বেংক অৱ ইণ্ডিয়া ভাৰতৰ মহাৰাষ্ট্ৰৰ মুম্বাইত অৱস্থিত এখন ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৬ চনৰ ৭ ছেপ্টেম্বৰত এদল ব্যৱসায়ীয়ে প্ৰতিষ্ঠা কৰা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। বেংকটোৱে ভাৰত আৰু বহিঃৰাজ্যত ৫ হাজাৰৰো অধিক শাখা আৰু ৬ হাজাৰ এটিএমৰ নেটৱৰ্ক পৰিচালনা কৰে।১
ইতিহাস
১৯০৬ চনত মুম্বাইত ছাৰ ছাছুন জে ডেভিদৰ নেতৃত্বত এদল বিশিষ্ট ব্যৱসায়ীয়ে বেংক অৱ ইণ্ডিয়া প্ৰতিষ্ঠা কৰিছিল। ১৯৬৯ চনত এই বেংকটো ৰাষ্ট্ৰীয়কৰণ কৰা হয়, আৰু তেতিয়াৰ পৰাই ই ভাৰত চৰকাৰৰ মালিকানাধীন আৰু পৰিচালক। বছৰ বছৰ ধৰি বেংক অৱ ইণ্ডিয়াই ভাৰতৰ অন্যতম আগশাৰীৰ বেংক হিচাপে গঢ় লৈ উঠিছে।২
বঁটা আৰু স্বীকৃতি
বেংক অৱ ইণ্ডিয়াই নিজৰ বাৰ্ষিক প্ৰদৰ্শন আৰু কৃতিত্বৰ বাবে কেইবাটাও বঁটা আৰু স্বীকৃতি লাভ কৰি আহিছে। ২০২০ চনত বেংক অৱ ইণ্ডিয়াই এছ’চিয়েটেড চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী অৱ ইণ্ডিয়া (ASSOCHAM)ৰ দ্বাৰা ‘এম এছ এম ই ঋণৰ ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে শ্ৰেষ্ঠ বেংক বঁটা’ লাভ কৰে। ডিজিটেল বেংকিং সেৱাৰ বাবেও বেংকটোৱে স্বীকৃতি লাভ কৰি এছিয়ামনি বেষ্ট বেংক এৱাৰ্ড ২০২১ত ‘ভাৰতৰ শ্ৰেষ্ঠ ডিজিটেল বেংক’ বঁটা লাভ কৰিছে।৩
তথ্যসূত্ৰ
- ↑ BOI | Bank of India. www.bankofindia.co.in
- ↑ indiainfoline.com. VR Iyer, Chairperson & Managing Director, Bank of India
- ↑ AWARDS & ACCOLADES. bankofindja.co.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বেংক অৱ ইণ্ডিয়া” প্ৰবন্ধৰ সংশোধন ৬১৭১৯৬ (১৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।