অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ধ্যান চান্দ

মেজৰ ধ্যান চান্দ (Dhyan Chand, ২৯ আগষ্ট ১৯০৫ – ৩ ডিচেম্বৰ ১৯৭৯) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আছিল। তেওঁক ভাৰতীয় ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়।

হালনাগাদ: ৩ মে’ ২০২৬ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

মেজৰ ধ্যান চান্দ (Dhyan Chand, ২৯ আগষ্ট ১৯০৫ – ৩ ডিচেম্বৰ ১৯৭৯) এজন ভাৰতীয় ফিল্ড হকী খেলুৱৈ আছিল। তেওঁক ভাৰতীয় ক্ৰীড়া ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হয়।১ ১৯২৮, ১৯৩২ আৰু ১৯৩৬ চনত ভাৰতে ফিল্ড হকীত আধিপত্য বিস্তাৰ কৰা যুগত তিনিটা অলিম্পিক স্বৰ্ণ পদক অৰ্জন কৰাৰ উপৰিও তেওঁ তেওঁৰ অসাধাৰণ গ'ল-স্ক'ৰিং কৃতিত্বৰ বাবে জনাজাত আছিল। তেওঁৰ প্ৰভাৱ আৰু অৱদানৰ ফলস্বৰূপে ভাৰতে ১৯২৮ চনৰ পৰা ১৯৬৪ চনলৈ আঠটা অলিম্পিকৰ ভিতৰত সাতখনত ফিল্ড হকী ইভেণ্টত স্বৰ্ণ অৰ্জন কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ সুন্দৰ বল নিয়ন্ত্ৰণৰ বাবে 'হকীৰ যাদুকৰ'২৩ বা 'দ্য মেজিচিয়ান'৪৫ নামেৰে জনাজাত ধ্যান চান্দে ১৯২৬ চনৰ পৰা ১৯৪৯ চনলৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খেলিছিল। তেওঁৰ আত্মজীৱনী "গ'ল" অনুসৰি তেওঁ ১৮৫খন খেলত ৫৭০টা গ'ল কৰিছিল।৬ ভাৰত চৰকাৰে ১৯৫৬ চনত তেওঁক দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে।৭ তেওঁৰ জন্মদিন ২৯ আগষ্টক প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যান চান্দ খেলৰত্ন বঁটা ২০২১ চনত তেওঁৰ নামেৰে পুনৰ নামকৰণ কৰা হৈছিল।৮

তথ্যসূত্ৰ

  1. ↑ Dhyan Chand (Indian athlete). Encyclopædia Britannica
  2. ↑ Find out about India's hockey wizard. bbc.co.uk
  3. ↑ Dhyan Chand – The Legend Lives On. bhartiyahockey.org
  4. ↑ (29 August 2017). National Sports Day: PM Narendra Modi pays tribute to Major Dhyan Chand on birth anniversary. Indian Express
  5. ↑ (28 August 2010). Remembering Dhyan Chand, the magician. rediff.com
  6. ↑ Chand, p. 255
  7. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India
  8. ↑ (6 August 2021). Khel Ratna Award renamed after Dhyan Chand. The Hindu. Press Trust of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ফিল্ড হকী খেলুৱৈসেনা বিষয়াপদ্মভূষণ বঁটা বিজয়ীঅলিম্পিকত পদক বিজয়ী ভাৰতীয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধ্যান চান্দ” প্ৰবন্ধৰ সংশোধন ৬০৪২০৪ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।