পঞ্জাৱ নেচনেল বেংক (Punjab National Bank) বা চমুকৈ পিএনবি হৈছে ভাৰতৰ নতুন দিল্লীত মুখ্য কাৰ্যালয় থকা ভাৰতীয় বহুজাতিক বেংকিং আৰু বিত্তীয় সেৱা কোম্পানী। ভাৰতৰ অন্যতম বৃহৎ ৰাজহুৱা খণ্ডৰ বেংক, সমগ্ৰ দেশতে ১১ হাজাৰৰো অধিক শাখা আৰু ১৩ হাজাৰৰো অধিক এটিএম আছে।
ইতিহাস
১৮৯৪ চনত বৰ্তমানৰ পাকিস্তানৰ লাহোৰত পঞ্জাৱ নেচনেল বেংক প্ৰতিষ্ঠা কৰা হৈছিল। লালা লাজপত ৰায়ৰ নেতৃত্বত ভাৰতীয় জাতীয়তাবাদীৰ এটা দলে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ প্ৰসাৰৰ লগতে ভাৰতীয় স্বাধীনতা আন্দোলনক সমৰ্থন কৰাৰ লক্ষ্যৰে এই বেংকটো প্ৰতিষ্ঠা কৰিছিল।১
প্ৰতিষ্ঠাৰ পিছৰ বছৰবোৰত এই বেংকটো দ্ৰুতগতিত বৃদ্ধি পাইছিল আৰু ১৯৪৭ চনত ভাৰত স্বাধীন হোৱাৰ সময়লৈকে ই দেশৰ অন্যতম বৃহৎ বেংকত পৰিণত হৈছিল। স্বাধীনতাৰ পিছৰ বছৰবোৰত পিএনবিয়ে ভাৰত আৰু বিদেশত নিজৰ কাম-কাজ সম্প্ৰসাৰণ কৰি আহিছে।
বেংকৰ চামিলকৰণ
ইউনাইটেড বেংক অৱ ইণ্ডিয়া আৰু অৰিয়েণ্টেল বেংক অৱ কমাৰ্চ ২০২০ চনত পঞ্জাব নেচনেল বেংক (পিএনবি)ৰ সৈতে একত্ৰিত হৈছিল।
একত্ৰীকৰণৰ পিছত পিএনবি ভাৰতৰ দ্বিতীয় বৃহত্তম ৰাজহুৱা খণ্ডৰ বেংক হিচাপে পৰিগণিত হয়, যাৰ মুঠ ব্যৱসায় ১৮ লাখ কোটি টকাৰো অধিক। এই একত্ৰীকৰণে বেংকটোৰ ভৌগোলিক প্ৰসাৰ আৰু গ্ৰাহকৰ ভিত্তিও বৃদ্ধি কৰাত সহায় কৰিছিল।
তথ্যসূত্ৰ
- ↑ Origin of PNB. pnbindia.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্জাৱ নেচনেল বেংক” প্ৰবন্ধৰ সংশোধন ৪৮৪৫৩০ (১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।