ৰবন্ধৰ সংশোধন ২৭৭২৬৪ (১৫ মে’ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।