স্মিতা পাতিল ( Smita Patil; অক্টোবৰ ১৯৫৫ – ১৩ ডিচেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ, টেলিভিচন আৰু মঞ্চ অভিনেত্ৰী। তেওঁক তেওঁৰ সময়ৰ এগৰাকী অতি দক্ষ মঞ্চ আৰু চলচ্চিত্ৰ অভিনেত্ৰী তথা সৰ্বকালৰ এগৰাকী অন্যতম শ্ৰেষ্ঠ অভিনেত্ৰী বুলি গণ্য কৰা হয়।১২ স্মিতাই মাত্ৰ এক দশকৰ কৰ্মজীৱনত হিন্দী, মাৰাঠী, গুজৰাটী, মালয়ালম আৰু কন্নড় ভাষাৰ ৮০খনতকৈও অধিক ছবিত কাম কৰিছে। শ্যাম বেনেগালৰ ছবিৰে তেওঁ চলচ্চিত্ৰ জগতত ভৰি দিছিল। তেওঁ দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু এটা ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। ১৯৮৫ চনত ভাৰতৰ চতুৰ্থ সৰ্বশ্ৰেষ্ঠ অসামৰিক সন্মান পদ্মশ্ৰীৰে তেওঁক সন্মানিত কৰা হৈছে।৩
কৰ্মজীৱন
১৯৭০ৰ দশকৰ কট্টৰপন্থী ৰাজনীতি বিষয়ক চলচ্চিত্ৰৰ ধাৰাটোৰ সৈতে শক্তিশালী ৰূপত জড়িত হৈ থকা শিল্পীসকলৰ অন্যতম আছিল স্মিতা পাতিল। সমান্তৰাল ধাৰাৰ চলচ্চিত্ৰ পৰিচালক শ্যাম বেনেগাল, সত্যজিৎ ৰায়, গোবিন্দ নিহালিনী, জি অৰবিন্দ, মৃণাল সেন আদিৰ সৈতে কাম কৰাৰ উপৰিও স্মিতাই বহুতো ব্যৱসায়ধৰ্মী চলচ্চিত্ৰতো অভিনয় কৰিছে। এসময়ত তেওঁ দূৰদৰ্শনত বাতৰি পঢ়িছিল। শ্যাম বেনেগালে তেওঁক আবিষ্কাৰ কৰাৰ সময়ত তেওঁ ফটোগ্ৰাফীৰ সৈতে জড়িত আছিল।২৪
হিন্দী ছবি ‘ভূমিকা’ৰ (১৯৭৭) বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।৫ ৰাজ খোচলা, ৰমেশ সিপ্পি, বি.আৰ. চোপ্ৰা আদি ব্যৱসায়িক চলচ্চিত্ৰ নিৰ্মাতাৰ ছবিত তেওঁ অভিনয় কৰিছিল। ‘শক্তি’ (১৯৮২) আৰু ‘নমক হালাল’ত কৰা তেওঁৰ কামে গভীৰ বিষয়বস্তুৰ চলচ্চিত্ৰ আৰু মচলাযুক্ত হিন্দী চলচ্চিত্ৰৰ মাজৰ সীমাৰেখা একাকাৰ কৰি দিছিল। ১৯৮৪ চনত তেওঁ ‘মণ্ট্ৰিল চলচ্চিত্ৰ মহোৎসৱ’ৰ এগৰাকী জুৰী সদস্যৰ দায়িত্ব পালন কৰিছিল।৬ স্মিতাই তেওঁৰ অভিনয় জীৱনৰ অন্যতম শ্ৰেষ্ঠ বুলি বিবেচিত কৰা কেতন মেহতাৰ ‘মিৰ্ছ মচালা’ তেওঁৰ মৃত্যুৰ পিছত ১৯৮৭ চনত মুক্তি পায়। এপ্ৰিল ২০১৩ চনত ভাৰতীয় চলচ্চিত্ৰৰ শতবৰ্ষ পূৰ্তি উপলক্ষে ‘ফৰ্বচ (ভাৰত) আলোচনী’য়ে ২৫ গৰাকী মহান ভাৰতীয় অভিনয় শিল্পীৰ তালিকাত স্মিতাকো অন্তৰ্ভুক্ত কৰিছে।৭
ব্যক্তিগত জীৱন
ৰাজ বব্বৰৰ সৈতে তেওঁৰ যেতিয়া প্ৰেমৰ সম্পৰ্ক গঢ় উঠিছিল, বন্ধু মহল আৰু মেডিয়াত তেওঁ যথেষ্ট সমালোচিত পূৰ্বৰ পত্নী নাদিৰা বব্বৰ থকাৰ পিছতো তেওঁ স্মিতাক বিয়া কৰাইছিল। স্মিতাৰ একমাত্ৰ পুত্ৰৰ নাম প্ৰতীক বব্বৰ।৮৯
মৃত্যু আৰু উত্তৰাধিকাৰ
সন্তান প্ৰসৱৰ সময়ত উদ্ভৱ হোৱা গভীৰ সমস্যাৰ বাবে ১৯৮৬ৰ ১৩ ডিচেম্বৰত ৩১ বছৰ বয়সত, পুত্ৰ প্ৰতীকৰ জন্মৰ দুসপ্তাহ পিছতে স্মিতাৰ মৃত্যু হয়।২১০ দুই দশক পিছত ভাৰতৰ এজন মহান পৰিচালক মৃণাল সেণে অভিযোগ কৰে যে চিকিৎসাজনিত অৱহেলাৰ বাবে স্মিতাৰ মৃত্যু হৈছিল।১১ ২০১১ চনত ৰেডিফ ডট কমে ভাৰতৰ শ্ৰেষ্ঠ অভিনেত্ৰীসকলৰ তালিকাত নাৰ্গিছৰ পিছতে তেওঁক দ্বিতীয় স্থানত ৰাখিছে।১২
বাহ্যিক সংযোগ
- Raw stock, rare appeal: Smita Patil at Rediff.com
তথ্যসূত্ৰ
- ↑ Subodh Kapoor. (1 July 2002). The Indian Encyclopaedia: Biographical, Historical, Religious, Administrative, Ethnological, Commercial and Scientific. Indo-Pak War-Kamla Karri. Cosmo Publication. পৃ. 6699–. ISBN 978-81-7755-257-7
- ↑ Andrew Robinson. (1989). Satyajit Ray: The Inner Eye. University of California Press. পৃ. 258–. ISBN 978-0-520-06946-6
- ↑ Gulzar; Nihalani, Govind; Chatterji, Saibal. (2003). Encyclopaedia of Hindi Cinema. Popular Prakashan. পৃ. 601. ISBN 81-7991-066-0
- ↑ "Indian Cinema – Smita Patil", SSCnet UCLA
- ↑ Hena Naqvi. (1 January 2007). Journalism And Mass Communication. Upkar Prakashan. পৃ. 202–. ISBN 978-81-7482-108-9
- ↑ Awards of the Montreal World Film Festival – 1984. Montreal World Film Festival
- ↑ Prasad, Shishir; Ramnath, N. S.; Mitter, Sohini. (27 April 2013). 25 Greatest Acting Performances of Indian Cinema. Forbes
- ↑ (13 December 2006). 'She was a great human being'. Rediff.com
- ↑ (13 December 2006). '25 years on, a phenomenon named Smita Patil '. ibnlive.in.com
- ↑ Ram Awatar Agnihotri. (1998). Film stars in Indian politics. Commonwealth Publishers. ISBN 978-81-7169-506-5
- ↑ "Memories from Mrinal da", Rediff.com, 2 February 2005
- ↑ Sen, Raja. (29 June 2011). Readers Choice: The Greatest Actresses of all time. Rediff.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্মিতা পাটিল” প্ৰবন্ধৰ সংশোধন ৬৩১১৪৭ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।