হিমছড়ি ৰাষ্ট্ৰীয় উদ্যান (Himchari National Park) হৈছে বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই বাংলাদেশৰ চট্টগ্ৰাম বিভাগৰ অন্তৰ্গত কক্সবাজাৰ জিলাৰ হিমছড়িত অৱস্থিত। উদ্যানখন মূলতঃ পাহাৰৰ ওপৰত অৱস্থিত আৰু পশ্চিমে বংগোপসাগৰৰ লগত সংলগ্ন। প্ৰায় ১,৭২৯ হেক্টৰ (১৭.২৯ কিলোমিটাৰ বৰ্গফুট) এলেকাজুৰি বিস্তৃত উদ্যানখনে মিশ্ৰিত চিৰসেউজ অৰণ্যক সামৰি লৈছে। ১৯৮০ চনত ইয়াক প্ৰথমে সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰা হৈছিল।১
প্ৰশাসন
সমগ্ৰ বনাঞ্চলখন কক্সবাজাৰ দক্ষিণ বন বিভাগৰ অধীনত পৰিচালিত হয়। উদ্যানখনৰ চাৰিটা বনাঞ্চল আছে, সেইবোৰ হ'ল- কলাতলী, চৈন্দা, ঝিলংজা আৰু লিংক ৰোড। উদ্যানখনৰ ব্ৰ'কেন হিলচ্ আৰু ৰ' অৱ খ্ৰীষ্টমাছ ট্ৰীচ্য়েই পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু।২
জৈৱ বৈচিত্ৰ্য

, হিমছড়ি ৰাষ্ট্ৰীয় উদ্যান]]
উদ্ভিদকুল
পাহাৰীয়া ভূখণ্ড আৰু ঘন গছ-গছনিৰ বাবে অৰণ্যৰ মাজেৰে খোজকাঢ়ি যোৱাটো সহজ নহয়। ৩৭টা পৰিয়ালৰ অন্তৰ্গত প্ৰায় ১১৭টা গছৰ প্ৰজাতি ইতিমধ্যে লিপিবদ্ধ কৰা হৈছে। লিপিবদ্ধ কৰা কিছুমান প্ৰায় বিপন্ন উদ্ভিদ প্ৰজাতি হ’ল ইলেইছ গিনিয়েনচিছ (Elaeis guineensis), গাৰ্চিনিয়া লেন্সিফ’লিয়া (Garcinia lanceifolia), ইলেঅ’কাৰ্পাছ টেক্টৰিয়াছ (Elaeocarpus tectorius), ইলেঅ’কাৰ্পাছ ফ্ল’ৰিবুণ্ডাছ (Elaeocarpus floribundus), চুৰেগাডা মাল্টিফ্ল’ৰা (Suregada multiflora), লিথ’কাৰ্পাছ এলিগেন্স ভাৰ. এলিগেন্স (Lithocarpus elegans var. elegans) আৰু এক্ৰ’নিচিয়া পেডুনকুলেটা (Acronychia pedunculata)।
প্ৰাণীকুল
উদ্যানখনত বিশেষকৈ সৰীসৃপৰ ভিতৰত ৰিডলি সামুদ্ৰিক কাছ, ২৮৬টা চৰাই প্ৰজাতি আৰু ২৬টা স্তন্যপায়ী প্ৰাণী আছে।৩ ৰাষ্ট্ৰীয় উদ্যানখনৰ দুবিধ সাধাৰণ চৰাই হ’ল চাতক আৰু তাল বতাহী। স্তন্যপায়ী প্ৰাণীসমূহৰ ভিতৰত হলৌ বান্দৰ, লতামাকৰী বাঘ, মেচেকা, বাঘ, এছিয়াৰ ক'লা ভালুক, স্লথ ভালুক, হাতী, বনৰীয়া গাহৰি, মলুৱা বান্দৰ আৰু নেউল আদি উল্লেখযোগ্য।৪
মানৱ বসতি
ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ভিতৰত প্ৰায় ৪০০০ লোকে বসবাস কৰে। এইসকলৰ বেছিভাগেই প্ৰব্ৰজনকাৰী আৰু জীৱিকাৰ বাবে তেওঁলোক মাছ মৰা তথা খেতি-বাতিৰ ওপৰত নিৰ্ভৰশীল।
ভাবুকি
উদ্ভিদৰ বৈচিত্ৰ্যতা আৰু জনসংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণবোৰ হৈছে কৃষিভূমিৰ বাবে হোৱা বেদখল, অপতৃণ প্ৰজাতিৰ আক্ৰমণ, অত্যধিক পশুধন চাৰণ, সৰু সুৰা বনজাত সামগ্ৰী আৰু ইন্ধনৰ বাবে খৰি সংগ্ৰহ, বনজুই, যাতায়াতৰ সুবিধাৰ্থে পথ সম্প্ৰসাৰণ আৰু অন্যান্য আন্তঃগাঁথনিমূলক প্ৰকল্প।
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Hossen, S.; Hossain, M. (2018). Conservation status of tree species in Himchari National Park of Cox's Bazar, Bangladesh. Journal of Biodiversity Conservation and Bioresource Management. পৃ. 1–10
- ↑ Cox's Bazar. Banglapedia
- ↑ Discover and Explore Bangladesh | By Bangladesh.com | Himchari National Park, Cox's Bazaar. bangladesh.com
- ↑ Himchari National Park. Nishorgo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিমছড়ি ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৬২২৯১১ (৩ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।