হকী (Hockey) এবিধ আউটডৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। হকী খেলৰ প্ৰত্যক দলত ১১জন খেলুৱৈ থাকে। এই খেলত হকী ষ্টিকৰ দ্বাৰা বিপক্ষৰ এলেকাত থকা লক্ষ্যস্থানত বল ভৰাবলৈ চেষ্টা কৰে। যিটো দলে অধিক সংখ্যক গ’ল দিয়ে সেই দলটোৱেই বিজয়ী হিচাপে মনোনীত হয়।
প্ৰকাৰ
পেছাদাৰী হকী প্ৰতিযোগিতা তিনিটা বিভাগত খেলোৱা হয়। প্ৰকাৰসমূহ হ’ল:
- ফিল্ড হকী
- আইচ হকী আৰু
- ৰিং হকী
হকী মূলতঃ বহিঃক্ৰীড়া (outdoor game), যদিও আজিকালি অন্তঃক্ৰীড়া (indoor game) হিচাপেও খেলিব পাৰি।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হকী” প্ৰবন্ধৰ সংশোধন ৪৯১০৯৭ (১৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।