নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা বিজয়ী
৪ প্ৰবন্ধ
-
গীতা উপাধ্যায়
গীতা উপাধ্যায় (Gita Upadhyay) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ মূলতঃ নেপালী আৰু অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰে। তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ "কাৰেঙৰ লিগিৰী" নাট নেপালী ভাষালৈ অনুবাদ কৰি ২০১২ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা লাভ কৰিছিল।
-
লীল বাহাদুৰ ছেত্ৰী
লীল বাহাদুৰ ছেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ ছেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰহ্মপুত্ৰকো ছেও ছাওৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।
-
পুষ্পলাল উপাধ্যায়
পুষ্পলাল উপাধ্যায়ৰ জন্ম ইৰাজী ১৯০৬ চনত বৰ্তমান অসমৰ ধেমাজি জিলাৰ লাইমেকুৰী নামে এখনি ঠাইত হৈছিল। পুষ্পলাল উপাধ্যায়ে তেওঁৰ ১৯৮৭ চনত প্ৰকাশিত উষা মঞ্জৰী কাব্য গ্ৰন্থৰ বাবে ১৯৮৮ চনত দিল্লীৰ সাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই কাব্য গ্ৰন্থ নেপালী ভাষাত ৰচিত।
-
ছবিলাল উপাধ্যায় (সাহিত্যিক)
ছবিলাল উপাধ্যায় (জন্ম: ৩ নৱেম্বৰ, ১৯৩৬) এগৰাকী শিক্ষক, সাহিত্যিক। তেখেতে ১৯৯৮ চনত সাহিত্য অকাডেমি অনুবাদ বঁটা আৰু ২০২১ চনত উষা-অনিৰুদ্ধ মহাকাব্যৰ বাবে পুনৰবাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰে। ১৯৭৫ চনৰ পৰা সাহিত্য চৰ্চা আৰম্ভ কৰা উপাধ্যায়ে ১৯৯০ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ প্ৰকাশ কৰে।