ইণ্ডিয়ান অভাৰচিজ বেংক (আই অ’ বি) ভাৰতৰ এটা ৰাজহুৱা খণ্ডৰ বেংক। ১৯৩৭ চনৰ ১০ ফেব্ৰুৱাৰীত প্ৰতিষ্ঠা কৰা এই বেংকটোৰ মুখ্য কাৰ্যালয় তামিলনাডুৰ চেন্নাইত আৰু ই সমগ্ৰ ভাৰতৰ ৩,৩০০ৰো অধিক শাখা আৰু বহিঃৰাজ্যত ৬টা শাখাৰ নেটৱৰ্কৰ জৰিয়তে কাম কৰে। এই বেংকে ব্যক্তিগত বেংকিং, কৰ্পৰেট বেংকিং, আন্তঃৰাষ্ট্ৰীয় বেংকিং, গ্ৰাম্য বেংকিংকে ধৰি বিভিন্ন বিত্তীয় সেৱা আগবঢ়ায়।১
তথ্যসূত্ৰ
- ↑ About us, Indian Overseas Bank. iob.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান অভাৰচিজ বেংক” প্ৰবন্ধৰ সংশোধন ৫৪৬৯৪২ (৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।