অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰযুক্তি

এনাজৰী

এনাজৰী হৈছে এখন দ্বিভাষীক আৰু প্ৰথম অসমীয়া অনলাইন আলোচনী। ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে এই ৱেৱছাইট গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ প্ৰসিদ্ধ সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰে। আলোচনীখনৰ মুখ্য সম্পাদক আৰু মুখ্য পৰিকল্পনাকাৰী হ’ল হিমজ্যোতি তালুকদাৰ।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

এনাজৰী হৈছে এখন দ্বিভাষীক আৰু প্ৰথম অসমীয়া১ অনলাইন আলোচনী।২ ২০১০ চনৰ ১৩ মাৰ্চ তাৰিখে এই ৱেৱছাইট গুৱাহাটী প্ৰেছ ক্লাবত অসমৰ প্ৰসিদ্ধ সাহিত্যিক নিৰুপমা বৰগোহাঞিয়ে উন্মোচন কৰে। আলোচনীখনৰ মুখ্য সম্পাদক আৰু মুখ্য পৰিকল্পনাকাৰী হ’ল হিমজ্যোতি তালুকদাৰ। কেইবাজনো উপদেষ্টা সমন্বিতে সম্পাদক আৰু সদস্যৰে ইয়াৰ এখন সম্পাদনা সমিতি আছে। ইয়াৰ সম্পাদনা আদি বিভিন্ন কামত এদল অসমীয়া যুৱক-যুৱতী স্বেচ্ছাসেৱক হিচাপে জড়িত হৈ আছে। আলোচনীখনক ১৮৬০ চনৰ Societies Act XXI অনুসৰি ২০১০-২০১১-ৰ বাবে KAM(M)/240/A-24/472 নম্বৰত পঞ্জীয়ন কৰা হৈছে।

উদ্দেশ্য আৰু লক্ষ্য

ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে অসম সংক্ৰান্তিয় পৰ্যাপ্ত পৰিমাণৰ সমল লাভ কৰাৰ উপযুক্ত এক মাধ্যম হিচাপে গঢ়ি তোলাটো এই আলোচনীখনৰ অন্যতম উদ্দেশ্যে। অসমীয়া সাহিত্যৰাজী ইংৰাজীলৈ অনুবাদ কৰা, বিভিন্ন শিক্ষা-প্ৰতিষ্ঠানত ইউনিক’ড লিখন কৰ্মশালা আয়োজন কৰা আদিও আলোচনীখনৰ আন কিছুমান অন্যতম উদ্দেশ্যে।৩

আলোচনীখনৰ বিভিন্ন সুবিধা

এনাজৰী এখন সতাঁৰ আলোচনী হোৱাৰ উপৰি ইয়াত অসমৰ ইতিহাস, বোলছবি, পৰ্য্যটন, সংগীত, গ্ৰন্থ, সাহিত্যিক, অসমীয়া খাদ্যসম্ভাৰ, বনাঞ্চল, বন্যপ্ৰাণী আদি সম্পৰ্কীয় বহুখিনি তথ্যবস্তু সন্নিবিষ্ট হৈছে। পুৰণি অসমীয়া গীতৰ সংৰক্ষণ, ই-বুক সংগ্ৰহ, বহুতো পুৰণি আৰু বিশিষ্ট ব্যক্তিৰ আলোকচিত্ৰ সংগ্ৰহ, “বুঢ়ী আইৰ সাধু”ৰ বহুকেইটা সাধু, আৰু শিশু শিতানেৰেও ই সমৃদ্ধ। অসমীয়া চিৰসেউজ গীতসমূহ সংৰক্ষণৰ দিহা কৰাৰ উপৰি বহুতো কালজয়ী অসমীয়া কবিতাৰ ই এক বৃহৎ ভাণ্ডাৰ।৪

বঁটা-সন্মান

২০১৩ চনৰ অক্টোবৰ মাহত শ্ৰী লংকাৰ কলম্বোত আয়োজিত ৱৰ্ল্ড ছামিট এৱাৰ্ড ২০১৩ অনুষ্ঠানত এনাজৰীয়ে ই কণ্টেণ্ট+ ক্ৰিয়েটিভিটী শাখাত বিজয়ীৰ বঁটা লাভ কৰে। ৫

এনাজৰীৰ অন্যান্য আঁচনি

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ মাণিক ৰয়. (১৪ মাৰ্চ, ২০১০). ইণ্টাৰনেটত অসমীয়া আলোচনী. আমাৰ অসম
  2. ↑ (১৪ মাৰ্চ, ২০১০). প্ৰথম অসমীয়া অনলাইন আলোচনী ‘এনাজৰী ডট কম’ উন্মোচন. খবৰ
  3. ↑ About enajori.com
  4. ↑ (১১ মাৰ্চ, ২০১১). দ্বি-ভাষিক অনলাইন আলোচনী ‘এনাজৰী’ৰ এবছৰ. এদিনৰ সংবাদ
  5. ↑ এনাজৰীলৈ ৱৰ্ল্ড ছামিট ২০১৩ ত বঁটা

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় ৱেবছাইটঅনলাইন আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এনাজৰী” প্ৰবন্ধৰ সংশোধন ৬৩৮৬৫৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।