অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইউনিয়ন বেংক অফ ইণ্ডিয়া

ইউনিয়ন বেংক অফ ইণ্ডিয়া (ইংৰাজী: Union Bank of India) চমুকৈ UBI, ভাৰতৰ অন্যতম পুৰণি আৰু বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অফস্থিত।

হালনাগাদ: ২ জানুৱাৰী ২০২৫ ১২৬ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

ইউনিয়ন বেংক অফ ইণ্ডিয়া (ইংৰাজী ভাষা: Union Bank of India) চমুকৈ UBI, ভাৰতৰ অন্যতম পুৰণি আৰু বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, যাৰ মুখ্য কাৰ্যালয় মহাৰাষ্ট্ৰৰ মুম্বাইত অফস্থিত। ১৯১৯ চনত প্ৰতিষ্ঠা হোৱা এই বেংকটোৱে ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে পৰিগণিত হৈছে ইয়াৰ সমগ্ৰ দেশতে ৯,৫০০ৰো অধিক শাখা আৰু ১৩,০০০ এটিএমৰ নেটৱৰ্ক আছে।১

ইতিহাস

ইউনিয়ন বেংক অফ ইণ্ডিয়া, ১৯১৯ চনত ইউনিয়ন বেংক অফ বাৰ্মা এণ্ড চাংহাই নামেৰে ব্যক্তিগত সীমিত কোম্পানী হিচাপে প্ৰতিষ্ঠা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ম্যানমাৰৰ ইয়াংগুনত আছিল। ১৯২৩ চনত বেংকটোৱে ভাৰতলৈ নিজৰ কাম-কাজ সম্প্ৰসাৰণ কৰি বোম্বাই (বৰ্তমানৰ মুম্বাই)ত প্ৰথমটো শাখা মুকলি কৰে।২

সহযোগী কোম্পানী

  • ইউনিয়ন বেংক অফ ইণ্ডিয়া (ইউ.কে) লিমিটেড
  • ইউনিয়ন এচেট মেনেজমেণ্ট কোম্পানী প্ৰাইভেট লিমিটেড
  • ইউনিয়ন ট্ৰাষ্টী কোম্পানী প্ৰাইভেট লিমিটেড
  • ষ্টাৰ ইউনিয়ন দাই-ইচি জীৱন বীমা কোম্পানী লিমিটেড
  • চৈতন্য গোদাবৰী গ্ৰামীণ বেংক
  • কৰ্পবেংক ছিকিউৰিটিজ লিমিটেড।
  • ইউ বি আই চাৰ্ভিচেছ লিমিটেড

তথ্যসূত্ৰ

  1. ↑ About Us, Union Bank of India. unionbankofindia.com
  2. ↑ History of Union Bank of India. unionbankofindia.com

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ বিত্তীয় প্ৰতিষ্ঠান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউনিয়ন বেংক অফ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৪৬১১৮৭ (২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।