
]]
সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান (Satchari National Park) হৈছে বাংলাদেশৰ হবিগঞ্জ জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।১ ১৯৭৪ চনৰ বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়নৰ পিছত, ২০০৫ চনত ২৪৩ হেক্টৰ (৬০০ একৰ) ভূমিত "সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান" প্ৰতিষ্ঠা কৰা হয়।১ বঙালী ভাষাত ‘সাতছড়ি’ মানে ‘সাতটা ধাৰা বা নদী’। এই অৰণ্যখনৰ মাজেৰে সাতটা পাহাৰীয়া নদী বৈ গৈছে আৰু ইয়াৰ পৰাই ‘সাতছড়ি’ নামটো আহিছে। উদ্যানখনৰ পূৰ্বৰ নাম আছিল "ৰঘুনন্দন হিল ৰিজাৰ্ভ ফৰেষ্ট"।১
বিৱৰণ
এই উদ্যানখন চিলেট অঞ্চলৰ অন্তৰ্গত হবিগঞ্জ জিলাৰ চুনাৰুঘাট উপজিলাৰ পাইকপাৰা ইউনিয়নৰ অন্তৰ্গত ৰঘুনন্দন পাহাৰত অৱস্থিত।২ ই বাংলাদেশৰ ৰাজধানী চহৰ ঢাকাৰ পৰা ১৩০ কিলোমিটাৰ (৮১ মাইল) দূৰত্বত অৱস্থিত। উদ্যানখনৰ ওচৰতে ৯খন চাহ বাগিচা আছে। উদ্যানখনৰ পশ্চিমে সাতছড়ি চাহ বাগিচা আৰু পূবে চাকলাপুঞ্জি চাহ বাগিচা অৱস্থিত। ২০০৭ চনৰ এক তথ্য অনুসৰি, উদ্যানখনৰ ওচৰতে থকা তিপ্ৰা গাঁও এখনত বৰ্তমান তিপ্ৰা জনজাতিৰ প্ৰায় ২৪টা পৰিয়াল বসবাস কৰি আছে।
উদ্ভিদ
সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান প্ৰায় ২০০তকৈও অধিক গছ-গছনি আছে। শাল (Shorea robusta), চেগুন (Tectona grandis), আগৰ, গৰ্জন, চামকঁঠাল, পাম, মেহগনি, কৃষ্ণচূড়া, ডুমুৰ (Ficus), জামৰুল, এজাৰ, আৱাল, মালেকাছ, ইউকেলিপ্টাছ, আকাশমণি, বাঁহ, বেঁত হৈছে উদ্যানখনৰ আটাইতকৈ সাধাৰণ উদ্ভিদ প্ৰজাতি।৩
বন্যপ্ৰাণী
এই উদ্যানখন বন্যপ্ৰাণীৰ ক্ষেত্ৰত যথেষ্ট চহকী। বনকুকুৰা, কাঠনি বোৱাৰী, পাকৈঢোৰা, বাঢ়ৈটোকা, পাতি ময়না, ভীমৰাজ, সখিয়তী আৰু ভাটো ইয়াৰে কিছুমান উল্লেখযোগ্য চৰাই। ইয়াত গুৰুতৰভাৱে বিপন্ন পশ্চিমীয়া হলৌ বান্দৰৰ লগতে চশমা-চকুৱা বান্দৰ, টুপীমূৰীয়া বান্দৰ, লাজুকী বান্দৰ, উত্তৰৰ গাহৰি-নেজীয়া বান্দৰ আৰু মলুৱা বান্দৰ বসবাস কৰে। এছিয়াৰ ক'লা ভালুক আৰু ৰাংকুকুৰো ইয়াত স্বল্পসংখ্যকভাৱে পোৱা যায়।
অধিক সাধাৰণ স্তন্যপায়ী প্ৰাণী প্ৰজাতিৰ ভিতৰত সুগৰী পহু, বনৰীয়া গাহৰি, মেচেকা, চিতা মেকুৰী (Prionailurus bengalensis), হেপা, হাগা গেন্দেৰা, মাস্কড পাম চিভেট (Paguma larvata), জহামাল, হালধীয়া ডিঙিৰ মাৰ্টেন (Martes flavigula), নেউল (Urva urva), শিয়াল, কেঁটেলা পহু (Atherurus macrourus), চীনা বনৰৌ আদি উল্লেখযোগ্য।
নিসৰ্গ সহায়তা প্ৰকল্প
ৰাষ্ট্ৰীয় বন বিভাগৰ লগতে "নিসৰ্গ" নামৰ এটা বেচৰকাৰী সংস্থাই, তেওঁলোকৰ "নিসৰ্গ সহায়তা প্ৰকল্প"ৰ সৈতে উদ্যানখন চোৱা-চিতা কৰে। সংৰক্ষণ কৰাৰ উপৰিও অৰণ্যৰ কাষত তেওঁলোকে ইক’-ট্যুৰ প্ৰদান কৰে। এই বেচৰকাৰী সংস্থাটোৱে তাত কিছুমান আড়ম্বৰপূৰ্ণ সামগ্ৰীও বিক্ৰী কৰে।৩
লগতে চাওক
- ভাৱাল ৰাষ্ট্ৰীয় উদ্যান
- লাউৱাছড়া ৰাষ্ট্ৰীয় উদ্যান
- বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহৰ তালিকা
লগতে পঢ়ক
- Whyte, Mariam; Yong, Jui Lin. (2009). Bangladesh. Marshall Cavendish. পৃ. 60. ISBN 978-0-7614-4475-6
- Leung, Mikey; Meggitt, Belinda. (2012). Bradt Travel Guide - Bangladesh. Bradt Travel Guides. পৃ. 217. ISBN 978-1-84162-409-9
- Satchari National Park. Lonely Planet
- Mukul, Sharif Ahmed; Uddin, Mohammad Belal; Tito, Mashiur Rahman. (2007). Medicinal Plant Diversity and Local Healthcare Among the People Living in and Around a Conservation Area of Northern Bangladesh. Int. J. For. Usuf. MNGT.. পৃ. 50–63
- Uddin, Mohammed Belal; Mukul, Sharif Ahmed. (2007). Making Conservation Work:Linking Rural Livelihoods and Protected Areas in Bangladesh. পৃ. 13–35
- Arefin, Md Kamrul; Rahman, Md Mizanur; Uddin, Mohammad Zashim. (December 2011). Angiosperm Flora of Satchari National Park, Habiganj, Bangladesh. Bangladesh J. Plant Taxon.. পৃ. 117–140
- Mukul, Sharif Ahmed; Rashid, A.Z.M. Manzoor; Quazi, Shimona A. (2012). Local peoples' responses to co-management regime in protected areas: A case study from Satchari National Park, Bangladesh. Forests, Trees and Livelihoods. পৃ. 16–29
- Chowdhury, Mohammad Shaheed Hossain. (2014). Forest conservation in protected areas of Bangladesh: Policy and community development perspectives. Springer. ISBN 978-3-319-08147-2
- Chowdhury, Abida Rahman. (9 November 2015). Plan your day trip adventure. The Daily Star
তথ্যসূত্ৰ
- ↑ Ridwan Akram. (January 25, 2010). Bone Jongole. The Daily Kaler Kantho. পৃ. 9
- ↑ (16 January 2011). Satchari National Park. World Wildlife Adventures
- ↑ Fakhrul Alam. (August 16, 2010). Hatchhani diye dakchhe Satchari National Park. Amar Jeebon, The Daily Amar Desh. পৃ. 6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাতছড়ি ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৫৩৫৮৩ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।