ফিল্মফেয়াৰ বঁটা দক্ষিণ বিজয়ী
১৭ প্ৰবন্ধ
-
শিৱাজী গণেশন
ৱিল্লুপুৰম ছিন্নায়া মনৰায়ৰ গণেশমূৰ্তি (১ অক্টোবৰ ১৯২৮ – ২১ জুলাই ২০০১) এজন ভাৰতীয় অভিনেতা আৰু প্ৰযোজক, যি তেওঁৰ অভিনয় জগতৰ নাম শিৱাজী গণেশন বুলিহে অধিক পৰিচিত। কুৰি শতিকাৰ দ্বিতীয়াৰ্দ্ধত তেওঁ তামিল চলচ্চিত্ৰত সক্ৰিয় আছিল।
-
নানী (অভিনেতা)
ঘণ্টা নবীন বাবু (Ghanta Naveen Babu; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৮৪), পেছাদাৰীভাৱে তেওঁৰ পৰ্দা নাম নানীৰে পৰিচিত, এগৰাকী ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু টেলিভিছন উপস্থাপক। তেওঁ প্ৰধানকৈ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে।
-
বি নাগী ৰেড্ডী
বম্মিৰেড্ডী নাগী ৰেড্ডী (( Bommireddy Nagi Reddi; ২ ডিচেম্বৰ ১৯১২ – ২৫ ফেব্ৰুৱাৰী ২০০৪) এজন ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু মূলতঃ তেলেগু চলচ্চিত্ৰৰ পৰিচালক। তেওঁ চেন্নাইত বিজয়া বৌহিনী ষ্টুডিঅ' স্থাপন কৰে, যি আছিল সেই সময়ৰ এছিয়াৰ আটাইতকৈ ডাঙৰ চলচ্চিত্ৰ ষ্টুডিঅ'।
-
ছাই পল্লৱী
ছাই পল্লৱী ছেন্থামাৰাই (Sai Pallavi Senthamarai; জন্ম: ৯ মে' ১৯৯২) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেখেতে তেলুগু, তামিল, আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰিছে। "প্ৰেমম" আৰু "ফিডা" নামৰ ছবিত আগবঢ়োৱা প্ৰদৰ্শনৰ বাবে তেখেতে বহুকেইটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
-
এল ভি প্ৰসাদ
আক্কিনেনি লক্ষ্মী ৱৰা প্ৰসাদ ৰাও ( Paidi Jairaj; ১৭ জানুৱাৰী ১৯০৭ – ২২ জুন ১৯৯৪) এজন ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, অভিনেতা আৰু ব্যৱসায়ী। পেছাগতভাৱে তেওঁ এল ভি প্ৰসাদ নামেৰে পৰিচিত। তেওঁক ভাৰতীয় চলচ্চিত্ৰৰ এজন অন্যতম পথ প্ৰদৰ্শক বুলি গণ্য কৰা হয়।
-
উমাশ্ৰী
উমাশ্ৰী (Umashree; জন্ম: ১০ মে' ১৯৫৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ৰাজনীতিবিদ। কোৱা হয় যে কানাড়া ভাষাত চাৰিশৰো অধিক চলচ্চিত্ৰত বিশেষকৈ কৌতুক চৰিত্ৰত অভিনয় কৰিছে। ২০০৮ চনত কানাড়া ছবি গুলাবী টকীজত গুলাবীৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।
-
এন টি ৰামা ৰাও জুনিয়ৰ
নন্দমুৰি তাৰকা ৰামা ৰাও (N. T. Rama Rao Jr.(জন্ম ২০ মে' ১৯৮৩), জনপ্ৰিয়ভাৱে এন টি আৰ জুনিয়ৰ নামেৰে পৰিচিত৷ তেওঁ এজন ভাৰতীয় অভিনেতা, প্ৰযোজক আৰু টেলিভিছন পৰিৱেশক যি মূলতঃ তেলেগু চিনেমাত কাম কৰে।
-
কল্যাণী প্ৰিয়দৰ্শন
কল্যাণী প্ৰিয়দৰ্শন (Kalyani Priyadarshan; জন্ম: ৫ এপ্ৰিল ১৯৯৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ মালয়ালম ছবিত অভিনয় কৰে যদিও ইতিমধ্যে কেইবাখনো তামিল আৰু তেলুগু ছবিত অভিনয় কৰিছে।
-
কৃতি চেট্টী
কৃতি চেট্টী (Krithi Shetty; জন্ম ২১ ছেপ্টেম্বৰ ২০০৩) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী৷ তেওঁ সাধাৰণতে তেলেগু ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। ব্যৱসায়িকভাৱে সফল ছবি উপেনা (২০২১) -ৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল৷
-
ড॰ ৰাজকুমাৰ
সিংগনাল্লুৰু পুট্টস্বমাইয়া মুথুৰাজ ( Singanalluru Puttaswamaiah Muthuraj; ২৪ এপ্ৰিল ১৯২৯ – ১২ এপ্ৰিল ২০০৬) কানাড়া চলচ্চিত্ৰৰ এজন অভিনেতা আৰু গায়ক, যি তেওঁৰ মঞ্চনাম ড° ৰাজকুমাৰ নামেৰে অধিক পৰিচিত তেওঁক ভাৰতীয় চলচ্চিত্ৰ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ আৰু বহুমুখী অভিনেতা হিচাপে তথা সাংস্কৃতিক প্ৰতীক…
-
মীৰা জেচমিন
মীৰা জেচমিন যোছেফ ( Meera Jasmine), এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম, তামিল, তেলেগু আৰু কানাড়া ভাষাৰ ছবিত অভিনয় কৰে। পেছাগতভাৱে তেওঁ মীৰা জেচমিন নামেৰে পৰিছিত। ২০০১ চনত লোহিতাদাসৰ ছবি সূত্ৰধৰণৰ জৰিয়তে মীৰাই চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে।
-
ৰুক্মিণী বসন্ত
ৰুক্মিণী বসন্ত (Rukmini Vasanth; জন্ম: ১০ ডিচেম্বৰ ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে প্ৰধানকৈ কন্নড় চলচ্চিত্ৰত কাম কৰে। বীৰবল ট্ৰাইলজী কেছ ১: ফাইণ্ডিং বজ্ৰমুনি (২০১৯) নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰত অভিষেক ঘটায়।
-
নাগা চৈতন্য
নাগা চৈতন্য আক্কিনানি (জন্ম ২৩ নৱেম্বৰ ১৯৮৬) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেতা। তেওঁ মূলতঃ তেলেগু চলচ্চিত্ৰত অভিনয় কৰে। ২০০৯ চনত বাসু বাৰ্মাৰ দ্বাৰা পৰিচালিত আৰু দিল ৰাজুৰ দ্বাৰা প্ৰযোজিত জোছ নামৰ চলচ্চিত্ৰখনৰ জৰিয়তে তেওঁ চলচ্চিত্ৰজগতত আত্মপ্ৰকাশ কৰে।
-
ব্ৰহ্মানন্দম
কান্নেগন্তি ব্ৰহ্মানন্দম (Conneganti Brahmanndam; জন্ম: ১ ফেব্ৰুৱাৰী ১৯৫৬) তেলেগু চিনেমাত আগবঢ়োৱা অভিনয়-কৰ্মৰ বাবে পৰিচিত এজন ভাৰতীয় অভিনেতা আৰু কমেডিয়ান। তেওঁ ভাৰতৰ সৰ্বাধিক দৰমহাপ্ৰাপ্ত কমিক অভিনেতা হিচাপে স্বীকৃতি পাইছে।
-
মধু প্ৰিয়া
পেদ্দিন্তি মধু প্ৰিয়া (Madhu Priya) এগৰাকী ভাৰতীয় তেলেগু নেপথ্য গায়িকা। তেলেগু টেলিভিছনত তেওঁ আদাপিল্লানাম্মা নেনু আদাপিলানানী শীৰ্ষক লোকসংগীতটিৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল। তেওঁ তেলেগু ৰিয়েলিটি টিভি শ্ব' বিগ বছ এগৰাকী অংশগ্ৰহণকাৰী আছিল আৰু তেওঁক ১৩ সংখ্যক দিনত বহিষ্কাৰ কৰা হৈছিল।
-
সপ্তমী গৌড়া
সপ্তমী গৌড়া (Sapthami Gowda; জন্ম: ৮ জুন ১৯৯৬) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ কন্নড় চলচ্চিত্ৰত কাম কৰে। ২০২০ চনত তেওঁ দুনিয়া সূৰীৰ পৰিচালনাত নিৰ্মিত পপকৰ্ণ মাংকি টাইগাৰ ছবিত অভিনয়েৰে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
স্নেহা (অভিনেত্ৰী)
সুহাসিনী ৰাজাৰাম নাইডু (Suhasini Rajaram Naidu; জন্ম: ১২ অক্টোবৰ ১৯৮১), এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ পেছাগতভাৱে স্নেহা নামেৰে পৰিচিত। তেওঁ প্ৰধানকৈ তামিল, তেলুগু আৰু মালয়ালম চলচ্চিত্ৰত কাম কৰে, মুখ্য আৰু সহযোগী চৰিত্ৰ দুয়োটাতে।