অসমীয়া শিশু সাহিত্যিক
১৫ প্ৰবন্ধ
-
লক্ষ্মীনাথ বেজবৰুৱা
লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪–১৯৩৮) আধুনিক অসমীয়া সাহিত্যৰ অন্যতম পথ-প্ৰদৰ্শক; কাব্য, নাটক, প্ৰবন্ধ, হাস্য-ৰম্য, সমালোচনা, শিশুসাহিত্য আৰু সাংবাদিকতাত তেওঁৰ বহুমুখী সৃষ্টি-কৰ্মে অসমীয়া বৌদ্ধিক জগতলৈ এক নতুন গতি আনিছিল।
-
নৱকান্ত বৰুৱা
নৱকান্ত বৰুৱা (১৯২৬–২০০২) আধুনিক অসমীয়া কবিতাৰ এক মুখ্য কণ্ঠস্বৰ, যিয়ে কবিতাৰ লগতে শিশু সাহিত্য আৰু উপন্যাস-ৰচনাতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ‘এখুদ ককাইদেউ’ ছদ্মনামে তেওঁ জনমানসত বিশেষ স্থান দখল কৰে, আৰু ‘ককাদেউতাৰ হাড়’ আদি কৃতিয়ে তেওঁক কথাসাহিত্যতো স্থায়ী মৰ্যাদা দিয়ে।
-
নিৰ্মলপ্ৰভা বৰদলৈ
নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩–২০০৪) অসমৰ এগৰাকী প্রভাবশালী কবি, গীতিকাৰ আৰু লোক-সংস্কৃতি-গৱেষক, যাৰ সৃষ্টিশীলতা আৰু তাত্ত্বিক কৰ্মই আধুনিক অসমীয়া সাহিত্যত পৃথক স্থান লাভ কৰিছে।
-
অতুল চন্দ্ৰ হাজৰিকা
অতুল চন্দ্ৰ হাজৰিকা (১৯০৩-১৯৮৬) অসমীয়া কবি, নাট্যকাৰ, গদ্যলেখক, শিশু সাহিত্যিক আৰু অধ্যাপক। অসমীয়া ৰঙ্গমঞ্চ আৰু সাহিত্য-প্ৰতিষ্ঠানিক জীৱনত নেতৃত্ব, গ্ৰন্থ-প্ৰণয়ন আৰু শিক্ষকতা—এই তিনিধাৰা কাৰ্যৰ জৰিয়তে তেখেতে দীঘলীয়া প্ৰভাৱ ৰাখে।
-
কীৰ্তিনাথ হাজৰিকা
কীৰ্তিনাথ হাজৰিকা (Kirtinath Hazarika) (১৯২২-২০০২) সাহিত্যিক কীৰ্তিনাথ হাজৰিকাৰ জন্ম হয় গোলাঘাট জিলাত। তেওঁ ১৯৬৫ চনৰ পৰা দীৰ্ঘদিনৰ বাবে দৈনিক অসম বাতৰি কাকতৰ সম্পাদক হৈ আছিল আৰু দৈনিক অসমীয়া কাকতৰ উপ-সম্পাদক, নতুন অসমীয়া কাকতৰ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল। তেওঁ ৰামধেনুৰ লগতো জড়িত আছিল।
-
বন্দিতা ফুকন
বন্দিতা ফুকন (Bandita Phukan) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, অনুবাদক, শিশু-সাহিত্যিক আৰু মূলতঃ বিজ্ঞান আৰু কল্পবিজ্ঞান লেখক। তেখেত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা যান্ত্ৰিক অভিযান্ত্ৰিকী শাখাত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী মহিলা অভিযন্তা।
-
মৃণাল কলিতা
ড° মৃণাল চন্দ্ৰ কলিতা (Dr. Mrinal Chandra Kalita) অসমৰ এগৰাকী শিশু-সাহিত্যিক, গল্পকাৰ, ঔপন্যাসিক আৰু নিৱন্ধকাৰ। তেওঁ গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক।
-
আজলীতৰা নেওগ
আজলীতৰা নেওগ (১৯১৩–১৯৪৯) এগৰাকী অসমীয়া শিশু সাহিত্যিক আৰু কবি।
-
গগনচন্দ্ৰ অধিকাৰী
গগনচন্দ্ৰ অধিকাৰী (Gagan Chandra Adhikari জন্ম: ১ জুন ১৯৪১ – মৃত্যু: ৩০ ছেপ্টেম্বৰ ২০২০) এগৰাকী ভাৰতীয় সাহিত্যিক। তেওঁ অসমীয়া ভাষাৰ শিশু সাহিত্যিক হিচাপে বিখ্যাত।
-
তোষপ্ৰভা কলিতা
তোষপ্ৰভা কলিতা (Toshaprobha Kalita)সাহিত্য অকাডেমি বঁটা বিজয়ী এগৰাকী অসমীয়া সাহিত্যিক আৰু সাহিত্যিক পেঞ্চন প্ৰাপ্ত প্ৰগতিশীল লেখিকা। তেওঁ শিশু-সাহিত্যিক আৰু অনুবাদক হিচাপে বিশেষ পৰিচিতি লাভ কৰিছিল। কবি, ঔপন্যাসিক আৰু ভ্ৰমণ কাহিনী লেখক হিচাপেও তোষপ্ৰভা কলিতাক জনা যায়।
-
ৰশ্মি নাৰ্জাৰী
ৰশ্মি নাৰ্জাৰী (Rashmi Narzary) অসমৰ এগৰাকী সাহিত্যিক তথা অনুবাদক। ইংৰাজী ভাষাত ৰচিত শিশু সাহিত্যৰ গ্ৰন্থ 'হিচ স্বেয়াৰ অফ স্কাই'ৰ বাবে তেওঁ পৰিচিত। এই গ্ৰন্থখনৰ বাবে তেওঁ ২০১৬ চনৰ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি শিশু সাহিত্য বঁটা লাভ কৰে।
-
নবীন বুঢ়াগোহাঁই
নবীন বুঢ়াগোহাঁই একাধাৰে লেখক, গৱেষক, কবি, শিশু সাহিত্যিক৷ বুৰঞ্জীৰ অধ্যয়ন-অনুসন্ধান আৰু চৰ্চাকাৰী এজন লেখক হিচাপে তেখেতৰ সুকীয়া পৰিচয় আছে৷ তেখেতে এতিয়ালৈকে ২৩খন বুৰঞ্জী বিষয়ক গ্ৰন্থ লিখি উলিয়াইছে৷ সাম্প্ৰতিক সময়ত তেখেতৰ বুৰঞ্জী বিষয়ক লেখাৰ লগতে বিভিন্ন সমাজ-সংস্কৃতি বিষয়ক লেখা অসমৰ…
-
নিৰুপমা মিশ্ৰ
নিৰুপমা মিশ্ৰ (জন্ম: ১৯৪৩) এগৰাকী খ্যাতনামা অসমীয়া শিশু সাহিত্যিক আৰু সমাজ সেৱিকা। তেওঁৰ শিশু-কেন্দ্ৰিক গ্ৰন্থসমূহ অসমৰ শিশুসাহিত্য ক্ষেত্ৰত এক উল্লেখযোগ্য অৱদান হিচাপে বিবেচিত। তেওঁ চন্দ্ৰপ্ৰভা শইকীয়া আদি প্ৰবুদ্ধ মহিলা ব্যক্তিত্বৰ আদৰ্শ অনুসৰণ কৰি সমাজ আৰু নাৰীমুক্তিৰ ক্ষেত্ৰতো সক্ৰিয় আছিল।
-
হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি
হৰপ্ৰিয়া বাৰুকিয়াল বৰগোহাঞি (Harapriya Barukial Borgohain) এগৰাকী অসমীয়া সাহিত্যিক আৰু শিক্ষয়িত্ৰী। বিভিন্ন বিষয়ৰ ওপৰত লিখিছে যদিও তেওঁ শিশু সাহিত্যৰ বাবে বিশেষভাবে জনাজাত। শিশু সাহিত্যলৈ আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁ অসমীয়া ভাষা শিতানত সাহিত্য অকাডেমীৰ শিশু সাহিত্য বঁটা লাভ কৰিছে।
-
কিৰণময়ী তামূলী
ডা° কিৰণময়ী তামূলী (Kironmoyee Tamuli; ১৯৫২-২০২১) এগৰাকী চিকিৎসক আৰু শিশু সাহিত্যিক আছিল। শিশু আলোচনী মৌচাক আৰু নতুন আৱিষ্কাৰৰ লগত বিশেষভাৱে জড়িত।