অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইউকো বেংক

ইউকো বেংক (ইংৰাজী: UCO Bank) হৈছে ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক আৰু ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত। ১৯৪৩ চনত ইউনাইটেড কমাৰ্চিয়েল বেংক হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হয়। পিছলৈ ইয়াক চমু কৰি ইউকো বেংক কৰা হয়।

হালনাগাদ: ৭ মাৰ্চ ২০২৪ ১৫৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ইউকো বেংক (ইংৰাজী ভাষা: UCO Bank) হৈছে ভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক আৰু ইয়াৰ মুখ্য কাৰ্যালয় পশ্চিমবংগৰ ৰাজধানী কলকাতাত অৱস্থিত। ১৯৪৩ চনত ইউনাইটেড কমাৰ্চিয়েল বেংক হিচাপে ইয়াক প্ৰতিষ্ঠা কৰা হয়। পিছলৈ ইয়াক চমু কৰি ইউকো বেংক কৰা হয়।১ এই বেংকটোৱে ৩ হাজাৰৰো অধিক শাখা পৰিচালনা কৰে আৰু ভাৰতৰ পূব প্ৰান্তত ইয়াৰ শক্তিশালী উপস্থিতি আছে।

ইতিহাস

১৯৪৩ চনত কলকাতাত ইউকো বেংক, ইউনাইটেড কমাৰ্চিয়েল বেংক হিচাপে প্ৰতিষ্ঠা হৈছিল।২ প্ৰথমতে ভাৰতৰ ব্যৱসায়ী সমাজক আৰ্থিক সহায় আগবঢ়াবলৈ এই বেংকটো স্থাপন কৰা হৈছিল আৰু অতি কম সময়তে ই দেশৰ অন্যতম বৃহৎ বেংকত পৰিণত হৈছিল। ১৯৬৯ চনত আন ১৩টা ডাঙৰ বেংকৰ লগতে ভাৰত চৰকাৰে এই বেংকটো ৰাষ্ট্ৰীয়কৰণ কৰে।৩

সঞ্চালন

ইউকো বেংকে ব্যক্তিগত বেংকিং, কৰ্পৰেট বেংকিং, আন্তঃৰাষ্ট্ৰীয় বেংকিংকে ধৰি বহুতো বেংকিং আৰু বিত্তীয় সেৱা আগবঢ়ায়। বেংকটোৱে বীমা, সম্পদ ব্যৱস্থাপনা, বিনিয়োগ বেংকিংকে ধৰি আন বহুতো সেৱাও আগবঢ়ায়।

পূব ভাৰতত বিশেষকৈ পশ্চিম বংগ, ঝাৰখণ্ড, আৰু বিহাৰ ৰাজ্যত ইউচিঅ’ বেংকৰ শক্তিশালী উপস্থিতি আছে। বেংকটোৱে ৩,০০০ৰো অধিক শাখা পৰিচালনা কৰে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হংকং, ছিংগাপুৰ, ডুবাইকে ধৰি ইত্যাদি দেশত ইয়াৰ শাখা আছে।

তথ্যসূত্ৰ

  1. ↑ About us, UCO Bank
  2. ↑ About UCO Bank. aiucbef.com
  3. ↑ Nationalisation of banks in India: History and what was the need? Explained. zeebiz.com

সম্পৰ্কিত শ্ৰেণী

বেংকিংভাৰতৰ ৰাজহুৱা খণ্ডৰ বেংক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউকো বেংক” প্ৰবন্ধৰ সংশোধন ৪১০০৯৮ (৭ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।