ইণ্ডিয়ান বেংক হৈছে ভাৰতৰ তামিলনাডুৰ চেন্নাইত মুখ্য কাৰ্যালয় থকা এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯০৭ চনত প্ৰতিষ্ঠা হোৱা এই বেংক ভাৰতৰ অন্যতম পুৰণি বেংক। সমগ্ৰ ভাৰততে বেংকটোৰ ৬ হাজাৰৰো অধিক শাখা আৰু ৭ হাজাৰৰো অধিক এটিএমৰ নেটৱৰ্ক আছে।১
ইতিহাস
গঠন আৰু সম্প্ৰসাৰণ
1906 চনৰ অন্তিম চতুৰ্থাংশত, মাদ্ৰাজ (বৰ্তমান চেন্নাই) চহৰখনে আটাইতকৈ বেয়া বিত্তীয় সংকটৰ সন্মুখীন হৈছিল।২ আৰ্বুথনটৰ দেউলিয়া গোচৰৰ এক গুৰুত্বপূৰ্ণ ব্যক্তি আছিল মাদ্ৰাজৰ অধিবক্তা ভি. কৃষ্ণস্বামী আয়াৰ, তেখেতেই ইণ্ডিয়ান বেংক প্ৰতিষ্ঠা কৰিছিল। ইয়ে ১৯০৭ চনৰ ১৫ আগষ্টত মাদ্ৰাজৰ পেৰী কৰ্ণাৰৰ পেৰী বিল্ডিংত ইয়াৰ মুখ্য কাৰ্যালয়ৰ সৈতে কাম আৰম্ভ কৰে। ১৯৩২ চনত আই.বি য়ে কলম্বোত এটা শাখা খুলিছিল। ই ১৯৩৫ চনত জাফনাত ইয়াৰ দ্বিতীয় শাখা খুলিছিল, কিন্তু ১৯৩৯ চনত ইয়াক বন্ধ কৰিছিল।
ভাৰতৰ স্বাধীনতাৰ পিছত

ইণ্ডিয়ান বেংকে বাৰ্মা, মালয়েছিয়া আৰু ছিংগাপুৰত ইয়াৰ শাখাবোৰ পুনৰ মুকলি কৰে, অন্তিমটো ১৯৬২ চনত মুকলি কৰিছিল। বাৰ্মা চৰকাৰে ১৯৬৩ চনত ইণ্ডিয়ান বেংকৰ শাখাকে ধৰি সকলো বিদেশী বেংকৰ ৰাষ্ট্ৰীয়কৰণ কৰিছিল।
একত্ৰীকৰণ
৩০ আগষ্ট তাৰিখে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰে যে এলাহাবাদ বেংক, ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰিত কৰা হ'ব। প্ৰস্তাৱিত একত্ৰীকৰণে ₹৮.০৮ লাখ কোটি সম্পত্তিৰ সৈতে দেশৰ সপ্তম সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ বেংক সৃষ্টি কৰিব।৩৪ কেন্দ্ৰীয় কেবিনেটে ২০২০ চনৰ ৪ মাৰ্চত একত্ৰীকৰণত অনুমোদন জনাইছিল। ইণ্ডিয়ান বেঙ্কে ১ এপ্ৰিল, ২০২০ তাৰিখে এলাহাবাদ বেংকৰ সৈতে চামিল হয়।৫
তথ্যসূত্ৰ
- ↑ A BRIEF HISTORY OF THE BANK SINCE ITS INCORPORATION. indianbank.in
- ↑ Kochanek, Stanley A. (1974). Business and Politics in India. University of California Press. পৃ. 152. ISBN 978-0-520-02377-2
- ↑ Bank Merger News: Government unveils mega bank mergers to revive growth from 5-year low · India Business News - Times of India. The Times of India
- ↑ Staff Writer. (30 August 2019). 10 public sector banks to be merged into four. Mint
- ↑ Ghosh, Shayan. (5 March 2020). Three banks announce merger ratios. Livemint
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান বেংক” প্ৰবন্ধৰ সংশোধন ৪৪৬৫৬১ (২০ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।