নেপালী ভাষাৰ সাহিত্যিক
১০ প্ৰবন্ধ
-
লক্ষ্মী প্ৰসাদ দেৱকোটা
লক্ষ্মী প্ৰসাদ দেৱকোটা (Laxmi Prasad Devkota ) হ'ল এজন নেপালী কবি, নাট্যকাৰ, ঔপন্যাসিক আৰু ৰাজনীতিবিদ। মহাকবি উপাধিৰে তেওঁ নেপালী সাহিত্যত সন্মানিত; তেওঁ সোণালী হৃদয়ৰ কবি হিচাপেও পৰিচিত। তেওঁক নেপালৰ অন্যতম বিখ্যাত সাহিত্যিক হিচাপে গণ্য কৰা হয়।
-
গীতা উপাধ্যায়
গীতা উপাধ্যায় (Gita Upadhyay) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ মূলতঃ নেপালী আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ "কাৰেঙৰ লিগিৰী" নাট নেপালী ভাষালৈ অনুবাদ কৰি ২০১২ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছিল।
-
লীল বাহাদুৰ ছেত্ৰী
লীল বাহাদুৰ ছেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ ছেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰহ্মপুত্ৰকো ছেও ছাওৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
সানু শৰ্মা
সানু শৰ্মা (নেপালী: सानु शर्मा) এগৰাকী নেপালী উপন্যাসিক, গল্পৰ লেখিকা, কবি আৰু গীতিকাৰ। তেওঁৰ সাহিত্যিক সৃষ্টি সমূহৰ ভিতৰত উপন্যাস, গল্প আৰু কবিতা আছে, যাৰ বহুতো অডিঅ’বুক হিচাপে প্ৰকাশ পাইছে।
-
সুমন পোখৰেল
সুমন পোখৰেল (নেপালী: सुमन पोखरेल; জন্ম ২১ ছেপ্টেম্বৰ ১৯৬৭) এজন নেপালী কবি, গীতিকাৰ, নাট্যকাৰ, অনুবাদক আৰু শিল্পী। নেপাল আৰু ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ে তেওঁৰ কবিতা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। পোখৰেল হৈছে একমাত্ৰ সাহিত্যিক যিজনে দুবাৰ সাৰ্ক সাহিত্য পুৰস্কাৰ লাভ কৰিছে।
-
গীতা ত্ৰিপাঠী
গীতা ত্ৰিপাঠী ( Geeta Tripathee; জন্ম: ২৮ জুন ১৯৭২) এগৰাকী নেপালী কবি, গীতিকাৰ, নিবন্ধকাৰ, সাহিত্য সমালোচক আৰু পণ্ডিত। নেপালী ভাষাৰ এগৰাকী উল্লেখযোগ্য লেখিকা গীতা ত্ৰিপাঠীৰ কৃতিত্ব দুটা খণ্ডৰ কবিতা সংকলন, এখন গীতি-কবিতাৰ আৰু সাতখন অন্যান্য সাহিত্য ধাৰাৰ গ্ৰন্থ।
-
ছবিলাল উপাধ্যায় (সাহিত্যিক)
ছবিলাল উপাধ্যায় (জন্ম: ৩ নৱেম্বৰ, ১৯৩৬) এগৰাকী শিক্ষক, সাহিত্যিক। তেখেতে ১৯৯৮ চনত সাহিত্য অকাডেমি অনুবাদ বঁটা আৰু ২০২১ চনত উষা-অনিৰুদ্ধ মহাকাব্যৰ বাবে পুনৰবাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭৫ চনৰ পৰা সাহিত্য চৰ্চা আৰম্ভ কৰা উপাধ্যায়ে ১৯৯০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰে।
-
মতিৰাম ভট্ট
মোতিৰাম ভট্ট নেপালী ভাষাত मोतीराम भट्ट আছিল এজন নেপালৰ নেপালী কবি, গায়ক, প্ৰবন্ধকাৰ, প্ৰকাশক, সাহিত্য সমালোচক আৰু জীৱনীকাৰ। তেওঁক নেপালী সাহিত্যৰ প্ৰথম জীৱনীকাৰ আৰু সাহিত্য সমালোচক হিচাপে গণ্য কৰা হয় আৰু ১৮৮৮ চনত নেপালত প্ৰথম ব্যক্তিগত প্ৰিণ্টিং প্ৰেছ তেখেতেই আৰম্ভ কৰিছিল।
-
সত্য মোহন যোশী
সত্য মোহন যোশী (সত্য মোহন যোশী; ১২ মে' ১৯২০ – ১৬ অক্টোবৰ ২০২২) আছিল এজন নেপালী লেখক আৰু পণ্ডিত। নেপালৰ ইতিহাস আৰু সংস্কৃতি বিষয়ক গৱেষণাৰ বাবে যোশী পৰিচিত। তেওঁ নেপাল ভাষা একাডেমীৰ আচাৰ্য হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
-
হৰিভক্ত কটুৱাল
হৰিভক্ত কটুৱাল (हरिभक्त कटुवाल) এগৰাকী ভাৰতীয়-নেপালী কবি, সাহিত্যিক আৰু গীতিকাৰ আছিল।