অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

চশমা-চকুৱা বান্দৰ

চশমা-চকুৱা বান্দৰ ( Phayre's leaf monkey; বৈ‍জ্ঞানিক নামঃ Trachypithecus phayrei) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ এই প্ৰাণীবিধ সম্পৰ্কে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত৷ এই প্ৰজাতিটোৰ চকুৰ চাৰিওদিশে থকা বগা আঁকটো চশমাৰ দৰে দেখা যায় বাবে ইয়াক চশমা-চকুৱা বান্দৰ বুলি অভিহিত কৰা হয়৷…

হালনাগাদ: ১৪ জানুৱাৰী ২০২৬ ৩৬৬ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চশমা-চকুৱা বান্দৰ ( Phayre's leaf monkey; বৈ‍জ্ঞানিক নামঃ Trachypithecus phayrei) দক্ষিণ এছিয়াত বিস্তৃত হৈ থকা এবিধ বান্দৰৰ প্ৰজাতি৷ এই প্ৰাণীবিধ সম্পৰ্কে বৈজ্ঞানিক তথ্য এতিয়াও সীমিত৷ এই প্ৰজাতিটোৰ চকুৰ চাৰিওদিশে থকা বগা আঁকটো চশমাৰ দৰে দেখা যায় বাবে ইয়াক চশমা-চকুৱা বান্দৰ বুলি অভিহিত কৰা হয়৷ চোৰাংচিকাৰ আৰু বনাঞ্চল ধ্বংসৰ বাবে এই আপুৰুগীয়া প্ৰাণীবিধৰ সংখ্যা দিনে দিনে হ্ৰাস পাই আহিছে৷

দৈহিক গঠন

চশমা-চকুৱা বান্দৰৰ দেহৰ বৰণ ডাঠ নীলা-মটীয়া, পৃষঠ দিশত বগা।১ স্থানভেদে ইহঁতৰ বৰণৰ উজ্জ্বলতা বা গাঢ়তাৰ পৰিৱৰ্তন হোৱা দেখা যায়৷ ইয়াৰ মূৰ আৰু নেজৰ শেষৰ অংশ দেহৰ বাকীবোৰ অংশতকৈ তুলনামূলকভাৱে ডাঠ৷ বাহু, ঠেং আৰু নেজত ৰূপালী-মটীয়া বৰণ আছে৷২ ওঁঠ আৰু চকুৰ চাৰিওফালে থকা অঞ্চল বগা হোৱা দেখা যায়৷ পোৱালীবোৰ জন্মতে কমলা বৰণৰ হয় আৰু তিনি বছৰ বয়সৰ পৰা ইহঁতৰ ৰং সলনি হ’বলৈ আৰম্ভ কৰে।৩ মতা প্ৰাণীৰ দেহৰ ওজন প্ৰায় ৭.৩ কি: গ্ৰা: আৰু মাইকীৰ প্ৰায় ৬.২ কি: গ্ৰা:।৪

বিতৰণ

চশমা-চকুৱা বান্দৰ বাংলাদেশ, ম্যানমাৰ, চীন, ভাৰতবৰ্ষ, থাইলেণ্ড আৰু ভিয়েটনামত বিস্তৃত হৈ আছে।৫৬ ভাৰতত এই প্ৰাণীবিধ ত্ৰিপুৰা, মিজোৰাম আৰু অসমত পোৱা যায়।৭৮ অসমৰ কাছাৰ জিলা, হাইলাকান্দি আৰু কৰিমগঞ্জ অঞ্চল এই প্ৰাণীৰ প্ৰধান বসতিস্থল। ৯ চশমা-চকুৱা বান্দৰ প্ৰধানত: চিৰসেউজীয়া অৰণ্যত পোৱা যায়।১০ অসমত এই প্ৰাণীবিধ চিৰসেউজীয়া অৰণ্যৰ বাঁহনিত থকা দেখা যায়।১১

এই প্ৰজাতিৰ তিনিটা উপ-প্ৰজাতি পোৱা যায়৷

  • Trachypithecus phayrei phayrei:

এই উপ-প্ৰজাতিটো পেগুৰ পৰা ত্ৰিপুৰা, দক্ষিণ অসম আৰু বাংলাদেশ পৰ্য্যন্ত বিস্তৃত হৈ আছে৷

  • Trachypithecus phayrei crepusculus:

ইয়াক মূলত: বাংলাদেশ, দক্ষিণ চীন, লাওছ, থাইলেণ্ড, ভিয়েটনাম আদি দেশত পোৱা যায়৷ বাংলাদেশত ই Trachypithecus phayrei phayrei ৰ পৰা দক্ষিণত বিস্তৃত হৈ আছে৷ (Groves, 2001)

  • Trachypithecus phayrei shanicus:

এই উপ-প্ৰজাতিটো উত্তৰ বাৰ্মাৰ পৰা দক্ষিণে চীনলৈকে বিস্তৃত।১২

আচৰণ

চশমা-চকুৱা বান্দৰ মূলত: পত্ৰভোজী প্ৰাণী। ১৩,১৪ ই মূলত: গছৰ পাত খাদ্য হিচাপে গ্ৰহণ কৰে।১৫ অসমৰ অৰণ্যত ইহঁতক প্ৰধানকৈ বাঁহৰ গাঁজ খোৱা দেখা যায়।১৬ চশমা-চকুৱা বান্দৰে সাধাৰণতে ৰাতিপুৱা আৰু গধূলি খাদ্য বেছিকৈ খায়। কেতিয়াবা উপ-গোটত ভাগ হৈ খাদ্যৰ সন্ধান কৰে ৷ শীতকালত (৩৬.৯%), গ্ৰীষ্মকালত (৩৩.৬%) আৰু বাৰিষাকালত (৩১.১%) তকৈ অধিক সময় খোৱা-বোৱাত ব্যয় কৰে। ১৭

ইহঁতে দল বান্ধি বাস কৰে ৷ একোটা দলত ৩-৩০ টা পৰ্য্যন্ত সদস্য থাকে ৷ শীতকালত ইহঁতে টুপীমূৰীয়া বান্দৰৰ দৰে ৰ’দ লয়।১৮

চশমা-চকুৱা বান্দৰে এবাৰত এটাকৈ পোৱালি দিয়ে।১৯

স্থিতি তথা সংৰক্ষণ

আই. ইউ. চি. এন. (IUCN) ৰ তালিকাত এই প্ৰাণীবিধক বিলুপ্তপ্ৰায় বুলি ঘোষণা কৰা হৈছে৷ এই বান্দৰ প্ৰজাতিটো ভাৰতীয় বন্যপ্ৰাণী সংৰক্ষণ আইনৰ দ্বাৰা কঠোৰভাৱে সংৰক্ষিত৷ এই আইন অনুসৰি এই প্ৰাণীবিধ ধৰা, মৰা বা কিনা-বেচা কৰা আৰু ঘৰত আৱদ্ধ কৰি ৰখা আইন মতে দণ্ডনীয় অপৰাধ৷

তথ্যসূত্ৰ

  1. ↑ Choudhury, A. 1987. Notes on the distribution and conservation of Phayre's leaf monkey and hoolock gibbon in India. Tiger Paper. Vol. 14(2), 2-6
  2. ↑ Srivastava, A. 1999. Primates of Northeast India. Megadiversity Press: Bikaner, India
  3. ↑ Srivastava, A. 1999. Primates of Northeast India. Megadiversity Press: Bikaner, India
  4. ↑ Fleagle, J. G. 1988. Primate Adaptation and Evolution. Academic Press: New York
  5. ↑ Ruggeri, N. and Timmins, R.J. 1995/1996. An initial summary of diurnal primate status in Laos. Asian Primates. Vol. 5(3/4), 1-3
  6. ↑ Stanford, C.B. 1988. Ecology of the capped langur and Phayre's leaf monkey in Bangladesh. Primate Conservation. Vol. 9, 125-128
  7. ↑ Mukherjee, R.P. 1982. Phayre's leaf monkey of Tripura. Journal of the Bombay Natural History Society. Vol. 79(1), 47-56
  8. ↑ Choudhury, A. 1994. Phayre's leaf monkey (Presbytis phayrei) in northeastern India. TigerPaper. Vol. 21(3), 1-4
  9. ↑ Choudhury, A. 1996. Primates in Assam – Status and conservation. TigerPaper. Vol. 23(3), 14-17
  10. ↑ Nisbett, R.A. and Ciochon, R.L. 1993. Primates in northern Viet Nam: A review of the ecology and conservation status of extant species, with notes on Pleistocene localities. International Journal of Primatology. Vol. 14(5), 765-795
  11. ↑ Choudhury, A. 1987. Notes on the distribution and conservation of Phayre's leaf monkey and hoolock gibbon in India. Tiger Paper. Vol. 14(2), 2-6
  12. ↑ Groves, C.P. 2001. Primate Taxonomy. Smithsonian Institute Press: Washington, D.C
  13. ↑ Bose, J. and Bhattacharjee, P.C. 2002. Behavioural profile of a troop of Phayre's leaf monkey (Trachypithecus phayrei) in a fragmented and disturbed habitat, northeast India. (abstract) XIX Congress of the International Primatological Society. Beijing, China, 0287
  14. ↑ Gupta, A. K. and Kumar, A. 1994. Feeding ecology and conservation of the Phayre's leaf monkey Presbytis phayrei in northeast India. Biological Conservation. Vol. 69, 301-306
  15. ↑ Bose, J. and Bhattacharjee, P.C. 2002. Behavioural profile of a troop of Phayre's leaf monkey (Trachypithecus phayrei) in a fragmented and disturbed habitat, northeast India. (abstract) XIX Congress of the International Primatological Society. Beijing, China, 0287
  16. ↑ Srivastava, A. 1999. Primates of Northeast India. Megadiversity Press: Bikaner, India
  17. ↑ Gupta, A. K. and Kumar, A. 1994. Feeding ecology and conservation of the Phayre's leaf monkey Presbytis phayrei in northeast India. Biological Conservation. Vol. 69, 301-306
  18. ↑ Choudhury, A. 1994. Phayre's leaf monkey (Presbytis phayrei) in northeastern India. TigerPaper. Vol. 21(3), 1-4
  19. ↑ Lu, A., Borries, C., Czekala, N.M., and Beehner, J.C. 2010. Reproductive characteristics of wild female Phayre's leaf monkeys. American Journal of Primatology. Vol. 72(12), 1073-1081

সম্পৰ্কিত শ্ৰেণী

বান্দৰঅসমৰ স্তন্যপায়ী বন্যজন্তু

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চশমা-চকুৱা বান্দৰ” প্ৰবন্ধৰ সংশোধন ৫৬৯৬৫৩ (১৪ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।